1 ULB সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ৷ BSB BSB: So I made up my mind not to make another painful visit to you.
2 ULB কিয়নো মই যদি আপোনালোকক বেজাৰ দিওঁ তেনেহলে মোক আনন্দিত কৰোঁতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই বেজাৰ পোৱা সেই লোক সকলেই থাকিব? BSB BSB: For if I grieve you, who is left to cheer me but those whom I have grieved?
3 ULB আৰু এই সকলোবোৰ কথা লিখিলোঁ, যাতে যেতিয়া মই আহিম, তেতিয়া যি জনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত, সেই জনৰ পৰা যেন দুখ পাবলগীয়া নহয়। কিয়নো আপোনালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে, মোৰ আনন্দত আপোনালোক সকলোৱে আনন্দিত হ’ব। BSB BSB: I wrote as I did so that on my arrival I would not be grieved by those who ought to make me rejoice. I had confidence in all of you, that you would share my joy.
4 ULB বহু কষ্ট, মনো-বেদনা, আৰু চকুৰপানীৰে আপোনালোকলৈ লিখিলোঁ। মই আপোনালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছোঁ যে, মই আপোনালোকক কিমান প্ৰেম কৰোঁ। BSB BSB: For through many tears I wrote you out of great distress and anguish of heart, not to grieve you but to let you know how much I love you.
5 ULB কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে, এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ আপোনালোক সকলোকে দুখ দিলে। BSB BSB: Now if anyone has caused grief, he has not grieved me but all of you—to some degree, not to overstate it.
6 ULB এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তিয়েই যথেষ্ট। BSB BSB: The punishment imposed on him by the majority is sufficient for him.
7 ULB এতেকে তাতকৈ এনে মানুহক আপোনালোকে ক্ষমা কৰক আৰু সান্ত্বনা দিয়া উচিত। নহলে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব। BSB BSB: So instead, you ought to forgive and comfort him, so that he will not be overwhelmed by excessive sorrow.
8 ULB মই আপোনালোকক উৎসাহিত কৰিছোঁ, এনে ব্যক্তিক যে আপোনালোকে এতিয়াও প্ৰেম কৰে, ইয়াকে মুকলিভাবে বুজিব দিয়ক৷ BSB BSB: Therefore I urge you to reaffirm your love for him.
9 ULB কিয়নো সকলো বিষয়ত আপোনালোক আজ্ঞাধীন হয় নে নহয়, তাৰ প্ৰমাণ পোৱাৰ আশয়েৰে লিখিলোঁ। BSB BSB: My purpose in writing you was to see if you would stand the test and be obedient in everything.
10 ULB যদি আপোনালোকে কোনো এজনৰ দোষ ক্ষমা কৰে, তেনেহলে ময়ো সেইদৰে ক্ষমা কৰোঁ৷ এই কাৰণে মই যদি কিবা ক্ষমা কৰিলোঁ, তেনেহলে যি ক্ষমা কৰিলোঁ, খ্ৰীষ্টৰ সাক্ষাতে আপোনালোকৰ কাৰণেই ইয়াক কৰিলোঁ; BSB BSB: If you forgive anyone, I also forgive him. And if I have forgiven anything, I have forgiven it in the presence of Christ for your sake,
11 ULB কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়৷ কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ। BSB BSB: in order that Satan should not outwit us. For we are not unaware of his schemes.
12 ULB খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ত্ৰোৱা নগৰলৈ আহোতে, যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল, BSB BSB: Now when I went to Troas to preach the gospel of Christ and a door stood open for me in the Lord,
13 ULB মোৰ ভাই তীতক তাতে লগ নোপোৱাত, মোৰ আত্মাত একো শান্তি নাপালোঁ; সেয়েহে তেওঁলোকক এৰি বিদায় লৈ মাকিদনিয়ালৈ আহিলোঁ। BSB BSB: I had no peace in my spirit, because I did not find my brother Titus there. So I said goodbye to them and went on to Macedonia.
14 ULB কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে। BSB BSB: But thanks be to God, who always leads us triumphantly as captives in Christ and through us spreads everywhere the fragrance of the knowledge of Him.
15 ULB কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। BSB BSB: For we are to God the sweet aroma of Christ among those who are being saved and those who are perishing.
16 ULB যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে? BSB BSB: To the one we are an odor that brings death, to the other a fragrance that brings life. And who is qualified for such a task?
17 ULB কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ। BSB BSB: For we are not like so many others, who peddle the word of God for profit. On the contrary, in Christ we speak before God with sincerity, as men sent from God.
Select verses for actions: Enter goes to them and Escape comes back.