1 ULB মই বিচাৰো যেন আপোনালোকে মোৰ যৎকিঞ্চিত অজ্ঞানতাৰ প্ৰতি সহন কৰে, প্ৰকৃততে আপোনালোকে মোৰ প্ৰতি সহন কৰি আছে। BSB BSB: I hope you will put up with a little of my foolishness, but you are already doing that.
3 ULB কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷ BSB BSB: I am afraid, however, that just as Eve was deceived by the serpent’s cunning, your minds may be led astray from your simple and pure devotion to Christ.
4 ULB কিয়নো যি জন যীচুৰ কথা আমি ঘোষণা কৰোঁ, এনে আন কোনো যীচুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে বা আপোনালোকে যি আত্মা পোৱা নাই, এনে অন্যবিধ আত্মাও যদি পোৱা; নাইবা যি শুভবাৰ্তা আপোনালোকে গ্ৰহণ কৰা নাই, এনে অন্যবিধ শুভবাৰ্তাও যদি গ্ৰহণ কৰে, তেনেহলে আপোনালোকে সেয়া ভালকৈ সহন কৰক৷ BSB BSB: For if someone comes and proclaims a Jesus other than the One we proclaimed, or if you receive a different spirit than the One you received, or a different gospel than the one you accepted, you put up with it very easily.
5 ULB কাৰণ মোৰ মতে, সেই অতি প্ৰধান পাঁচনি সকলতকৈ মই অলপো নিকৃষ্ট নহয়। BSB BSB: I consider myself in no way inferior to those “super-apostles.”
6 ULB কিন্তু যদিও বক্তৃতাত মই অ-প্ৰশিক্ষণপ্ৰাপ্ত হওঁ, কিন্তু মই জ্ঞানত হ’লে অ-প্ৰশিক্ষণপ্ৰাপ্ত নহওঁ; সকলো ধৰণে আৰু সকলো বিষয়কে আমি আপোনালোকক প্ৰকাশ কৰিলোঁ। BSB BSB: Although I am not a polished speaker, I am certainly not lacking in knowledge. We have made this clear to you in every way possible.
7 ULB আপোনালোক সন্মানিত হ’বলৈ, মই নিজকে নম্ৰ কৰি বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্তা আপোনালোকৰ আগত প্ৰচাৰ কৰোঁতে, মই পাপ কৰিলোঁ নে? BSB BSB: Was it a sin for me to humble myself in order to exalt you, because I preached the gospel of God to you free of charge?
8 ULB মই আন মণ্ডলী সমূহৰ ধন অপহৰণ কৰিলোঁ আৰু তেওঁলোকৰ সাহায্য গ্ৰহণ কৰিলোঁ, যাতে ইয়াৰ যোগেদি মই আপোনালোকৰ পৰিচৰ্যা কৰিব পাৰোঁ৷ BSB BSB: I robbed other churches by accepting their support in order to serve you.
9 ULB আৰু আপোনালোকৰ লগত থাকোঁতে, যেতিয়া মোৰ নাটনি হৈছিল, তেতিয়া মই আপোনালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিলোঁ; কিয়নো ভাই সকলে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱৰ সময়ত সহায় কৰিলে; আৰু কোনো বিষয়তে আপোনালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ; আৰু মই নিজকে এনেদৰেই ৰাখিম। BSB BSB: And when I was with you and in need, I was not a burden to anyone; for the brothers who came from Macedonia supplied my needs. I have refrained from being a burden to you in any way, and I will continue to do so.
10 ULB খ্ৰীষ্টৰ সত্যতা যেনেকৈ মোৰ লগত বাস কৰি আছে, তেনেদৰে মোৰ এই গৰ্ব আখায়াৰ সকলো অঞ্চলত বন্ধ কৰা নহব। BSB BSB: As surely as the truth of Christ is in me, this boasting of mine will not be silenced in the regions of Achaia.
11 ULB আৰু কিয়? মই আপোনালোকক প্ৰেম নকৰাৰ কাৰণে নে? ঈশ্বৰে জানে, মই যে আচলতে প্রেম কৰোঁ৷ BSB BSB: Why? Because I do not love you? God knows I do!
