1 ULB দায়ূদৰ ৰাজত্ব কালত ক্ৰমান্বয়ে তিনি বছৰলৈকে আকাল হ’ল আৰু সেয়ে দায়ুদে যিহোৱাক বিচাৰিলে৷ তেতিয়া যিহোৱাই ক’লে, “চৌল আৰু তেওঁৰ ৰক্তপাতী বংশৰ কাৰণে এই আকাল তোমালৈ হৈছে কিয়নো তেওঁ গিবিয়োনীয়া লোকসকলক বধ কৰিলে।” BSB BSB: During the reign of David there was a famine for three successive years, and David sought the face of the LORD. And the LORD said, “It is because of the blood shed by Saul and his family, because he killed the Gibeonites.”
2 ULB সেই সময়ত গিবিয়োনীয়া সকল ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নাছিল; কিন্তু ইমোৰীয়া সকলৰ অৱশিষ্ট থকা ভাগৰ লোক৷ ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকক বধ নকৰিবলৈ শপত কৰিলে কিন্তু চৌলে ইস্ৰায়েলৰ সন্তানসকলৰ আৰু যিহুদাৰ পক্ষে উদ্যোগী হৈ তেওঁলোকক বধ কৰিবলৈ চেষ্টা কৰিছিল। BSB BSB: At this, David summoned the Gibeonites and spoke to them. (Now the Gibeonites were not Israelites, but a remnant of the Amorites. The Israelites had taken an oath concerning them, but in his zeal for Israel and Judah, Saul had sought to kill them.)
3 ULB সেই কাৰণে দায়ূদে গিবিয়োনীয়া সকলক একেলগে মাতি আনি ক’লে, “মই আপোনালোকৰ বাবে কি কৰিম? আপোনালোকে যেন যিহোৱাৰ সেই দয়া আৰু বিশ্ৱাসৰ উত্তৰাধীকাৰী সকলক আশীৰ্ব্বাদ কৰে তাৰ বাবে মই কেনেকৈ প্ৰায়শ্চিত্ত কৰিম?” BSB BSB: So David asked the Gibeonites, “What shall I do for you? How can I make amends so that you may bless the inheritance of the LORD?”
4 ULB তেতিয়া গিবিয়োনীয়া সকলে তেওঁক ক’লে, “চৌল কি তেওঁৰ বংশৰ সৈতে আমাৰ ৰূপ বা সোণৰ বিষয়ে বিবাদ নাই আৰু ইস্ৰায়েলৰ মাজত কোনো লোকক বধ কৰা আমাৰ কাম নহয়।” দায়ূদে উত্তৰ দি ক’লে, “আপোনালোকে যিয়ে বিচাৰে মই সেয়াই আপোনালোকৰ বাবে কৰিম।” BSB BSB: The Gibeonites said to him, “We need no silver or gold from Saul or his house, nor should you put to death anyone in Israel for us.” “Whatever you ask, I will do for you,” he replied.
5 ULB তাতে তেওঁলোকে ৰজাক ক’লে, “যি মানুহ জনে আমাক সংহাৰ কৰিছিল আৰু আমি বিনষ্ট হৈ ইস্ৰায়েলৰ সীমাৰ মাজৰ কোনো প্ৰদেশত অৱশিষ্ট নাথাকিবৰ কাৰণে আমাৰ বিৰুদ্ধে কু-মন্ত্ৰণা কৰিছিল- BSB BSB: And they answered the king, “As for the man who consumed us and plotted against us to exterminate us from existing within any border of Israel,
6 ULB সেই মানুহ জনৰ বংশধৰ মাজৰ সাত জন লোকক আমাৰ সাতত সমৰ্পণ কৰি দিয়া হওঁক তাতে আমি যিহোৱা মনোনীত লোক চৌলৰ, গিবিয়াত যিহোৱা উদ্দেশে আৰি থম।” তেতিয়া ৰজাই ক’লে, “মই তোমালোকলৈ তেওঁলোকক সমর্পণ কৰিম।” BSB BSB: let seven of his male descendants be delivered to us so that we may hang them before the LORD at Gibeah of Saul, the chosen of the LORD.” “I will give them to you,” said the king.
