1 ULB সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ'ল, BSB BSB: Meanwhile, Saul was still breathing out murderous threats against the disciples of the Lord. He approached the high priest
2 ULB আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে। BSB BSB: and requested letters to the synagogues in Damascus, so that if he found any men or women belonging to the Way, he could bring them as prisoners to Jerusalem.
3 ULB এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ'ল; BSB BSB: As Saul drew near to Damascus on his journey, suddenly a light from heaven flashed around him.
4 ULB তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, "হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?" BSB BSB: He fell to the ground and heard a voice say to him, “Saul, Saul, why do you persecute Me?”
5 ULB চৌলে উত্তৰ দি কলে- "হে প্ৰভু, আপুনি কোন?" তেতিয়া প্ৰভুৱে কলে, "যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু; BSB BSB: “Who are You, Lord?” Saul asked. “I am Jesus, whom you are persecuting,” He replied.
6 ULB কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ'ব।" BSB BSB: “Now get up and go into the city, and you will be told what you must do.”
7 ULB তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল। BSB BSB: The men traveling with Saul stood there speechless. They heard the voice but did not see anyone.
8 ULB পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচকলৈ আনিলে৷ BSB BSB: Saul got up from the ground, but when he opened his eyes he could not see a thing. So they led him by the hand into Damascus.
9 ULB তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে। BSB BSB: For three days he was without sight, and he did not eat or drink anything.
10 ULB সেই সময়ত দম্মেচকত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, "হে অননিয়।" তেওঁ ক'লে, "হে প্ৰভু, চাওঁক, মই আছো।" BSB BSB: In Damascus there was a disciple named Ananias. The Lord spoke to him in a vision, “Ananias!” “Here I am, Lord,” he answered.
11 ULB তেতিয়া প্ৰভুৱে তেওঁক কলে, "তুমি উঠি পোন নামৰ আলিবাটেৰে গৈ যিহূদাৰ ঘৰত তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তিজনৰ খবৰ লোৱাগৈ; তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷" BSB BSB: “Get up!” the Lord told him. “Go to the house of Judas on Straight Street and ask for a man from Tarsus named Saul, for he is praying.
12 ULB তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননিয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া, এনে দৰ্শনত দেখা পালে। BSB BSB: In a vision he has seen a man named Ananias come and place his hands on him to restore his sight.”
13 ULB কিন্তু অননিয়ই উত্তৰ দিলে," হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷ BSB BSB: But Ananias answered, “Lord, many people have told me about this man and all the harm he has done to Your saints in Jerusalem.
14 ULB আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোক সকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিত সকলৰ পৰা ক্ষমতা লৈ আহিছে৷" BSB BSB: And now he is here with authority from the chief priests to arrest all who call on Your name.”
15 ULB কিন্তু প্ৰভুৱে তেওঁক কলে, "তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেইজন মোৰ মনোনীত পাত্ৰ। BSB BSB: “Go!” said the Lord. “This man is My chosen instrument to carry My name before the Gentiles and their kings, and before the people of Israel.
16 ULB কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।" BSB BSB: I will show him how much he must suffer for My name.”
17 ULB তেতিয়াই অননিয় গ'ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, "হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যিজন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।" BSB BSB: So Ananias went to the house, and when he arrived, he placed his hands on Saul. “Brother Saul,” he said, “the Lord Jesus, who appeared to you on the road as you were coming here, has sent me so that you may see again and be filled with the Holy Spirit.”
18 ULB তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ'ল৷ BSB BSB: At that instant, something like scales fell from Saul’s eyes, and his sight was restored. He got up and was baptized,
19 ULB ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ'ল৷ এনেদৰে কিছু দিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচকতে থাকিল৷ BSB BSB: and after taking some food, he regained his strength. And he spent several days with the disciples in Damascus.
20 ULB আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে। BSB BSB: Saul promptly began to proclaim Jesus in the synagogues, declaring, “He is the Son of God.”
