1 ULB আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোঁ নে? নাইবা আপোনালোকলৈ বা আপোনালোকৰ পৰা সুখ্যাতিৰ পত্ৰ পাবলৈ, কোনো কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছে নে? BSB BSB: Are we beginning to commend ourselves again? Or do we need, like some people, letters of recommendation to you or from you?
2 ULB আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে পঢ়ি জনিব পৰা সুখ্যাতিৰ পত্ৰ আপোনালোকেই হৈ আছে৷ BSB BSB: You yourselves are our letter, inscribed on our hearts, known and read by everyone.
3 ULB আপোনালোক আমাৰ দ্বাৰাই খ্ৰীষ্টৰ পৰা সম্পাদিত হোৱা পত্ৰ স্বৰূপে প্ৰকাশিত হ’ল, সেয়ে চিয়াঁহীৰে নহয়, কিন্তু জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা; শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ’ল। BSB BSB: It is clear that you are a letter from Christ, the result of our ministry, written not with ink but with the Spirit of the living God, not on tablets of stone but on tablets of human hearts.
4 ULB আৰু ঈশ্বৰৰ প্ৰতি এয়ে দৃঢ় প্ৰত্যয় আমি খ্ৰীষ্টৰ দ্বাৰাই পালোঁ। BSB BSB: Such confidence before God is ours through Christ.
5 ULB আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়৷ BSB BSB: Not that we are competent in ourselves to claim that anything comes from us, but our competence comes from God.
6 ULB তেৱেঁই আমাক নতুন নিয়ম (বিধান)ৰ পৰিচাৰক হ’বলৈ যোগ্য কৰিলে৷ সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে। BSB BSB: And He has qualified us as ministers of a new covenant, not of the letter but of the Spirit; for the letter kills, but the Spirit gives life.
7 ULB কিন্তু মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰৰ লিখনিৰে প্ৰমাণিত হ’ল, সেয়ে এনে মহিমাম্বিত (প্ৰতাপযুক্ত) হৈছিল যে, ইস্ৰায়েলৰ লোক সকলে মোচিৰ মূখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই মহিমা ক্ৰমান্বয়ে কমি গৈছিল, BSB BSB: Now if the ministry of death, which was engraved in letters on stone, came with such glory that the Israelites could not gaze at the face of Moses because of its fleeting glory,
8 ULB তেনেহলে আত্মাৰ পৰিচৰ্যা তাতকৈয়ো মহিমাম্বিত নহ’ব নে? BSB BSB: will not the ministry of the Spirit be even more glorious?
9 ULB কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্যা যদি মহিমাম্বিত হয়, তেনেহলে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈয়ো অধিক মহিমাম্বিত হয়! BSB BSB: For if the ministry of condemnation was glorious, how much more glorious is the ministry of righteousness!
10 ULB কাৰণ এনে অতিৰিক্ত মহিমাৰ কাৰণে এই বিষয়ে সেই মহিমাযুক্ত পৰিচৰ্যাৰ মহিমা (গৌৰৱ) নাইকিয়া হ’ল। BSB BSB: Indeed, what was once glorious has no glory now in comparison to the glory that surpasses it.
11 ULB কাৰণ লুপ্ত হৈ যোৱাটো যদি মহিমাযুক্ত, তেনেহলে সদায় থকাটো তাতকৈ অধিক মহিমাযুক্ত। BSB BSB: For if what was fading away came with glory, how much greater is the glory of that which endures!
12 ULB আমাৰ এনে আশা থকাত, আমি অতি উদাৰ চিত্তেৰে কথা কওঁ, BSB BSB: Therefore, since we have such a hope, we are very bold.
13 ULB আৰু ইস্ৰায়েলৰ লোক সকলে, সেই লুপ্ত হৈ যোৱা মহিমাৰ (প্ৰতাপৰ) শেষ যেন একেথৰে চাবলৈ নাপায়, এই কাৰণে মোচিয়ে যেনেকৈ তেওঁৰ মুখত ওৰণি ল’লে, আমি তেনেকৈ নকৰোঁ। BSB BSB: We are not like Moses, who would put a veil over his face to keep the Israelites from gazing at the end of what was fading away.
14 ULB কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল। BSB BSB: But their minds were closed. For to this day the same veil remains at the reading of the old covenant. It has not been lifted, because only in Christ can it be removed.
15 ULB কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে। BSB BSB: And even to this day when Moses is read, a veil covers their hearts.
16 ULB কিন্তু যেতিয়া কোনো ব্যক্তি প্ৰভুলৈ ঘুৰে, তেতিয়া সেই ওৰণি সেই ব্যক্তিৰ পৰা আতৰাই দিয়া হয়। BSB BSB: But whenever anyone turns to the Lord, the veil is taken away.
17 ULB প্ৰভুৱেই আত্মা; আৰু প্ৰভুৰ আত্মা য’ত, তাতেই স্বাধীনতা। BSB BSB: Now the Lord is the Spirit, and where the Spirit of the Lord is, there is freedom.
18 ULB আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ মহিমা (গৌৰৱ) চাওতে চাওতে, সেই মহিমাৰ পৰা মহিমা পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ। BSB BSB: And we, who with unveiled faces all reflect the glory of the Lord, are being transformed into His image with intensifying glory, which comes from the Lord, who is the Spirit.
Select verses for actions: Enter goes to them and Escape comes back.