7 ULB কিন্তু দায়ুদৰ আৰু চৌলৰ পুত্ৰ যোনাথনৰ মাজত যিহোৱাৰ নামেৰে শপতৰ কাৰণে, ৰজাই চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ মফীবোচতক দয়া কৰি ৰক্ষা কৰিলে। BSB BSB: Now the king spared Mephibosheth son of Jonathan, the son of Saul, because of the oath before the LORD between David and Jonathan son of Saul.
8 ULB কিন্তু অয়াৰ জীয়েক ৰিস্পাই চৌলৰ ঔৰসত অৰ্মণী আৰু মফীবোচৎ নামেৰে যি দুজন পুত্ৰক জন্ম দিছিল আৰু মহোলাতীয়া বাৰ্জিল্লয়ৰ পুতেক অদ্ৰীয়েলৰ ঔৰসত চৌলৰ জীয়েক মীখলে যি পাঁচোটা পুত্ৰ জন্ম দিছিল, এই সকলক ল’লে। BSB BSB: But the king took Armoni and Mephibosheth, the two sons whom Rizpah daughter of Aiah had borne to Saul, as well as the five sons whom Merab daughter of Saul had borne to Adriel son of Barzillai the Meholathite.
9 ULB দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি থ’লে; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল। BSB BSB: And he delivered them into the hands of the Gibeonites, and they hanged them on the hill before the LORD. So all seven of them fell together; they were put to death in the first days of the harvest, at the beginning of the barley harvest.
10 ULB পাছত অয়াৰ জীয়েক ৰিস্পাই চট কাপোৰ লৈ, শস্য দোৱাৰ আৰম্ভণৰে পৰা তেওঁলোকৰ ওপৰত আকাশৰ পৰা বৰষুণ নপৰালৈকে শিলৰ ওপৰত নিজৰ কাৰণে সেই চটখন পাৰি ল’লে। তাই দিনত আকাশৰ চৰাইবোৰক তেওঁলোকৰ ওপৰত পৰিব নিদিলে আৰু ৰাতি বনৰীয়া জন্তুক ওচৰলৈ আহিব নিদিলে। BSB BSB: And Rizpah the daughter of Aiah took sackcloth and spread it out for herself on a rock. From the beginning of the harvest until the rain from heaven poured down on the bodies, she did not allow the birds of the air to rest on them by day, nor the beasts of the field by night.
11 ULB পাছত চৌলৰ উপপত্নী অয়াৰ জীয়েক ৰিস্পাই যি কাৰ্য্য কৰিছিল তাক দায়ুদক জনোৱা গ’ল। BSB BSB: When David was told what Saul’s concubine Rizpah, daughter of Aiah, had done,
12 ULB তেতিয়া পলেষ্টীয়া সকলে গিলবোৱাত চৌলক বধ কৰা দিনা, চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনক আৰি থোৱা বৈৎ-চানৰ চকৰ পৰা, তেওঁলোকৰ হাড় চুৰ কৰি অনা যাবেচ-গিলিয়দৰ গৃহস্থসকলৰ হাতৰ পৰা দায়ূদে সেইবোৰ লৈ আনিলে৷ BSB BSB: he went and took the bones of Saul and his son Jonathan from the men of Jabesh-gilead, who had stolen them from the public square of Beth-shan where the Philistines had hung the bodies after they had struck down Saul at Gilboa.
13 ULB তেওঁ সেই ঠাইৰ পৰা চৌলৰ আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ আনিলে আৰু তেওঁলোকে আৰি থোৱা সেই সাতজন লোকসকলৰো হাড়বোৰ গোটাই থ’লে। BSB BSB: So David had the bones of Saul and his son Jonathan brought from there, and they also gathered the bones of those who had been hanged.
14 ULB তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ বিন্যামিন দেশৰ চেলাত চৌলৰ পিতৃ কীচৰ মৈদামত মৈদাম দিলে৷ তেওঁলোকে ৰজাৰ আজ্ঞা অনুসাৰে সকলো কাৰ্য্য কৰিলে। তাৰ পাছত ঈশ্বৰে দেশৰ বাবে তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে। BSB BSB: And they buried the bones of Saul and his son Jonathan in Zela in the land of Benjamin, in the tomb of Saul’s father Kish. After they had done everything the king had commanded, God answered their prayers for the land.
