1 ULB পাছত পাঁচনিসকল আৰু যিহূদিয়াত থকা ভাই সকলে শুনিবলৈ পালে যে, অনা-ইহুদী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে৷ BSB BSB: The apostles and brothers throughout Judea soon heard that the Gentiles also had received the word of God.
2 ULB পাছত যেতিয়া পিতৰ যিৰূচালেমলৈ আহিল, তেতিয়া চুন্নৎ হোৱা মানুহবোৰে তেওঁক নিন্দা কৰিলে; BSB BSB: So when Peter went up to Jerusalem, the circumcised believers took issue with him
3 ULB তেওঁলোকে কলে, "তুমি চুন্নৎ নোহোৱা মানুহবোৰৰ লগত সহযোগ কৰি, সিহঁতৰ সৈতে খোৱা-বোৱা কৰিলা!" BSB BSB: and said, “You visited uncircumcised men and ate with them.”
4 ULB কিন্তু পিতৰে এই কথা বিতং ভাৱে বৰ্ণনা কৰি তেওঁলোকক কলে, BSB BSB: But Peter began and explained to them the whole sequence of events:
5 ULB "মই যাফো নগৰত প্ৰাৰ্থনা কৰি থাকোতেই মুৰ্চ্ছা গ'লো আৰু দৰ্শনত চাৰি চুকত ধৰি স্বৰ্গৰ পৰা নমোৱা ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ মোৰ ওচৰলৈ নামি অহা দেখিলোঁ; BSB BSB: “I was in the city of Joppa praying, and in a trance I saw a vision of something like a large sheet being let down from heaven by its four corners, and it came right down to me.
6 ULB তেতিয়া তালৈ মন কৰি একেথৰে চাই থাকোতে তাত পৃথিবীৰ চাৰি-ঠেঙীয়া জন্তু আৰু বনৰীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাই এই সকলোকে দেখিলোঁ৷" BSB BSB: I looked at it closely and saw four-footed animals of the earth, wild beasts, reptiles, and birds of the air.
7 ULB আৰু তেতিয়া "হে পিতৰ, উঠি মাৰি খোৱা!" এই বুলি মোলৈ কোৱা এটা বাণীও শুনিলোঁ৷ BSB BSB: Then I heard a voice saying to me, ‘Get up, Peter, kill and eat.’
8 ULB মই কলোঁ, "হে প্ৰভু, এনে নহওক: কিয়নো কোনো বৰ্জিত বা অশুচি বস্তু মোৰ মুখত কেতিয়াও দিয়া নাই.", BSB BSB: ‘No, Lord,’ I said, ‘for nothing impure or unclean has ever entered my mouth.’
9 ULB কিন্তু পুনৰ আকাশৰ পৰা নে স্ৱর্গৰ পৰা উত্তৰ আহিল, "ঈশ্বৰে যিহকে শুচি কৰিলে, সেইবোৰ তুমি বৰ্জিত নুবুলিবা৷" BSB BSB: But the voice spoke from heaven a second time, ‘Do not call anything impure that God has made clean.’
10 ULB এইদৰে তিনিবাৰ ঘটাৰ পাছত সেই সকলোবোৰ আকৌ স্বৰ্গলৈ তুলি নিয়া হ'ল৷ BSB BSB: This happened three times, and everything was drawn back up into heaven.
11 ULB আৰু চোৱা, তেতিয়াই চীজাৰিয়াৰ পৰা মোৰ ওচৰলৈ পঠোৱা তিনিজন মানুহ, মই যি ঘৰত আছিলো, তাত উপস্থিত হ'ল৷ BSB BSB: Just then three men sent to me from Caesarea stopped at the house where I was staying.
12 ULB তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে৷ পাছত এই ছয়জন ভায়ো মোৰ লগত গ'ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালো৷ BSB BSB: The Spirit told me to accompany them without hesitation. These six brothers also went with me, and we entered the man’s home.
14 ULB তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা, সেই কথা তেওঁ তোমাক কব৷" BSB BSB: He will convey to you a message by which you and all your household will be saved.’
