1 ULB যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷ BSB BSB: And David sang this song to the LORD on the day the LORD had delivered him from the hand of all his enemies and from the hand of Saul.
2 ULB তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা। BSB BSB: He said: “The LORD is my rock, my fortress, and my deliverer.
3 ULB মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্ৰয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা। BSB BSB: My God is my rock, in whom I take refuge, my shield, and the horn of my salvation. My stronghold, my refuge, and my Savior, You save me from violence.
4 ULB প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ। BSB BSB: I will call upon the LORD, who is worthy to be praised; so shall I be saved from my enemies.
5 ULB কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল। BSB BSB: For the waves of death engulfed me; the torrents of chaos overwhelmed me.
6 ULB চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; মৃত্যু-পাশে মোক মেৰাই ধৰিছিল। BSB BSB: The cords of Sheol entangled me; the snares of death confronted me.
7 ULB সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল। BSB BSB: In my distress I called upon the LORD; I cried out to my God. And from His temple He heard my voice, and my cry for help reached His ears.
8 ULB তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল। BSB BSB: Then the earth shook and quaked; the foundations of the heavens trembled; they were shaken because He burned with anger.
9 ULB তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল। BSB BSB: Smoke rose from His nostrils, and consuming fire came from His mouth; glowing coals blazed forth.
10 ULB তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল। BSB BSB: He parted the heavens and came down with dark clouds beneath His feet.
11 ULB তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল। BSB BSB: He mounted a cherub and flew; He soared on the wings of the wind.
12 ULB আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷ BSB BSB: He made darkness a canopy around Him, a gathering of water and thick clouds.
13 ULB তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল। BSB BSB: From the brightness of His presence coals of fire blazed forth.
14 ULB যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে। BSB BSB: The LORD thundered from heaven; the voice of the Most High resounded.
15 ULB তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে। BSB BSB: He shot His arrows and scattered the foes; He hurled lightning and routed them.
16 ULB যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল। BSB BSB: The channels of the sea appeared, and the foundations of the world were exposed at the rebuke of the LORD, at the blast of the breath of His nostrils.
17 ULB তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! তেওঁ মহা-জলসমূহৰ পৰা মোক তুলি আনিলে৷ BSB BSB: He reached down from on high and took hold of me; He drew me out of deep waters.
18 ULB তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল। BSB BSB: He rescued me from my powerful enemy, from foes too mighty for me.
19 ULB মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল। BSB BSB: They confronted me in my day of calamity, but the LORD was my support.
20 ULB তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে। BSB BSB: He brought me out into the open; He rescued me because He delighted in me.
21 ULB যিহোৱাই মোৰ ধাৰ্ম্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে। BSB BSB: The LORD has rewarded me according to my righteousness; He has repaid me according to the cleanness of my hands.
22 ULB কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷ BSB BSB: For I have kept the ways of the LORD and have not wickedly departed from my God.
23 ULB কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷ BSB BSB: For all His ordinances are before me; I have not disregarded His statutes.
24 ULB তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ। BSB BSB: And I have been blameless before Him and kept myself from iniquity.
25 ULB এই হেতুকে যিহোৱাই মোৰ ধাৰ্ম্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে। BSB BSB: So the LORD has repaid me according to my righteousness, according to my cleanness in His sight.
26 ULB যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷ BSB BSB: To the faithful You show Yourself faithful, to the blameless You show Yourself blameless;
27 ULB তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা। BSB BSB: to the pure You show Yourself pure, but to the crooked You show Yourself shrewd.
28 ULB তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা। BSB BSB: You save an afflicted people, but Your eyes are on the haughty to bring them down.
29 ULB কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷ BSB BSB: For You, O LORD, are my lamp; the LORD lights up my darkness.
30 ULB কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ। BSB BSB: For in You I can charge an army; with my God I can scale a wall.
31 ULB ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান। BSB BSB: As for God, His way is perfect; the word of the LORD is flawless. He is a shield to all who take refuge in Him.
32 ULB কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে? BSB BSB: For who is God besides the LORD? And who is the Rock except our God?
33 ULB ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়। BSB BSB: God is my strong fortress, and He makes my way clear.
34 ULB তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়। BSB BSB: He makes my feet like those of a deer and stations me upon the heights.
35 ULB তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷ BSB BSB: He trains my hands for battle; my arms can bend a bow of bronze.
36 ULB তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহায্যই মোক মহান কৰিলে। BSB BSB: You have given me Your shield of salvation, and Your gentleness exalts me.
37 ULB তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল। BSB BSB: You broaden the path beneath me so that my ankles do not give way.
38 ULB মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ। BSB BSB: I pursued my enemies and destroyed them; I did not turn back until they were consumed.
39 ULB মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল। BSB BSB: I devoured and crushed them so they could not rise; they have fallen under my feet.
40 ULB কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, মোৰ তলতীয়া কৰিলা। BSB BSB: You have armed me with strength for battle; You have subdued my foes beneath me.
41 ULB তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; তাতে মোক ঘিণ কৰোঁতাবোৰক মই সংহাৰ কৰিলোঁ। BSB BSB: You have made my enemies retreat before me; I destroyed those who hated me.
42 ULB তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে। BSB BSB: They looked, but there was no one to save them—to the LORD, but He did not answer.
43 ULB তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ। BSB BSB: I ground them as the dust of the earth; I crushed and trampled them like mud in the streets.
44 ULB তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ তুমি মোৰ জনগোষ্ঠীক উত্তৰাধীকাৰী হ’বলৈ ৰাখিলা৷ মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ’বলৈ দিলা। BSB BSB: You have delivered me from the strife of my people; You have preserved me as the head of nations; a people I had not known shall serve me.
45 ULB বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে। BSB BSB: Foreigners cower before me; when they hear me, they obey me.
46 ULB বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল। BSB BSB: Foreigners lose heart and come trembling from their strongholds.
47 ULB যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্ৰশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক; BSB BSB: The LORD lives, and blessed be my Rock! And may God, the Rock of my salvation, be exalted—
48 ULB যি জনাই মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে, BSB BSB: the God who avenges me and brings down nations beneath me,
49 ULB আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা। BSB BSB: who frees me from my enemies. You exalt me above my foes; You rescue me from violent men.
50 ULB এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম। BSB BSB: Therefore I will praise You, O LORD, among the nations; I will sing praises to Your name.
51 ULB ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ূদ আৰু তেওঁৰ বংশক দয়া কৰিব।” BSB BSB: Great salvation He brings to His king. He shows loving devotion to His anointed, to David and his descendants forever.”
Select verses for actions: Enter goes to them and Escape comes back.