12 ULB কিন্তু মই এতিয়া যি কৰি আছোঁ, ভৱিষ্যতেও ইয়াকে কৰি থাকিম; যাতে ছিদ্ৰ বিচৰা লোক সকলে যি বিষয়ত গৰ্ব কৰে, সেই বিষয়ত যেন তেওঁলোক আমাৰ নিচিনা হ’ব পৰে, আৰু আমি যেন তেওঁলোকৰ সেই ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিব পাৰোঁ। BSB BSB: But I will keep on doing what I am doing, in order to undercut those who want an opportunity to be regarded as our equals in the things of which they boast.
13 ULB কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ। BSB BSB: For such men are false apostles, deceitful workers, masquerading as apostles of Christ.
14 ULB এই কথা আচৰিত নহয়, কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে। BSB BSB: And no wonder, for Satan himself masquerades as an angel of light.
15 ULB এতেকে তাৰ দাস সকলেও ধাৰ্মিক দাস সকলৰ বেশ ধৰাটো বৰ মহৎ বিষয় নহয়; কিন্তু তেওঁলোকৰ নিজ কৰ্মৰ দ্ৱাৰাই তেওঁলোকৰ শেষ হ’ব৷ BSB BSB: It is not surprising, then, if his servants masquerade as servants of righteousness. Their end will correspond to their actions.
16 ULB মই আকৌ কৈছোঁ, আপোনালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাবিবা; কিন্তু যদিও ভাবে, তাৰ বাবে মোক অজ্ঞানৰ দৰেই গ্ৰহণ কৰিব, যাতে মই যৎকিঞ্চিৎ গৰ্ব কৰিব পাৰোঁ৷ BSB BSB: I repeat: Let no one take me for a fool. But if you do, then receive me as a fool, so that I too may boast a little.
17 ULB মই যি দৰে এই আত্মবিশ্ৱাসী গৰ্ব কথা কৈছোঁ, তেনেদৰে প্ৰভুৱে উদগণি নিদিয়ে কিন্তু মই নিশ্চিত জ্ঞানেৰে কৈছোঁ। BSB BSB: In this confident boasting of mine, I am not speaking as the Lord would, but as a fool.
18 ULB কিয়নো অনেকে মাংস অনুসাৰে গৰ্ব কৰে, সেই বাবে ময়ো গৰ্ব কৰিম। BSB BSB: Since many are boasting according to the flesh, I too will boast.
19 ULB কিয়নো আপোনালোকে জ্ঞানৱন্ত হৈ আনন্দেৰেহে অজ্ঞানবোৰক সহন কৰে। BSB BSB: For you gladly put up with fools, since you are so wise.
20 ULB কাৰণ কোনোৱে যদি আপোনালোকক দাস কৰে, কোনোৱে যদি আপোনালোকৰ মাজত মতভেদ জন্মাই, কোনোৱে যদি আপোনাৰ পৰা লাভ বিচাৰে, কোনোৱে যদি নিজকে অহংকাৰ কৰে, কোনোৱে যদি আপোনালোকক চৰ মাৰে, তথাপি আপোনালোকে সহন কৰে। BSB BSB: In fact, you even put up with anyone who enslaves you or exploits you or takes advantage of you or exalts himself or strikes you in the face.
21 ULB হয়, আমি এক প্ৰকাৰ দূৰ্বলীয়েই আছিলোঁ, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছোঁ। যেতিয়া যি কোনো কথাত যদি কোনো ব্যক্তিয়ে গৰ্ব কৰে, মই যদি অজ্ঞানতাৰে কৈছোঁ, তেনেহ’লে মইয়ো গৰ্ব কৰিম। BSB BSB: To my shame I concede that we were too weak for that! Speaking as a fool, however, I can match what anyone else dares to boast about.
