1 ULB পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব, BSB BSB: Now the Spirit expressly states that in later times some will abandon the faith to follow deceitful spirits and the teachings of demons,
2 ULB কপট অাচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হ’ব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷ BSB BSB: influenced by the hypocrisy of liars, whose consciences are seared with a hot iron.
3 ULB এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷ BSB BSB: They will prohibit marriage and require abstinence from certain foods that God has created to be received with thanksgiving by those who believe and know the truth.
4 ULB কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়, BSB BSB: For every creation of God is good, and nothing that is received with thanksgiving should be rejected,
5 ULB কিয়নো ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়। BSB BSB: because it is sanctified by the word of God and prayer.
6 ULB এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷ BSB BSB: By pointing out these things to the brothers, you will be a good servant of Christ Jesus, nourished by the words of faith and sound instruction that you have followed.
7 ULB কিন্তু নিন্দাযুক্ত, অসাৰ, আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ঈশ্বৰভক্তিত নিপুণ হ’বলৈ অভ্যাস কৰিবা। BSB BSB: But reject irreverent, silly myths. Instead, train yourself for godliness.
8 ULB কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ঈশ্বৰভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে। BSB BSB: For physical exercise is of limited value, but godliness is valuable in every way, holding promise for the present life and for the one to come.
9 ULB এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহন কৰিব পৰা, সম্পূর্ণ উপযোগী। BSB BSB: This is a trustworthy saying, worthy of full acceptance.
10 ULB কিয়নো এই আশাৰে আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণে কষ্ট কৰোঁ৷ কাৰণ যি জন সকলো লোকৰ, বিশেষকৈ বিশ্বাসী সকলৰ ত্রাণকর্তা, সেই জীৱনময় ঈশ্বৰৰ ওপৰত আমি আশা কৰোঁ। BSB BSB: To this end we labor and strive, because we have set our hope on the living God, who is the Savior of everyone, and especially of those who believe.
11 ULB তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা। BSB BSB: Command and teach these things.
12 ULB তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা। BSB BSB: Let no one despise your youth, but set an example for the believers in speech, in conduct, in love, in faith, in purity.
13 ULB মই নোযোৱালৈকে তুমি লোক সমূহক পঢ়োৱাত, উদগণি দিয়াত আৰু শিক্ষা প্ৰচাৰ কৰা কাৰ্যত মনোযোগ দি থাকিবা। BSB BSB: Until I come, devote yourself to the public reading of Scripture, to exhortation, and to teaching.
14 ULB যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল। BSB BSB: Do not neglect the gift that is in you, which was given you through the prophecy spoken over you at the laying on of the hands of the elders.
15 ULB এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকে তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি দেখা পাব। BSB BSB: Be diligent in these matters and absorbed in them, so that your progress will be evident to all.
16 ULB তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্রাণ কৰাব পাৰিবা। BSB BSB: Pay close attention to your life and to your teaching. Persevere in these things, for by so doing you will save both yourself and those who hear you.
Select verses for actions: Enter goes to them and Escape comes back.