1 ULB চামূৱেলৰ মৃত্যু হ’ল। ইস্ৰায়েলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে, আৰু ৰামাত থকা তেওঁৰ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দায়ূদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ’ল। BSB BSB: When Samuel died, all Israel gathered to mourn for him; and they buried him at his home in Ramah. Then David set out and went down to the Wilderness of Paran.
2 ULB সেই সময়ত মায়োনৰ এজন মানুহ আছিল, তেওঁৰ সম্পত্তি কৰ্মিলত আছিল। তেওঁ ধনবান লোক আছিল। তেওঁৰ তিনি হাজাৰ ভেড়া আৰু এক হাজাৰ ছাগলী আছিল; তেওঁ কাৰ্মিলত নিজৰ ভড়াবোৰৰ নোম কাটি আছিল। BSB BSB: Now there was a man in Maon whose business was in Carmel. He was a very wealthy man with a thousand goats and three thousand sheep, which he was shearing in Carmel.
3 ULB তেওঁৰ নাম নাবল আছিল, আৰু তেওঁৰ ভাৰ্য্যাৰ নাম অবীগল আছিল। মহিলাগৰাকী জ্ঞানী আৰু দেখাত ধুনীয়া আছিল, কিন্তু মানুহজন কঠিন-মনা আৰু দুষ্ট আছিল। তেওঁ কালেবৰ বংশৰ আছিল। BSB BSB: His name was Nabal, and his wife’s name was Abigail. She was an intelligent and beautiful woman, but her husband, a Calebite, was harsh and evil in his dealings.
4 ULB দায়ূদে মৰুপ্ৰান্তৰত শুনিলে যে, নাবলে নিজৰ ভেড়াবোৰৰ নোম কটি আছে। BSB BSB: While David was in the wilderness, he heard that Nabal was shearing sheep.
5 ULB সেয়ে দায়ূদে দহ জন যুৱকক সেই ঠাইলৈ পঠালে। দায়ূদে যুৱক সকলক ক’লে, “কৰ্মিলত থকা নাবলৰ ওচৰলৈ যোৱা আৰু মোৰ নামেৰে তেওঁক মঙ্গলবাদ কৰিবা। BSB BSB: So David sent ten young men and instructed them, “Go up to Nabal at Carmel. Greet him in my name
6 ULB তোমালোকে তেওঁক ক’বা, ‘আপোনাৰ মঙ্গল হওক আৰু আপোনাৰ ঘৰৰ মঙ্গল, আৰু আপোনাৰ যি আছে সকলোৰে মঙ্গল হওক। BSB BSB: and say to him, ‘Long life to you, and peace to you and to your house and to all that belongs to you.
7 ULB মই শুনিলোঁ যে আপুনি নোম কটি আছে। আপোনাৰ মেৰৰখীয়াসকল আমাৰ লগত থাকোঁতে, আমি তেওঁলোকক অনিষ্ট কৰা নাছিলোঁ, আৰু তেওঁলোক যেতিয়ালৈকে কৰ্মিলত আছিল, তেতিয়ালৈকে তেওঁলোকৰ একো হেৰুৱা নাছিল। BSB BSB: Now I hear that it is time for shearing. When your shepherds were with us, we did not harass them, and nothing of theirs was missing the whole time they were in Carmel.
8 ULB আপোনাৰ যুৱকসলক সোধক, তেওঁলোকে আপোনাক ক’ব। এই হেতুকে এতিয়া মোৰ যুৱকসকলে আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হওক, কাৰণ আমি শুভ দিনতে আহিছোঁ। আমি বিনয় কৰো, আপোনাৰ দাসসকলক, আৰু আপোনাৰ পুত্ৰ দায়ূদক আপোনাৰ শক্তি অনুসাৰে কিছু দিয়ক’।” BSB BSB: Ask your young men, and they will tell you. So let my young men find favor with you, for we have come on the day of a feast. Please give whatever you can spare to your servants and to your son David.’”
9 ULB যেতিয়া দায়ূদৰ যুৱকসকলে গৈ, দায়ূদৰ হৈ নাবলক সেই সকলো কথা কৈ অপেক্ষা কৰিলে। BSB BSB: When David’s young men arrived, they relayed all these words to Nabal on behalf of David. Then they waited.
