1 ULB ইলীচা ভাৱবাদীয়ে শিষ্য-ভাৱবাদীসকলৰ মাজৰ এজনক মাতি ক’লে, “যাত্রাৰ বাবে সাজু হোৱা আৰু ৰামোৎ-গিলিয়দলৈ যোৱা। তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা।” BSB BSB: Now Elisha the prophet summoned one of the sons of the prophets and said to him, “Tuck your cloak under your belt, take this flask of oil, and go to Ramoth-gilead.
3 ULB তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলো।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।” BSB BSB: Then take the flask of oil, pour it on his head, and declare, ‘This is what the LORD says: I anoint you king over Israel.’ Then open the door and run. Do not delay!”
4 ULB সেইদৰেই সেই যুৱক ভাৱবাদীজন ৰামোৎ-গিলিয়দলৈ গ’ল। BSB BSB: So the young prophet went to Ramoth-gilead,
5 ULB সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাৱবাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছো।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।” BSB BSB: and when he arrived, the army commanders were sitting there. “I have a message for you, commander,” he said. “For which of us?” asked Jehu. “For you, commander,” he replied.
6 ULB তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ। BSB BSB: So Jehu got up and went into the house, where the young prophet poured the oil on his head and declared, “This is what the LORD, the God of Israel, says: ‘I anoint you king over the LORD’s people Israel.
7 ULB তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসসকলৰ অর্থাৎ ভাৱবাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসসকলৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰো। BSB BSB: And you are to strike down the house of your master Ahab, so that I may avenge the blood of My servants the prophets and the blood of all the servants of the LORD shed by the hand of Jezebel.
8 ULB আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম। BSB BSB: The whole house of Ahab will perish, and I will cut off from Ahab every male, both slave and free, in Israel.
9 ULB মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম। BSB BSB: I will make the house of Ahab like the houses of Jeroboam son of Nebat and Baasha son of Ahijah.
10 ULB কুকুৰবোৰে ঈজেবলক যিজ্ৰিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক কবৰ দিবলৈ কোনো নহ’ব।’” এইবুলি কৈ যুবক ভাৱবাদীজনে দুৱাৰ খুলি দৌৰি পলাল। BSB BSB: And on the plot of ground at Jezreel the dogs will devour Jezebel, and there will be no one to bury her.’” Then the young prophet opened the door and ran.
11 ULB যেহূৱে বাহিৰলৈ আহি যেতিয়া তেওঁৰ সঙ্গী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁক সুধিলে, “সকলো ঠিকেই আছে নে? সেই বলীয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল?” যেহূৱে ক’লে, “আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনে ধৰণৰ প্রলাপ বকে, তাকো জানে।” BSB BSB: When Jehu went out to the servants of his master, they asked, “Is everything all right? Why did this madman come to you?” “You know his kind and their babble,” he replied.
12 ULB তেওঁলোকে ক’লে, “নহয়, আমি সেইবোৰ একো নাজানো। আমাক সকলো কথা খুলি কওঁক।” যিহূৱে তেতিয়া ক’লে, “তেওঁ মোক এই কথা ক’লে যে, যিহোৱাই এইদৰে কৈছে: “ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিছোঁ।” BSB BSB: “That is a lie!” they said. “Tell us now!” So Jehu answered, “He talked to me about this and that, saying, ‘This is what the LORD says: I anoint you king over Israel.’”
13 ULB তেতিয়া সেই সেনাপতিসকলৰ প্রতেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।” BSB BSB: Quickly, each man took his garment and put it under Jehu on the bare steps. Then they blew the ram’s horn and proclaimed, “Jehu is king!”
14 ULB এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। BSB BSB: Thus Jehu son of Jehoshaphat, the son of Nimshi, conspired against Joram. (Now Joram and all Israel had been defending Ramoth-gilead against Hazael king of Aram,
15 ULB কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে যোৰামক যি আঘাত কৰিছিল, তাৰ পৰা সুস্থ হ’বলৈ ৰজা যোৰাম যিজ্ৰিয়েললৈ উভটি আহিছিল। তাৰ পাছত যেহূৱে যোৰামৰ দাস, সঙ্গী সেনাপতি সকলক ক’লে, “আপোনালোকৰো যদি এয়ে মত হয়, তেন্তে যিজ্ৰিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব।” BSB BSB: but King Joram had returned to Jezreel to recover from the wounds he had suffered at the hands of the Arameans in the battle against Hazael their king.) So Jehu said, “If you commanders wish to make me king, then do not let anyone escape from the city to go and tell it in Jezreel.”
16 ULB তাৰ পাছত যেহূৱে এখন ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল; কিয়নো সেই ঠাইত যোৰাম শয্যাত পৰি আছিল। সেই সময়ত যিহূদাৰ ৰজা অহজিয়াও যোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল। BSB BSB: Then Jehu got into his chariot and went to Jezreel, because Joram was laid up there. And Ahaziah king of Judah had gone down to see him.
