1 ULB পাছে দায়ূদে সুধিলে, “মই যোনাথনৰ কাৰণে যিজনলৈ দয়া ব্যৱহাৰ কৰিব পাৰিম, এনে চৌলৰ বংশৰ কোনো এতিয়াও অৱশিষ্ট আছেনে?” BSB BSB: Then David asked, “Is there anyone left from the house of Saul to whom I can show kindness for the sake of Jonathan?”
2 ULB তাতে চীবা নামেৰে চৌলৰ যি এজন দাস আছিল, তেওঁক দায়ূদৰ ওচৰলৈ মাতি অনাত, ৰজাই তেওঁক সুধিলে, “তুমি চীবা হোৱানে?” তেওঁ ক’লে, “আপোনাৰ দাস মই, সেয়ে হওঁ।” BSB BSB: And there was a servant of the house of Saul named Ziba. They summoned him to David, and the king inquired, “Are you Ziba?” “I am your servant,” he replied.
3 ULB পাছত ৰজাই সুধিলে, “মই ঈশ্বৰলৈ চাই যিজনক দয়া কৰিব পাৰোঁ, চৌলৰ বংশৰ এনে কোনো অৱশিষ্ট লোক নাই নে?” তাতে চীবাই ৰজাক ক’লে, “যোনাথনৰ দুয়োখন ভৰি খোৰা হোৱা এটি পুত্ৰ এতিয়াও অৱশিষ্ট আছে।” BSB BSB: So the king asked, “Is there anyone left of the house of Saul to whom I can show the kindness of God?” Ziba answered, “There is still Jonathan’s son, who is lame in both feet.”
4 ULB ৰজাই তেওঁক সুধিলে, “তেওঁ ক’ত আছে?” চীবাই ৰজাক ক’লে, “চাওক, তেওঁ লো-দবৰাত অম্মীয়েলৰ পুতেক মাখীৰৰ ঘৰত আছে।” BSB BSB: “Where is he?” replied the king. And Ziba said, “Indeed, he is in Lo-debar at the house of Machir son of Ammiel.”
5 ULB তেতিয়া দায়ূদ ৰজাই লো-দবৰালৈ মানুহ পঠিয়াই অম্মীয়েলৰ পুত্ৰ মাখীৰৰ ঘৰৰ পৰা তেওঁক অনোৱালে। BSB BSB: So King David had him brought from the house of Machir son of Ammiel in Lo-debar.
6 ULB পাছে চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ সেই মফীবোচতে, দায়ূদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দায়ূদে ক’লে, “হে মফীবোচৎ”, তেওঁ উত্তৰ দিলে, “চাওক, আপোনাৰ দাস আছোঁ।” BSB BSB: And when Mephibosheth son of Jonathan, the son of Saul, came to David, he fell facedown in reverence. Then David said, “Mephibosheth!” “I am your servant,” he replied.
7 ULB তেতিয়া দায়ূদে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো মই তোমাৰ পিতৃ যোনাথনৰ কাৰণে অৱশ্যে দয়া কৰিম আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম; আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।” BSB BSB: “Do not be afraid,” said David, “for surely I will show you kindness for the sake of your father Jonathan. I will restore to you all the land of your grandfather Saul, and you will always eat at my table.”
8 ULB তাতে মফীবোচতে প্ৰণিপাত কৰি ক’লে, “আপোনাৰ দাস মইনো কোন, যে মৰা কুকুৰৰ সদৃশ যি মই, মোলৈ আপুনি সু-দৃষ্টি কৰিছে?” BSB BSB: Mephibosheth bowed down and said, “What is your servant, that you should show regard for a dead dog like me?”
9 ULB পাছে ৰজাই চৌলৰ দাস সেই চীবাক মতাই ক’লে, “মই তোমাৰ প্ৰভুৰ পুত্ৰক, চৌলৰ আৰু তেওঁৰ সকলো বংশৰ সৰ্ব্বস্বকে দিলোঁ। BSB BSB: Then the king summoned Saul’s servant Ziba and said to him, “I have given to your master’s grandson all that belonged to Saul and to all his house.
10 ULB এই হেতুকে তুমি আৰু তোমাৰ পুত্ৰসকলে আৰু তোমাৰ বন্দীবোৰেও একেলগে তেওঁৰ সেই মাটিত খেতি কৰিবা আৰু তোমাৰ প্ৰভুৰ পুত্ৰৰ আহাৰৰ বাবে তাত উৎপন্ন হোৱা শস্য আনি দিবা৷ কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফীবোচতে সদায় মোৰ মেজতহে ভোজন কৰিব।” সেই চীবাৰ পোন্ধৰজন পুতেক আৰু বিশজন দাস আছিল। BSB BSB: You and your sons and servants are to work the ground for him and bring in the harvest, so that your master’s grandson may have food to eat. But Mephibosheth, your master’s grandson, is always to eat at my table.” Now Ziba had fifteen sons and twenty servants.
11 ULB তেতিয়া চীবাই ৰজাক ক’লে, “মোৰ প্ৰভু মহাৰাজে, তেওঁৰ এই দাসক যি আজ্ঞা দিছে, সেই দৰে তেওঁৰ এই দাসে সকলোকেই কৰিব।” ৰজাই আৰু কলে, “মফীবোচতে ৰাজকোঁৱৰৰ মাজৰ এজনৰ দৰে মোৰ মেজত ভোজন কৰিব।” BSB BSB: And Ziba said to the king, “Your servant will do all that my lord the king has commanded.” So Mephibosheth ate at David’s table like one of the king’s own sons.
12 ULB সেই মফীবোচতৰ মীখা নামেৰে এজন ডেকা পুত্ৰ আছিল। চীবাৰ ঘৰত থকা আটাই লোক মফীবোচতৰ দাস আছিল। BSB BSB: And Mephibosheth had a young son named Mica, and all who dwelt in the house of Ziba were servants of Mephibosheth.
13 ULB আৰু মফীবোচতে যিৰূচালেমতে নিবাস কৰিলে আৰু তেওঁ নিতে নিতে ৰজাৰ মেজত ভোজন কৰিলে; যদিওবা তেওঁৰ দুয়োখন ভৰি খোৰা আছিল। BSB BSB: So Mephibosheth lived in Jerusalem, because he always ate at the king’s table, and he was lame in both feet.
Select verses for actions: Enter goes to them and Escape comes back.