22 ULB তেখেত সকল ইব্ৰী লোক নে? মইয়ো হওঁ। তেখেত সকল ইস্ৰায়েলীয়া নে? মইয়ো হওঁ। তেখেত সকল অব্ৰাহামৰ বংশ নে? মইয়ো হওঁ। BSB BSB: Are they Hebrews? So am I. Are they Israelites? So am I. Are they descendants of Abraham? So am I.
23 ULB তেখেত সকল খ্ৰীষ্টৰ দাস নে? (মই যদি হত বুদ্ধিৰ দৰে কৈছোঁ), মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ৰ সন্মুখীন হ’লো৷ BSB BSB: Are they servants of Christ? (I am speaking as if I were out of my mind.) I am so much more: in harder labor, in more imprisonments, in worse beatings, in frequent danger of death.
24 ULB অৰ্থাৎ পাঁচ বাৰ ইহুদী সকলৰ হাতেৰে ‘এক কম দুকুৰি’ (ঊনচল্লিশ) কোব খাইছিলোঁ৷ BSB BSB: Five times I received from the Jews the forty lashes minus one.
25 ULB তিনি বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, তিনি বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ; BSB BSB: Three times I was beaten with rods, once I was stoned, three times I was shipwrecked. I spent a night and a day in the open sea.
26 ULB অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতীয় সকলৰ পৰা হোৱা সংকটত, অনা-ইহুদী সকলৰ পৰা হোৱা সঙ্কটত, নগৰত থাকি পোৱা সঙ্কটত, মৰুভূমিত থাকি পোৱা সঙ্কটত, সাগৰত থাকি পোৱা সঙ্কটত, ভাঁৰিকোৱা ভাই সকলৰ মাজত থাকি পোৱা সঙ্কটত৷ BSB BSB: In my frequent journeys, I have been in danger from rivers and from bandits, in danger from my countrymen and from the Gentiles, in danger in the city and in the country, in danger on the sea and among false brothers,
27 ULB পৰিশ্ৰম আৰু দুর্ভোগত আৰু বহু ৰাতিৰ টোপনি-খতিত, লঘোনে থকাত আৰু পিয়াহত আৰু একো খাদ্য নোহোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত, মই এই সকলো ভোগ কৰিছিলোঁ৷ BSB BSB: in labor and toil and often without sleep, in hunger and thirst and often without food, in cold and exposure.
28 ULB এইবোৰ বিষয় বাদ দিলেও, বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈ আছে। BSB BSB: Apart from these external trials, I face daily the pressure of my concern for all the churches.
29 ULB কাৰ দূৰ্ব্বলতাত মই দূৰ্বল হোৱা নাই? যেতিয়া কোনো এজনে আন এজনক পাপত পেলাই, তেতিয়াই মোৰ অন্তৰত দুখৰ জ্বালা নহয় নে? BSB BSB: Who is weak, and I am not weak? Who is led into sin, and I do not burn with grief?
30 ULB মই যদি গৰ্ব কৰিব লগা হয়, তেনেহলে মোৰ নানা দূৰ্ব্বলতাৰ বিষয়ে মই গৰ্ব কৰিম। BSB BSB: If I must boast, I will boast of the things that show my weakness.
31 ULB মই যে মিছা নকওঁ, সেই বিষয়ে প্ৰভু যীচুৰ পিতৃ ঈশ্বৰ, যি জন চিৰকাল ধন্য, তেওঁ জানে। BSB BSB: The God and Father of the Lord Jesus, who is forever worthy of praise, knows that I am not lying.
32 ULB দম্মেচকত ৰজা আৰিতাৰ তলৰ অধিপতিয়ে মোক ধৰিবৰ আশয়েৰে দম্মেচকীয়া সকলৰ নগৰ পহৰা দিয়াইছিল; BSB BSB: In Damascus, the governor under King Aretas secured the city of the Damascenes in order to arrest me.
33 ULB কিন্তু খিড়িকিয়েদি পাচিৰে গড়েদি নমাই দিয়াত, তেওঁৰ হাতৰ পৰা সাৰিলোঁ। BSB BSB: But I was lowered in a basket through a window in the wall and escaped his grasp.
Select verses for actions: Enter goes to them and Escape comes back.