1 ULB স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনিসকলৰ বাহিৰে আন বিশ্বাসীসকল সমগ্র যিহূদা আৰু চমৰিয়া দেশৰ ঠায়ে ঠায়ে সিচৰিত হৈ গ'ল। BSB BSB: And Saul was there, giving approval to Stephen’s death. On that day a great persecution broke out against the church in Jerusalem, and all except the apostles were scattered throughout Judea and Samaria.
2 ULB ভক্ত লোকসকলে স্তিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্রন্দন কৰিলে। BSB BSB: God-fearing men buried Stephen and mourned deeply over him.
3 ULB কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে। BSB BSB: But Saul began to destroy the church. Going from house to house, he dragged off men and women and put them in prison.
4 ULB কিন্তু, যিসকল বিশ্বাসী সিচৰিত হৈ গ'ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে। BSB BSB: Those who had been scattered preached the word wherever they went.
5 ULB ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা কবলৈ ধৰিলে। BSB BSB: Philip went down to a city in Samaria and proclaimed the Christ to them.
6 ULB তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোকসকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে। BSB BSB: The crowds all paid close attention to Philip’s message and to the signs they saw him perform.
7 ULB কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোকসকলক সুস্থ কৰা হল। BSB BSB: With loud shrieks, unclean spirits came out of many who were possessed, and many of the paralyzed and lame were healed.
8 ULB তাতে সেই নগৰত মহা আনন্দ হ’ল। BSB BSB: So there was great joy in that city.
9 ULB সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল। BSB BSB: Prior to that time, a man named Simon had practiced sorcery in the city and astounded the people of Samaria. He claimed to be someone great,
10 ULB সৰুৰ পৰা ডাঙৰলৈকে সকলো চমৰীয়া বাসীয়ে তেওঁৰ কথাত মনোযোগ দিছিল; তেওঁলোকে কৈছিল, “এইজন ঈশ্বৰৰ মহান শক্তিশালী ব্যক্তি”। BSB BSB: and all the people, from the least to the greatest, heeded his words and said, “This man is the divine power called the Great Power.”
11 ULB তেওঁ ভালেমান দিন ধৰি মায়াকর্ম্মৰে চমক দেখুৱাৰ কাৰণে মানুহবোৰে তেওঁক মানিছিল। BSB BSB: They paid close attention to him because he had astounded them for a long time with his sorcery.
12 ULB কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ বিষয়ে ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক বাপ্তিস্ম দিয়া হ’ল। BSB BSB: But when they believed Philip as he preached the gospel of the kingdom of God and the name of Jesus Christ, they were baptized, both men and women.
13 ULB পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে। BSB BSB: Even Simon himself believed and was baptized. He followed Philip closely and was astounded by the great signs and miracles he observed.
14 ULB চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচলেমত থকা পাঁচনিসকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে। BSB BSB: When the apostles in Jerusalem heard that Samaria had received the word of God, they sent Peter and John to them.
15 ULB পিতৰ আৰু যোহনে সেই ঠালৈ আহি তাত থকা লোকসকলে যেন পবিত্ৰ আত্মা পায়, তাৰ বাবে প্ৰাৰ্থনা কৰিলে। BSB BSB: On their arrival, they prayed for them to receive the Holy Spirit.
16 ULB কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷ BSB BSB: For the Holy Spirit had not yet fallen upon any of them; they had simply been baptized into the name of the Lord Jesus.
17 ULB পাছত পাঁচনিসকলে লোকসমূহৰ ওপৰত হাত থলে আৰু তেওঁলোকে তেতিয়া পবিত্ৰ আত্মা পালে। BSB BSB: Then Peter and John laid their hands on them, and they received the Holy Spirit.
18 ULB চিমোনে যেতিয়া দেখিলে যে পাঁচনিসকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনিসকলক ধন যাচি কলে, BSB BSB: When Simon saw that the Spirit was given through the laying on of the apostles’ hands, he offered them money.
19 ULB “এই ক্ষমতা মোকো দিয়ক, ময়ো যেন যিজনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।” BSB BSB: “Give me this power as well,” he said, “so that everyone on whom I lay my hands may receive the Holy Spirit.”
20 ULB কিন্তু পিতৰে চিমোনক ক’লে, "তুমি আৰু তোমাৰ ধন ধ্বংস হওঁক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়। BSB BSB: But Peter replied, “May your silver perish with you, because you thought you could buy the gift of God with money!
21 ULB আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় শুদ্ধ নহয়। BSB BSB: You have no part or share in our ministry, because your heart is not right before God.
22 ULB তুমি এই দুষ্টতাৰ পৰা মন-পালটোৱা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে। BSB BSB: Repent, therefore, of your wickedness, and pray to the Lord. Perhaps He will forgive you for the intent of your heart.
23 ULB কিয়নো মই দেখিছোঁ, তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা"। BSB BSB: For I see that you are poisoned by bitterness and captive to iniquity.”
24 ULB তেতিয়া চিমোনে উত্তৰ দিলে, "আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।" BSB BSB: Then Simon answered, “Pray to the Lord for me, so that nothing you have said may happen to me.”
25 ULB এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে। BSB BSB: And after Peter and John had testified and spoken the word of the Lord, they returned to Jerusalem, preaching the gospel in many of the Samaritan villages.
27 ULB তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰা নপুংসক ৰাজ কর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল। BSB BSB: So he started out, and on his way he met an Ethiopian eunuch, a court official in charge of the entire treasury of Candace, queen of the Ethiopians. He had gone to Jerusalem to worship,
28 ULB তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল। BSB BSB: and on his return was sitting in his chariot reading Isaiah the prophet.
29 ULB এনে সময়তে আত্মাই ফিলিপক কলে, "তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা"। BSB BSB: The Spirit said to Philip, “Go over to that chariot and stay by it.”
31 ULB তেওঁ ক’লে- “কোনোবাই মোক বুজাই নিদিলে, মই কেনেকৈ বুজি পাম?” তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে। BSB BSB: “How can I,” he said, “unless someone guides me?” And he invited Philip to come up and sit with him.
33 ULB তেওঁ অপমানিত হোৱা কালত, ন্যায় বিচাৰ কৰা নহ’ল, তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিবীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল"। BSB BSB: In His humiliation He was deprived of justice. Who can recount His descendants? For His life was removed from the earth.”
34 ULB এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, "মিনতি কৰিছোঁ, ভাববাদীয়ে কাৰ বিষয়ে এই কথা কৈছে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে?" BSB BSB: “Tell me,” said the eunuch, “who is the prophet talking about, himself or someone else?”
35 ULB তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে। BSB BSB: Then Philip began with this very Scripture and told him the good news about Jesus.
36 ULB এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওঁক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?'' BSB BSB: As they traveled along the road and came to some water, the eunuch said, “Look, here is water! What is there to prevent me from being baptized?”
37 ULB ফিলিপে কলে, "যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেন্তে বাধা নাই।'' তেতিয়া বিষয়াজনে কলে, "যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।'' BSB BSB: Not in the BSB
38 ULB তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে। BSB BSB: And he gave orders to stop the chariot. Then both Philip and the eunuch went down into the water, and Philip baptized him.
39 ULB যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল। BSB BSB: When they came up out of the water, the Spirit of the Lord carried Philip away, and the eunuch saw him no more, but went on his way rejoicing.
40 ULB কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ'ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্ত্তা প্রচাৰ কৰি চীজাৰিয়া পালে। BSB BSB: But Philip appeared at Azotus and traveled through that region, preaching the gospel in all the towns until he came to Caesarea.
Select verses for actions: Enter goes to them and Escape comes back.