1 ULB ইয়াৰ পাছত দায়ূদে ফিলিষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে। BSB BSB: Some time later, David defeated the Philistines, subdued them, and took Metheg-ammah from the hand of the Philistines.
2 ULB তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে। BSB BSB: David also defeated the Moabites, made them lie down on the ground, and measured them off with a cord. He measured off with two lengths those to be put to death, and with one length those to be spared. So the Moabites became subject to David and brought him tribute.
3 ULB আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদ্দেজৰে ইউফ্ৰেটাচ্ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ BSB BSB: David also defeated Hadadezer son of Rehob, king of Zobah, who had marched out to restore his dominion along the Euphrates River.
4 ULB তেওঁৰ এক হাজাৰ ৰথ, সাত শ অশ্বাৰোহী আৰু বিশ হাজাৰ পদাতিক সৈন্যক বন্দী কৰি ল’লে৷ আৰু তেওঁ ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে। BSB BSB: David captured from him a thousand chariots, seven thousand charioteers, and twenty thousand foot soldiers, and he hamstrung all the horses except a hundred he kept for the chariots.
5 ULB পাছে দম্মেচকৰ অৰামীয়াসকলে চোবাৰ হদ্দেজৰ ৰজাক সহায় কৰিবলৈ আহোতে, দায়ূদে সেই অৰামীয়াসকলৰ মাজৰ বাইশ হাজাৰ লোকক বধ কৰিলে। BSB BSB: When the Arameans of Damascus came to help King Hadadezer of Zobah, David struck down twenty-two thousand of their men.
6 ULB তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ূদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল। BSB BSB: Then he placed garrisons in Aram of Damascus, and the Arameans became subject to David and brought him tribute. So the LORD made David victorious wherever he went.
7 ULB আৰু দায়ূদে হদ্দেজৰৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ গ’ল। BSB BSB: And David took the gold shields that belonged to the officers of Hadadezer and brought them to Jerusalem.
8 ULB আৰু দায়ূদ ৰজাই হদ্দেজৰৰ বেটহ আৰু বেৰোথয় নগৰৰ পৰা অধিক পিতল আনিলে। BSB BSB: And from Betah and Berothai, cities of Hadadezer, King David took a large amount of bronze.
9 ULB পাছত দায়ূদে হদ্দেজৰৰ সকলো সৈন্যসামন্তক পৰাজয় কৰা কথা হমাত’ৰ ৰজা তোৱীয়ে যেতিয়া শুনিলে, BSB BSB: When King Toi of Hamath heard that David had defeated the entire army of Hadadezer,
10 ULB তেতিয়া যুদ্ধত হদ্দেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ূদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷ BSB BSB: he sent his son Joram to greet King David and bless him for fighting and defeating Hadadezer, who had been at war with Toi. Joram brought with him articles of silver and gold and bronze,
11 ULB দায়ূদ ৰজাই সেই সামগ্ৰীবোৰ যিহোৱালৈ উৎসৰ্গ কৰিলে, লগতে সকলো জাতিক পৰাজয় কৰোতে যিবোৰ ৰূপ আৰু সোণ আনিছিল,- BSB BSB: and King David dedicated these to the LORD, along with the silver and gold he had dedicated from all the nations he had subdued—
12 ULB সেইবোৰ অৰাম, মোৱাব, অম্মেনৰ সন্তানসকল, ফিলিষ্টিয়াসকল আৰু অমালেক আদি তেওঁলোকৰ পৰা লাভ কৰা আৰু তাৰ লগতে চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদ্দেজৰৰ পৰা লুট কৰি অনা সামগ্ৰীবোৰকো যিহোৱাৰ আগত উৎসৰ্গ কৰিলে। BSB BSB: from Edom and Moab, from the Ammonites and Philistines and Amalekites, and from the spoil of Hadadezer son of Rehob, king of Zobah.
13 ULB আৰু দায়ূদে লৱণ উপত্যকাত অৰামীয়াসকলৰ মাজৰ ওঠৰ হাজাৰ লোকক বধ কৰি উভটি অহা সময়ত অতিশয় নাম জ্বলা হ’ল। BSB BSB: And David made a name for himself when he returned from striking down eighteen thousand Edomites in the Valley of Salt.
15 ULB এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে। BSB BSB: Thus David reigned over all Israel and administered justice and righteousness for all his people:
16 ULB চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলুদৰ পুত্ৰ যিহোচাফট্ আছিল ইতিহাস লিখক৷ BSB BSB: Joab son of Zeruiah was over the army; Jehoshaphat son of Ahilud was the recorder;
17 ULB অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷ BSB BSB: Zadok son of Ahitub and Ahimelech son of Abiathar were priests; Seraiah was the scribe;
18 ULB যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ অধ্যক্ষ আছিল আৰু দায়ূদৰ পুত্ৰসকল আছিল মন্ত্ৰী। BSB BSB: Benaiah son of Jehoiada was over the Cherethites and Pelethites; and David’s sons were priestly leaders.
Select verses for actions: Enter goes to them and Escape comes back.