10 ULB নাবলে উত্তৰ দি দায়ূদৰ দাসসকলক ক’লে, “দায়ূদ কোন? আৰু যিচয়ৰ পুত্ৰ কোন? আজি-কালি নিজ মালিকৰ পৰা আঁতৰি যোৱা এনে বহুত দাস আছে। BSB BSB: But Nabal asked them, “Who is David? Who is this son of Jesse? Many servants these days are breaking away from their masters.
11 ULB তেন্তে মই মোৰ পিঠা আৰু পানী আৰু মোৰ ভেড়াৰ নোম-কটাসকলৰ কাৰণে ৰখা পশুৰ মাংস, এনে মানুহক দিম নে যি সকল কৰ পৰা আহিছে মই নাজানো? BSB BSB: Why should I take my bread and water and the meat I have slaughtered for my shearers, and give them to these men whose origin I do not know?”
12 ULB তাতে দায়ূদৰ যুৱকসকলে তাৰ পৰা ঘূৰি আহিল, আৰু তেওঁ কোৱা সকলো কথা তেওঁক ক’লে। BSB BSB: So David’s men turned around and went back, and they relayed to him all these words.
13 ULB দায়ূদে নিজৰ লোকসকলক ক’লে, “প্ৰতিজনে তৰোৱাল বান্ধা।” তাতে প্ৰতিজনে নিজ নিজ তৰোৱাল বান্ধিলে, আৰু দায়ূদেও নিজৰ তৰোৱাল বান্ধিলে; দায়ূদৰ লগত প্ৰায় চাৰি শ লোক গ’ল, আৰু সামগ্ৰী ৰাখিবৰ বাবে দুশ লোক থাকিল। BSB BSB: And David said to his men, “Strap on your swords!” So David and all his men strapped on their swords, and about four hundred men followed David, while two hundred stayed with the supplies.
14 ULB কিন্তু দাসসকলৰ এজনে নাবলৰ ভাৰ্য্যা অবীগলক ক’লে, “দায়ূদে আমাৰ প্ৰভুক মঙ্গলবাদ কৰিবলৈ মৰুপ্ৰান্তৰ পৰা বাৰ্তাবাহকক পঠাইছিল, কিন্তু তেওঁ তেওঁলোকক অপমান কৰিলে। BSB BSB: Meanwhile, one of Nabal’s young men informed Nabal’s wife Abigail, “Look, David sent messengers from the wilderness to greet our master, but he screamed at them.
15 ULB কিন্তু সেই লোকসকল আমাৰ পক্ষে বৰ ভাল আছিল; আমি যিমান দিন তেওঁলোকৰ লগত পথাৰত আছিলোঁ, আমাৰ কোনো অপকাৰ হোৱা নাছিল, আৰু একো হেৰোৱাও নাছিল। BSB BSB: Yet these men were very good to us. When we were in the field, we were not harassed, and nothing of ours went missing the whole time we lived among them.
16 ULB আমি যেতিয়ালৈকে তেওঁলোকৰ ওচৰত থাকি মেৰ ৰখিছিলোঁ, তেতিয়ালৈকে তেওঁলোক দিনে-ৰাতিয়ে আমাৰ চাৰিওফালে গড়স্বৰূপ হৈ আছিল। BSB BSB: They were a wall around us, both day and night, the whole time we were herding our sheep near them.
17 ULB সেয়েহে এতিয়া কি কৰা উচিত, সেই বিষয়ে আপুনি বিবেচনা কৰি চাওক; কাৰণ আমাৰ মালিক আৰু তেওঁৰ বংশৰসকলোৰে বিৰুদ্ধে অমঙ্গল থিৰ কৰা হৈছে; কাৰণ তেওঁ এনে দুৰ্জন যে, তেওঁক কোনোৱে একো ক’ব নোৱাৰে। BSB BSB: Now consider carefully what you must do, because disaster looms over our master and all his household. For he is such a scoundrel that nobody can speak to him!”
