1 ULB বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷ BSB BSB: Do not rebuke an older man, but appeal to him as to a father. Treat younger men as brothers,
2 ULB বৃদ্ধা মহিলা সকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতী সকলক সম্পূর্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা। BSB BSB: older women as mothers, and younger women as sisters, with absolute purity.
3 ULB যি সকল প্ৰকৃত বিধৱা, সঁচাই অকলশৰীয়া সেই সকলক সমাদৰ কৰিবা। BSB BSB: Honor the widows who are truly widows.
4 ULB কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়। BSB BSB: But if a widow has children or grandchildren, they must first learn to show godliness to their own family and repay their parents, for this is pleasing in the sight of God.
5 ULB কিন্তু যি গৰাকী প্ৰকৃত বিধৱা আৰু অকলশৰীয়া, তেওঁ ঈশ্বৰত কৰা বিশ্ৱাস সুনিশ্চিত ৰাখি, ৰাতিয়ে-দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকক। BSB BSB: The widow who is truly in need and left all alone puts her hope in God and continues night and day in her petitions and prayers.
6 ULB কিন্তু যি গৰাকী ইন্দ্ৰিয় সুখত মগ্ন থাকে, তেওঁ জীয়াই থাকিও মৰা। BSB BSB: But she who lives for pleasure is dead even while she is still alive.
7 ULB এইবোৰৰ বিষয়ে তুমি আদেশ দিবা, যাতে তেওঁলোক নিৰ্দোষী হয়। BSB BSB: Give these instructions to the believers, so that they will be above reproach.
8 ULB কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল। BSB BSB: If anyone does not provide for his own, and especially his own household, he has denied the faith and is worse than an unbeliever.
9 ULB এগৰাকী বিধৱা বুলি এনে মহিলা সকলৰ নাম তালিকাভুক্ত হওক: যি গৰাকীৰ বয়স ষাঠিতকৈ কম নহয় আৰু তেওঁ এজন স্বামীৰ ভার্যা আছিল। BSB BSB: A widow should be enrolled if she is at least sixty years old, faithful to her husband,
10 ULB তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্ম্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷ BSB BSB: and well known for good deeds such as bringing up children, entertaining strangers, washing the feet of the saints, imparting relief to the afflicted, and devoting herself to every good work.
11 ULB কিন্তু যুৱতী বিধৱা সকলক গ্ৰহণ নকৰিবা, কিয়নো তেওঁলোকে ইন্দ্রিয়-সুখাভিলাষিনী হৈ খ্রীষ্টৰ বিৰুদ্ধে গৈ বিয়া হ’বলৈ ইচ্ছা কৰিব। BSB BSB: But refuse to enroll younger widows. For when their passions draw them away from Christ, they will want to marry,
12 ULB এইদৰে তেওঁলোকে পূৰ্বৰ শপত প্রত্যাহাৰ কৰি নিজলৈ দণ্ডাজ্ঞা লৈ আহে। BSB BSB: and thus will incur judgment because they are setting aside their first faith.
13 ULB ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ ক’বলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়। BSB BSB: At the same time they will also learn to be idle, going from house to house and being not only idle, but also gossips and busybodies, discussing things they should not mention.
14 ULB এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে শত্রুক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ চলাওক। BSB BSB: So I advise the younger widows to marry, have children, and manage their households, denying the adversary occasion for slander.
15 ULB কিয়নো ইতিমধ্যে কোনো কোনোৱে এনেদৰে চয়তানৰ পাছত বিপথে গ’ল। BSB BSB: For some have already turned aside to follow Satan.
16 ULB যদি কোনো বিশ্বাসী মহিলাৰ মাজত বিধৱা সকল থাকে, তেনেহলে মণ্ডলীক ভাৰগ্রস্ত নকৰি তেৱেঁই সেই সকলৰ উপকাৰ কৰক, যাতে মণ্ডলীয়ে প্ৰকৃত বিধৱা সকলক সাহায্য কৰিব পাৰে। BSB BSB: If any believing woman has dependent widows, she must assist them and not allow the church to be burdened, so that it can help the widows who are truly in need.
17 ULB যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য প্ৰচাৰ কৰাত আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক। BSB BSB: Elders who lead effectively are worthy of double honor, especially those who work hard at preaching and teaching.
18 ULB কিয়নো ধৰ্মশাস্ত্ৰৰ বচনত কৈছে, “মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু “বনুৱা নিজ বেচৰ যোগ্য।” BSB BSB: For the Scripture says, “Do not muzzle an ox while it is treading out the grain,” and, “The worker is worthy of his wages.”
19 ULB পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা। BSB BSB: Do not entertain an accusation against an elder, except on the testimony of two or three witnesses.
20 ULB আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা। BSB BSB: But those who persist in sin should be rebuked in front of everyone, so that the others will stand in fear of sin.
21 ULB ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় নিৰ্দেশনা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা। BSB BSB: I solemnly charge you before God and Christ Jesus and the elect angels to maintain these principles without bias, and to do nothing out of partiality.
22 ULB কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা। BSB BSB: Do not be too quick in the laying on of hands and thereby share in the sins of others. Keep yourself pure.
23 ULB তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ দ্রাক্ষাৰস পান কৰিবা। BSB BSB: Stop drinking only water and use a little wine instead, because of your stomach and your frequent ailments.
24 ULB কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ-পথত অগ্ৰগামী হয় আৰু কোনো কোনো লোকৰ পাপ পাছত স্পষ্ট হয়৷ BSB BSB: The sins of some men are obvious, going ahead of them to judgment; but the sins of others do not surface until later.
25 ULB ঠিক সেইদৰে মানুহৰ সৎ কর্মবোৰো সহজে প্রকাশ পায়। যদিও সেইবোৰৰ কিছুমান স্পষ্ট ৰূপত দেখা পোৱা নাযায়, তথাপি সেইবোৰক চিৰদিনৰ বাবে গুপ্ত কৰি ৰাখিব নোৱাৰি। BSB BSB: In the same way, good deeds are obvious, and even the ones that are inconspicuous cannot remain hidden.
Select verses for actions: Enter goes to them and Escape comes back.