15 ULB পাছে মই কথা কবলৈ ধৰোতেই, পূৰ্বতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা নামিছিল, তেনেকৈ তেওঁলোকৰ ওপৰতো নামিল৷ BSB BSB: As I began to speak, the Holy Spirit fell upon them, just as He had fallen upon us at the beginning.
16 ULB "যোহনে হলে পানীতহে বাপ্তিস্ম দিলে কিন্তু তোমালোকক হ'লে পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ'ব", প্ৰভুৱে কোৱা এই কথা মোৰ মনত পৰিল৷ BSB BSB: Then I remembered the word of the Lord, how He said, ‘John baptized with water, but you will be baptized with the Holy Spirit.’
17 ULB এতেকে আমি প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে ঈশ্বৰে যি দান আমাক দিলে সেই একে দান তেওঁলোককো দিলে, গতিকে ঈশ্বৰক প্ৰতিৰোধ কৰিবলৈ মই নো কোন?" BSB BSB: So if God gave them the same gift He gave us who believed in the Lord Jesus Christ, who was I to hinder the work of God?”
18 ULB এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি কলে, "তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱনৰ অৰ্থে মন-পালটন দান কৰিলে৷" BSB BSB: When they heard this, they had no further objections, and they glorified God, saying, “So then, God has granted even the Gentiles repentance unto life.”
19 ULB ইতিপূৰ্ব্বে যিবোৰ মানুহে স্তিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে ফুৰি, ইহুদী লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে৷ BSB BSB: Meanwhile those scattered by the persecution that began with Stephen traveled as far as Phoenicia, Cyprus, and Antioch, speaking the message only to Jews.
21 ULB আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ'ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷ BSB BSB: The hand of the Lord was with them, and a great number of people believed and turned to the Lord.
22 ULB পাছত তেওঁলোকৰ সবিশেষ বাৰ্ত্তা যিৰূচালেমত থকা মণ্ডলীৰ কাণত যেতিয়া পৰিল, তেতিয়া মণ্ডলীয়ে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠিয়াই দিলে৷ BSB BSB: When news of this reached the ears of the church in Jerusalem, they sent Barnabas to Antioch.
23 ULB তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ'ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷ BSB BSB: When he arrived and saw the grace of God, he rejoiced and encouraged them all to abide in the Lord with all their hearts.
24 ULB কিয়নো তেওঁ সাধু মানুহ আৰু পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপুৰ্ণ আছিল, তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে৷ BSB BSB: Barnabas was a good man, full of the Holy Spirit and faith, and a great number of people were brought to the Lord.
25 ULB পাছত বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চ নগৰলৈ গ'ল৷ BSB BSB: Then Barnabas went to Tarsus to look for Saul,
26 ULB আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ'ল৷ BSB BSB: and when he found him, he brought him back to Antioch. So for a full year they met together with the church and taught large numbers of people. The disciples were first called Christians at Antioch.
27 ULB সেই সময়ত কিছুমান ভাববাদী যিৰূচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল৷ BSB BSB: In those days some prophets came down from Jerusalem to Antioch.
28 ULB আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি, আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে, গোটেই পৃথিবীত বৰ আকাল হ'ব আৰু ক্লৌদিয়ৰ দিনত সেয়ে ঘটিব৷ BSB BSB: One of them named Agabus stood up and predicted through the Spirit that a great famine would sweep across the whole world. (This happened under Claudius.)
29 ULB তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহূদিয়াত নিবাস কৰা ভাই সকলৰ উপকাৰৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ললে৷ BSB BSB: So the disciples, each according to his ability, decided to send relief to the brothers living in Judea.
30 ULB পাছত সেইদৰে কাৰ্য কৰি, বাৰ্ণব্বা আৰু চৌলৰ হাতত পৰিচাৰক সকললৈ ধন পঠিয়াই দিলে৷ BSB BSB: This they did, sending their gifts to the elders with Barnabas and Saul.
Select verses for actions: Enter goes to them and Escape comes back.