18 ULB তাতে অবীগলে শীঘ্ৰে দুশ পিঠা, দুবটল দ্ৰাক্ষাৰস, পাঁচটা যুগুত কৰা ভেড়া, পাঁচ চেয়া ভজা শস্য, এশ থোপা শুকান দ্ৰাক্ষাগুটি, আৰু দুশ লদা ডিমৰু গুটি লৈ গাধবোৰৰ পিঠিৰ ওপৰত বোজা দিলে। BSB BSB: Then Abigail hurried and took two hundred loaves of bread, two skins of wine, five butchered sheep, five seahs of roasted grain, a hundred clusters of raisins, and two hundred cakes of figs. She loaded them on donkeys
19 ULB তেওঁ নিজৰ যুৱকজনক ক’লে, “তোমালোক মোৰ আগত যোৱা, আৰু মই তোমালোকৰ পাছত যাম।” কিন্তু তেওঁ নিজৰ স্ৱামী নাবলক হলে, এই বিষয়ে একো নক’লে। BSB BSB: and said to her young men, “Go ahead of me. I will be right behind you.” But she did not tell her husband Nabal.
20 ULB তাৰ পাছত তেওঁ গাধত উঠি পৰ্বতৰ মাজেদি মানুহে দেখা পাব নোৱাৰা বাটেদি নামি গ’ল, তাতে দায়ূদ আৰু তেওঁৰ লোকসকল তেওঁৰ সন্মুখেদি নামি আহিল, আৰু তেওঁ তেওঁলোকক লগ পালে। BSB BSB: As Abigail came riding her donkey into a mountain ravine, she saw David and his men coming down toward her, and she met them.
21 ULB দায়ূদে কৈছিল, “মৰুপ্ৰান্তত থকা তেওঁৰ বস্তুবোৰ মই বৃথাই এনেকৈ পহৰা দিলোঁ যে, তাৰ সকলো বস্তুৰ মাজৰ একোৱেই নেহেৰাল, আৰু তেওঁ উপকাৰৰ সলনি মোলৈ অপকাৰহে কৰিলে। BSB BSB: Now David had just said, “In vain I have protected all that belonged to this man in the wilderness. Nothing that belongs to him has gone missing, yet he has paid me back evil for good.
22 ULB বেলি উদয় হোৱাৰ আগেয়ে মই যদি তেওঁৰ বংশৰ মাজৰ এজন মানুহকো জিৱিত ৰাখোঁ, তেনেহলে ঈশ্বৰে দায়ূদৰ শত্ৰুবোৰলৈ এনেকৈ আৰু তাতকৈ অধিক দণ্ড দিয়ক। BSB BSB: May God punish David, and ever so severely, if I let one male belonging to Nabal survive until morning.”
23 ULB যেতিয়া অবীগলে দায়ূদক দেখিলে, গাধৰ পৰা বেগাই নামি দায়ূদৰ আগত মাটিলৈ মুখ কৰি পৰি প্ৰণিপাত কৰিলে। BSB BSB: When Abigail saw David, she quickly got off the donkey, fell facedown, and bowed before him.
24 ULB আৰু তেওঁৰ ভৰিত পৰি ক’লে, “হে মোৰ প্ৰভু, মোৰ ওপৰতেই এই অপৰাধ পৰক; আৰু মই বিনয় কৰোঁ, আপোনাৰ দাসীক আপোনাৰ আগত কথা ক’বলৈ অনুমতি দিয়ক, আৰু আপোনাৰ দাসীৰ কথা শুনক। BSB BSB: She fell at his feet and said, “My lord, may the blame be on me alone, but please let your servant speak to you; hear the words of your servant.
25 ULB মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে, তেৱোঁ তেনেকুৱাই; তেওঁৰ নাম নাবল (মূৰ্খ), আৰু মূৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল। BSB BSB: My lord should pay no attention to this scoundrel Nabal, for he lives up to his name: His name means Fool, and folly accompanies him. I, your servant, did not see my lord’s young men whom you sent.
26 ULB এতিয়া হে মোৰ প্ৰভু, মই যিহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দোষত দোষী হ’বলৈ, আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যিহোৱাই আপোনাক নিবাৰণ কৰিলে, এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ, মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক। BSB BSB: Now, my lord, as surely as the LORD lives and you yourself live, since the LORD has held you back from bloodshed and from avenging yourself with your own hand, may your enemies and those who seek harm for my lord be like Nabal.
27 ULB আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছোঁ, সেই উপহাৰ এনে যুৱক সকলক দিয়া হওক, যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে। BSB BSB: Now let this gift your servant has brought to my lord be given to the young men who follow you.