15 ULB তেতিয়া পেলেষ্টীয়া সকলৰ লগত ইস্ৰায়েলৰ আকৌ যুদ্ধ লাগিল৷ সেই বাবে দায়ূদে নিজৰ সৈন্যসকলৰ সৈতে নামি গৈ পেলেষ্টীয়া সকলৰ সৈতে যুদ্ধ কৰিলে৷ তাতে দায়ূদ ক্লান্ত হ’ল। BSB BSB: Once again the Philistines waged war against Israel, and David and his servants went down and fought against the Philistines. But David became exhausted.
16 ULB এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে। BSB BSB: Then Ishbi-benob, a descendant of Rapha, whose bronze spear weighed three hundred shekels and who was bearing a new sword, resolved to kill David.
17 ULB কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে তেওঁক ৰক্ষা কৰি সেই পেলেষ্টীয়া জনক আঘাত কৰি তেওঁক বধ কৰিলে। তেতিয়া দায়ূদৰ লোকসকলে তেওঁৰ আগত শপত কৰি ক’লে, “ইস্ৰায়েলৰ প্ৰদীপ নুনুমাবৰ কাৰণে আপুনি আমাৰ লগত আৰু যুদ্ধলৈ নাযাব।” BSB BSB: But Abishai son of Zeruiah came to his aid, struck the Philistine, and killed him. Then David’s men swore to him, “You must never again go out with us to battle, so that the lamp of Israel may not be extinguished.”
18 ULB সেই যুদ্ধৰ পাছত আৰু এবাৰ গোবত পেলেষ্টীয়া সকলৰ লগত যুদ্ধ হয়৷ সেই সময়ত হূচাতীয়া চিব্বকয়ে চফ নামেৰে ৰফাৰ এজন সন্তানক বধ কৰিলে। BSB BSB: Some time later at Gob, there was another battle with the Philistines. At that time Sibbecai the Hushathite killed Saph, a descendant of Rapha.
19 ULB পুনৰাই পেলেষ্টীয়া সকলৰ সৈতে গোবত আকৌ যুদ্ধ হোৱাত, যাৰে-ওৰগীমৰ পুত্ৰ বৈৎলেহেমীয়া ইলহাননে গাতীয়া গলিয়াথক বধ কৰিলে যাৰ বৰছাৰটো কুৰা টোলোঠাৰ সমান আছিল। BSB BSB: Once again there was a battle with the Philistines at Gob, and Elhanan son of Jair the Bethlehemite killed the brother of Goliath the Gittite, the shaft of whose spear was like a weaver’s beam.
20 ULB তাৰ পাছত আন এখন যুদ্ধ গাতত হয়৷ সেই যুদ্ধ অতি দীৰ্ঘকায় আৰু প্ৰত্যেক হাতে-ভৰি ছটা ছটা আঙুলি সৰ্বমুঠ চৌবিশটা আঙুলি থকা এজন লোক আছিল৷ তেওঁ ৰফাৰ এজন সন্তান আছিল। BSB BSB: And there was also a battle at Gath, where there was a man of great stature with six fingers on each hand and six toes on each foot—twenty-four in all. He too was descended from Rapha,
21 ULB যেতিয়া তেওঁ ইস্ৰায়েলক ঠাট্টা-বিদ্ৰূপ কৰিলে, তেতিয়া দায়ূদৰ ককায়েক চিমিয়ীৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে। BSB BSB: and when he taunted Israel, Jonathan the son of David’s brother Shimei killed him.
22 ULB এই লোকসকল গাতত ৰফাৰ সন্তানসকল আছিল আৰু তেওঁলোকক দায়ূদ আৰু তেওঁৰ সৈন্যসকলৰ হাতত বধ কৰা হ’ল। BSB BSB: So these four descendants of Rapha in Gath fell at the hands of David and his servants.
Select verses for actions: Enter goes to them and Escape comes back.