1 ULB মই, যি পৌল, নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ, মই আপোনালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি সাহিয়াল৷ BSB BSB: Now by the mildness and gentleness of Christ, I appeal to you—I, Paul, who am humble when face to face with you, but bold when away.
2 ULB মই আপোনালোকক মিনতি কৰিছোঁ যে, যেতিয়া মই আপোনালোকৰ সৈতে থাকো, তেতিয়া যেন মই আত্মবিশ্ৱাসৰ সাহসেৰে সাহসী নহওঁ; কিন্তু যেতিয়া আমাক যি সকলে মাংস অনুসাৰে চলা বুলি জ্ঞান কৰিব, তেতিয়া সেই সকলৰ বিৰুদ্ধে মই যেনে আৱশ্যকতা জ্ঞান কৰিছোঁ, উপস্থিত কালত তেনে সাহসেৰে মই সাহিয়াল হম৷ BSB BSB: I beg you that when I come I may not need to be as bold as I expect toward those who presume that we live according to the flesh.
3 ULB কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ; BSB BSB: For though we live in the flesh, we do not wage war according to the flesh.
4 ULB (কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয়, কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷) BSB BSB: The weapons of our warfare are not the weapons of the flesh. Instead, they have divine power to demolish strongholds.
5 ULB আমি ঈশ্বৰৰ জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা সকলো অহংকাৰৰ বিষয়বোৰ ভাঙি পেলালো, আৰু সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ; BSB BSB: We demolish arguments and every presumption set up against the knowledge of God; and we take captive every thought to make it obedient to Christ.
6 ULB আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ। BSB BSB: And we will be ready to punish every act of disobedience, as soon as your obedience is complete.
7 ULB সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক। BSB BSB: You are looking at outward appearances. If anyone is confident that he belongs to Christ, he should remind himself that we belong to Christ just as much as he does.
8 ULB আমাৰ ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক গৰ্ব কৰোঁ, এই ক্ষমতা প্ৰভুৱে আপোনালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু আপোনালোকক বৃদ্ধি কৰিবলৈ দিলে৷ তথাপি সেই বিষয়ে মই লজ্জিত নহ’ম৷ BSB BSB: For even if I boast somewhat excessively about the authority the Lord gave us for building you up rather than tearing you down, I will not be ashamed.
9 ULB মোৰ পত্ৰবোৰৰ দ্বাৰই, মই আপোনালোকক ভয় দেখুওৱা নাই; BSB BSB: I do not want to seem to be trying to frighten you by my letters.
10 ULB কিয়নো কিছুমান ব্যক্তিয়ে কয়, “তেখেতৰ পত্ৰবোৰ গুৰুত্ৱপূর্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দূৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য৷” BSB BSB: For some say, “His letters are weighty and forceful, but his physical presence is unimpressive, and his speaking is of no account.”
11 ULB আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছোঁ, উপস্থিত হ’লে আমি কাৰ্যতো তেনেকুৱাই বুলি, সেই মানুহবোৰে বিবেচনা কৰি জানিব। BSB BSB: Such people should consider that what we are in our letters when absent, we will be in our actions when present.
12 ULB কিয়নো নিজকে নিজে প্ৰশংসা কৰা লোক সকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰোঁ; কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সুক্ষ্মদৃষ্টি কৰে৷ BSB BSB: We do not dare to classify or compare ourselves with some who commend themselves. When they measure themselves by themselves and compare themselves with themselves, they show their ignorance.
13 ULB কিন্তু আমি হ’লে অপৰিমিত ৰূপে গৰ্ব নকৰো, কিন্তু ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি, আপোনালোকৰ ওচৰলৈকে পোৱা কৰিলে, আমি সেই পৰিমাণ অনুসাৰে গৰ্ব কৰিম। BSB BSB: We, however, will not boast beyond our limits, but only within the field of influence that God has assigned to us—a field that reaches even to you.
14 ULB কিয়নো আপোনালোকৰ সেই খিনিলৈকে আমাৰ স্বত্ব নথকাৰ দৰে, আমি নিজক ডাঙৰ কৰা নাই; কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে কৰোঁতে, আমি আপোনালোকৰ ওচৰ গৈ পাইছিলোঁ৷ BSB BSB: We are not overstepping our bounds, as if we had not come to you. Indeed, we were the first to reach you with the gospel of Christ.
15 ULB আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৰ্ব কৰিছোঁ, এনে নহয়; কিন্তু আশা কৰোঁ, লোকৰ বিশ্বাস বাঢ়িলে, আমাৰ পৰিমাণ-জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ’ম৷ BSB BSB: Neither do we boast beyond our limits in the labors of others. But we hope that as your faith increases, our area of influence among you will greatly increase as well,
16 ULB অামি আপোনালোকৰ সিমূৰে থকা অঞ্চলতো শুভবার্তাৰ প্ৰচাৰ কৰিব পাৰিম৷ আমি আন লোকৰ অঞ্চলত কৰা কামৰ গৰ্ব নকৰিম৷ BSB BSB: so that we can preach the gospel in the regions beyond you. Then we will not be boasting in the work already done in another man’s territory.
17 ULB “কিন্তু যি জনে গৰ্ব কৰে, তেওঁ প্ৰভুতেই গৰ্ব কৰক।” BSB BSB: Rather, “Let him who boasts boast in the Lord.”
18 ULB কিয়নো যি জনে নিজকে নিজে যোগ্য-পাত্ৰ দেখুৱাই, তেখেত অনুমোদিত নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্য-পাত্ৰ জ্ঞান কৰে, তেখেতহে অনুমোদিত। BSB BSB: For it is not the one who commends himself who is approved, but the one whom the Lord commends.
Select verses for actions: Enter goes to them and Escape comes back.