28 ULB মই বিনয় কৰোঁ, আপোনাৰ দাসীৰ অপৰাধ ক্ষমা কৰক, কাৰণ যিহোৱাই নিশ্চয় মোৰ প্ৰভুৰ বংশ চিৰস্থায়ী কৰিব, কাৰণ মোৰ প্ৰভুৱে যিহোৱাৰ কাৰণে যুদ্ধ কৰিছে; আৰু আপোনাৰ জীৱনৰ শেষলৈকে আপোনাৰ কোনো অমঙ্গল দেখা নাযাব। BSB BSB: Please forgive your servant’s offense, for the LORD will surely make a lasting dynasty for my lord, because he fights the LORD’s battles. May no evil be found in you as long as you live.
29 ULB আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও, আপোনাৰ ঈশ্বৰ যিহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিঙ্গাত ৰাখি দলিয়াই পেলাব। BSB BSB: And should someone pursue you and seek your life, then the life of my lord will be bound securely by the LORD your God in the bundle of the living. But He shall fling away the lives of your enemies like stones from a sling.
30 ULB যিহোৱাই মোৰ প্ৰভুৰ বিষয়ে যিবোৰ মঙ্গলৰ কথা কৈছে, সেইবোৰ যেতিয়া তেওঁ সফল কৰি আপোনাক ইস্ৰায়েলৰ ওপৰত অধিপতি নিযুক্ত কৰিব, BSB BSB: When the LORD has done for my lord all the good He promised, and when He has appointed you ruler over Israel,
31 ULB তেতিয়া অকাৰণে হোৱা ৰক্তপাতৰ আৰু আত্ম-প্ৰতিকাৰ-সাধনৰ বাবে মোৰ প্ৰভুৰ হৃদয়ত অসন্তুষ্টি বা শোক নজন্মিব, আৰু যেতিয়া যিহোৱাই মোৰ প্ৰভুৰ মঙ্গল কৰিব, তেতিয়া আপোনাৰ এই দাসীক সোঁৱৰণ কৰিব।” BSB BSB: then my lord will have no remorse or guilt of conscience over needless bloodshed and revenge. And when the LORD has dealt well with my lord, may you remember your servant.”
32 ULB দায়ূদে অবীগলক ক’লে, “আজি মোৰ লগত তোমাক সাক্ষাৎ কৰিবলৈ যি জনাই তোমাক পঠালে, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য। BSB BSB: Then David said to Abigail, “Blessed be the LORD, the God of Israel, who sent you to meet me this day!
33 ULB আৰু তোমাৰ বিবেচনা ধন্য, আৰু আজিৰ দিনত ৰক্তপাতৰ দোষৰ ও আত্ম-প্ৰতিকাৰ-সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমি, তুমিও ধন্য। BSB BSB: Blessed is your discernment, and blessed are you, because today you kept me from bloodshed and from avenging myself by my own hand.
34 ULB কাৰণ সঁচাকৈয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, তেওঁ তোমাক আঘাত কৰিবলৈ মোক বাধা কৰিলে, তুমি মোক ল’গ কৰিবলৈ শীঘ্ৰে নহা হ’লে, নিশ্চয়ে নাবলৰ সম্পৰ্কীয়সকলৰ মাজৰ সৰু ল’ৰা এজনো ৰাতি পুৱালৈ অৱশিষ্ট নাথাকিলেহেঁতেন।” BSB BSB: Otherwise, as surely as the LORD, the God of Israel, lives, who has restrained me from harming you, if you had not come quickly to meet me, then surely no male belonging to Nabal would have been left alive by morning light.”
35 ULB সেয়েহে দায়ূদে তেওঁৰ বাবে অনা বস্তুবোৰ তেওঁৰ হাতৰ পৰা লৈ তেওঁক ক’লে, “তুমি শান্তিৰে ঘৰলৈ যোৱা; মই তোমাৰ কথা শুনিলোঁ আৰু গ্ৰহণ কৰিলোঁ।” BSB BSB: Then David accepted from her hand what she had brought him, and he said to her, “Go home in peace. See, I have heeded your voice and granted your request.”