17 ULB যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” BSB BSB: Now the watchman standing on the tower in Jezreel saw Jehu’s troops approaching, and he called out, “I see a company of troops!” “Choose a rider,” Joram commanded. “Send him out to meet them and ask, ‘Have you come in peace?’”
18 ULB পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।” BSB BSB: So a horseman rode off to meet Jehu and said, “This is what the king asks: ‘Have you come in peace?’” “What do you know about peace?” Jehu replied. “Fall in behind me.” And the watchman reported, “The messenger reached them, but he is not coming back.”
19 ULB তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে; তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক’লে, “ৰজাই এই কথা কৈছে, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” যেহূৱে উত্তৰ দি’লে,“শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা।” BSB BSB: So the king sent out a second horseman, who went to them and said, “This is what the king asks: ‘Have you come in peace?’” “What do you know about peace?” Jehu replied. “Fall in behind me.”
21 ULB তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোটৰ এলেকাত লগ পালে। BSB BSB: “Harness!” Joram shouted, and they harnessed his chariot. Then Joram king of Israel and Ahaziah king of Judah set out, each in his own chariot, and met Jehu on the property of Naboth the Jezreelite.
22 ULB যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?” BSB BSB: When Joram saw Jehu, he asked, “Have you come in peace, Jehu?” “How can there be peace,” he replied, “as long as the idolatry and witchcraft of your mother Jezebel abound?”
23 ULB এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাস-ঘাতক।” BSB BSB: Joram turned around and fled, calling out to Ahaziah, “Treachery, Ahaziah!”
25 ULB তেতিয়া যেহূৱে তেওঁৰ সেনাপতি বিদকৰক ক’লে, “তেওঁক তুলি নি যিজ্ৰিয়েলীয়া নাবোটৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাছোন! মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলো, তেতিয়া যিহোৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল: BSB BSB: And Jehu said to Bidkar his officer, “Pick him up and throw him into the field of Naboth the Jezreelite. For remember that when you and I were riding together behind his father Ahab, the LORD lifted up this burden against him:
26 ULB ‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোটৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।” BSB BSB: ‘As surely as I saw the blood of Naboth and the blood of his sons yesterday, declares the LORD, so will I repay you on this plot of ground, declares the LORD.’ Now then, according to the word of the LORD, pick him up and throw him on the plot of ground.”
27 ULB যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞঁৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাট কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল। BSB BSB: When King Ahaziah of Judah saw this, he fled up the road toward Beth-haggan. And Jehu pursued him, shouting, “Shoot him too!” So they shot Ahaziah in his chariot on the Ascent of Gur, near Ibleam, and he fled to Megiddo and died there.
28 ULB তেওঁৰ দাসসকলে তেওঁক ৰথত তুলি যিৰূচালেমলৈ লৈ গ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক কবৰ দিলে। BSB BSB: Then his servants carried him by chariot to Jerusalem and buried him with his fathers in his tomb in the City of David.
29 ULB আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্বৰ একাদশ বছৰত অহজিয়া যিহূদাৰ ৰজা হৈছিল। BSB BSB: (In the eleventh year of Joram son of Ahab, Ahaziah had become king over Judah.)
30 ULB তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকীয়েদি চালে। BSB BSB: Now when Jehu arrived in Jezreel, Jezebel heard of it. So she painted her eyes, adorned her head, and looked down from a window.
31 ULB যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্রী, নিজৰ প্রভুৰ হত্যাকাৰী?” BSB BSB: And as Jehu entered the gate, she asked, “Have you come in peace, O Zimri, murderer of your master?”
32 ULB তেতিয়া যেহূৱে ওপৰলৈ খিড়িকীৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে। BSB BSB: He looked up at the window and called out, “Who is on my side? Who?” And two or three eunuchs looked down at him.
33 ULB যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোৰাঁবোৰে তেওঁক ভৰিৰে গচকিলে; BSB BSB: “Throw her down!” yelled Jehu. So they threw her down, and her blood splattered on the wall and on the horses as they trampled her underfoot.
34 ULB তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ কবৰ দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।” BSB BSB: Then Jehu went in and ate and drank. “Take care of this cursed woman,” he said, “and bury her, for she was the daughter of a king.”
35 ULB লোকসকলে যেতিয়া ঈজেবলক কবৰ দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে। BSB BSB: But when they went out to bury her, they found nothing but her skull, her feet, and the palms of her hands.
36 ULB সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলীয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব, BSB BSB: So they went back and told Jehu, who replied, “This is the word of the LORD, which He spoke through His servant Elijah the Tishbite: ‘On the plot of ground at Jezreel the dogs will devour the flesh of Jezebel.
37 ULB আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।” BSB BSB: And Jezebel’s body will lie like dung in the field on the plot of ground at Jezreel, so that no one can say: This is Jezebel.’”
Select verses for actions: Enter goes to them and Escape comes back.