1 ULB কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই৷ BSB BSB: Now about the service to the saints, there is no need for me to write to you.
2 ULB মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৰ্ব কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে। BSB BSB: For I know your eagerness to help, and I have been boasting to the Macedonians that since last year you in Achaia were prepared to give. And your zeal has stirred most of them to do likewise.
3 ULB এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠিয়ালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৰ্ব যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, তেনেকৈ আপোনালোক যেন প্ৰস্তুত হৈ থাকে৷ BSB BSB: But I am sending the brothers in order that our boasting about you in this matter should not prove empty, but that you will be prepared, just as I said.
4 ULB নহলে মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম; মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ৷ BSB BSB: Otherwise, if any Macedonians come with me and find you unprepared, we—to say nothing of you—would be ashamed of having been so confident.
5 ULB সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখিলো, আৰু আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷ BSB BSB: So I thought it necessary to urge the brothers to visit you beforehand and make arrangements for the generous gift you had promised. This way, your gift will be prepared generously and not begrudgingly.
6 ULB কিন্তু সেই বিষয়ে সাৰ কথা এই: যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব। BSB BSB: Remember this: Whoever sows sparingly will also reap sparingly, and whoever sows generously will also reap generously.
7 ULB প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে। BSB BSB: Each one should give what he has decided in his heart to give, not out of regret or compulsion. For God loves a cheerful giver.
8 ULB ঈশ্বৰে আপোনালোকক সকলো অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে, গতিকে সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্ম্মত যেন উপচি পৰে৷ BSB BSB: And God is able to make all grace abound to you, so that in all things, at all times, having all that you need, you will abound in every good work.
9 ULB এই বিষয়ে যি দৰে লিখাও আছে, ‘তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে’৷ BSB BSB: As it is written: “He has scattered abroad His gifts to the poor; His righteousness endures forever.”
10 ULB যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব; BSB BSB: Now He who supplies seed to the sower and bread for food will supply and multiply your store of seed and will increase the harvest of your righteousness.
11 ULB এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হ’ব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব। BSB BSB: You will be enriched in every way to be generous on every occasion, and through us your generosity will produce thanksgiving to God.
12 ULB কিয়নো এই দান দি সেৱা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷ BSB BSB: For this ministry of service is not only supplying the needs of the saints but is also overflowing in many expressions of thanksgiving to God.
13 ULB আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই অনুমোদিত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷ BSB BSB: Because of the proof this ministry provides, the saints will glorify God for your obedient confession of the gospel of Christ, and for the generosity of your contribution to them and to all the others.
14 ULB তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷ BSB BSB: And their prayers for you will express their affection for you, because of the surpassing grace God has given you.
15 ULB ঈশ্বৰৰ বৰ্ণনা কৰিব নোৱাৰা দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক। BSB BSB: Thanks be to God for His indescribable gift!
Select verses for actions: Enter goes to them and Escape comes back.