36 ULB তাৰ পাছত অবীগল নাবলৰ ওচৰলৈ আহিল; আৰু চালে, যে নাবল ৰজাৰ ভোজনৰ দৰে তেওঁৰ ঘৰত ভোজ পাতিছে, আৰু তেওঁ অতিশয় মাতাল হৈ আছিলা আৰু তেওঁৰ মন প্ৰফুল্লিত হৈ আছিল; এই হেতুকে অবীগলে ৰাতিপুৱা নোহোৱালৈকে সেই বিষয়ৰ একোকে তেওঁৰ আগত নক’লে। BSB BSB: When Abigail returned to Nabal, there he was in the house, holding a feast fit for a king, in high spirits and very drunk. So she told him nothing until morning light.
37 ULB ৰাতিপুৱা নাবলৰ দ্ৰাক্ষাৰসৰ নিচা শেষ হৈ যোৱাৰ পাছত তেওঁৰ ভাৰ্যাই তেওঁৰ আগত সেই সকলো কথা ক’লে, তেতিয়া তেওঁৰ অন্তৰ ঠৰ হৈ গ’ল আৰু তেওঁৰ হৃদয় শিলৰ দৰে হ’ল। BSB BSB: In the morning when Nabal was sober, his wife told him about these events, and his heart failed within him, and he became like a stone.
38 ULB আৰু প্ৰায় দহ দিনমানৰ পাছত, যিহোৱাই নাবলক আঘাত কৰিলে অৰু তেওঁৰ মৃত্যু হ’ল। BSB BSB: About ten days later, the LORD struck Nabal dead.
39 ULB দায়ূদে নাবলৰ মৃত্যুৰ কথা শুনি ক’লে, “যিহোৱা ধন্য; নাবলৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পতি কৰিলে, আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে; আৰু নাবলৰ যি দুষ্কৰ্ম্ম, তাৰ প্ৰতিফল যিহোৱাই তাৰ মূৰত দিলে।” তাৰ পাছত দায়ূদে অবীগলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে। BSB BSB: On hearing that Nabal was dead, David said, “Blessed be the LORD, who has upheld my cause against the reproach of Nabal and has restrained His servant from evil. For the LORD has brought the wickedness of Nabal down upon his own head.” Then David sent word to Abigail, asking her to become his wife.
40 ULB যেতিয়া দায়ূদৰ দাস সকলে কৰ্মিলত থকা অবীগলৰ ওচৰলৈ গৈ তেওঁক ক’লে, “দায়ূদে আপোনাক বিবাহ কৰিবৰ অৰ্থে আপোনাক নিবলৈ আপোনাৰ ওচৰলৈ আমাক পঠালে।” BSB BSB: When his servants came to Abigail at Carmel, they said, “David has sent us to take you as his wife.”
41 ULB তেতিয়া তেওঁ উঠি মাটিলৈ মুখ দি পৰি প্ৰণিপাত কৰি ক’লে, “চাওক, আপোনাৰ এই দাসী মোৰ প্ৰভুৰ দাসসকলৰ ভৰি ধুৱাবলৈ যুগুত আছে।” BSB BSB: She arose, bowed facedown, and said, “Here is your servant, ready to serve and to wash the feet of my lord’s servants.”
42 ULB অবীগলে শীঘ্ৰে গাধত উঠি, নিজৰ পাঁচ জনী যুৱতী দাসীৰ সৈতে দায়ূদৰ বার্তাবাহকসকলৰ পাছত গ’ল, আৰু দায়ূদৰ ভাৰ্যা হ’ল। BSB BSB: So Abigail hurried and got on a donkey, and attended by five of her maidens, she followed David’s messengers and became his wife.
43 ULB দায়ূদে যিজ্ৰিয়েলীয়া অহীনোৱমকো বিয়া কৰিছিল; তাতে এই দুয়ো জনী তেওঁৰ ভাৰ্যা হ’ল। BSB BSB: David had also married Ahinoam of Jezreel. So she and Abigail were both his wives.
44 ULB কিন্তু চৌলে নিজৰ জীয়েক দায়ূদৰ ভাৰ্যা মীখলক লৈ, গল্লীম-নিবাসী লয়িচৰ পুত্র পলটিক দিছিল। BSB BSB: But Saul had given his daughter Michal, David’s wife, to Palti son of Laish, who was from Gallim.
Select verses for actions: Enter goes to them and Escape comes back.