21 ULB তাতে সকলোৱে শুনি বিস্ময় মানি কলে, "বোলে, যিজনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰা সকলক লণ্ড-ভণ্ড কৰিছিল আৰু এতিয়াও তেনে লোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছে, সেই জন এৱেই নহয় নে?" BSB BSB: All who heard him were astounded and asked, “Isn’t this the man who wreaked havoc in Jerusalem on those who call on this name? And hasn’t he come here to take them as prisoners to the chief priests?”
22 ULB কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে। BSB BSB: But Saul was empowered all the more, and he confounded the Jews living in Damascus by proving that Jesus is the Christ.
23 ULB এনেদৰে বহু দিনৰ পিচত ইহুদী সকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে৷ BSB BSB: After many days had passed, the Jews conspired to kill him,
24 ULB আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে-ৰাতিয়ে দুৱাৰ বোৰত খাপ দি থাকিল; কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে৷ BSB BSB: but Saul learned of their plot. Day and night they watched the city gates in order to kill him.
25 ULB তাৰ পাছত তেওঁৰ শিষ্য সকলে ৰাতিতেই তেওঁক পাচিত ভৰাই, গড়েদি নমাই দিলে। BSB BSB: One night, however, his disciples took him and lowered him in a basket through a window in the wall.
26 ULB পাছত চৌলে যিৰূচালেমলৈ গৈ শিষ্য সকলৰ লগ লবলৈ চেষ্টা কৰাত, সকলোৱে তেওঁলৈ ভয় কৰিলে, আৰু তেওঁ যে শিষ্য হয়, ইয়াকো বিশ্বাস নকৰিলে। BSB BSB: When Saul arrived in Jerusalem, he tried to join the disciples, but they were all afraid of him, not believing that he was a disciple.
27 ULB কিন্তু বাৰ্ণবাই তেওঁক পাঁচনিসকলৰ আগলৈ আনিলে৷ ইয়াৰ পাছত দম্মেচকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল, আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল, আৰু তেওঁ কেনেকৈ দম্মেচকত যীচুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে। BSB BSB: Then Barnabas brought him to the apostles and described how Saul had seen the Lord, who had spoken to him on the road to Damascus, and how Saul had spoken boldly in that city in the name of Jesus.
28 ULB চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে। BSB BSB: So Saul stayed with them, moving about freely in Jerusalem and speaking boldly in the name of the Lord.
29 ULB তাতে তেওঁ গ্ৰীক-ভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল। BSB BSB: He talked and debated with the Grecian Jews, but they tried to kill him.
30 ULB ভাই সকলে এই বিষয়ে জানিবলৈ পোৱাত তেওঁক চীজাৰীয়ালৈ নি তাৰ্চ নগৰলৈ পঠাই দিলে। BSB BSB: When the brothers learned of this, they took him down to Caesarea and sent him off to Tarsus.
31 ULB সেই সময়ত গোটেই যিহূদিয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলীসমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷ BSB BSB: Then the church throughout Judea, Galilee, and Samaria experienced a time of peace. It grew in strength and numbers, living in the fear of the Lord and the encouragement of the Holy Spirit.
32 ULB তাৰ পাছত পিতৰে ঠায়ে ঠায়ে ফুৰি লুদ্দা নগৰৰ নিবাসী পবিত্ৰ লোক সকলৰ ওচৰ পালেগৈ৷ BSB BSB: As Peter traveled throughout the area, he went to visit the saints in Lydda.
33 ULB সেই ঠাইতে পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ আঠ বছৰ শয্যাত পৰি থকা ঐনিয়া নামেৰে এজন মানু্হক দেখিলে। BSB BSB: There he found a man named Aeneas who had been paralyzed and bedridden for eight years.
34 ULB পিতৰে তেওঁক কলে, "হে ঐনিয়া, যীচু খ্ৰীষ্টই আপোনাক সুস্হ কৰিছে; আপুনি উঠি আপোনাৰ শয্যা চপাই লওঁক;" তাতে তেওঁ তেতিয়াই উঠি থিয় হ'ল। BSB BSB: “Aeneas,” Peter said to him, “Jesus Christ heals you! Get up and put away your mat.” Immediately Aeneas got up,
35 ULB পাছত লুদ্দা আৰু চাৰোণ-নিবাসী সকলেও প্ৰভুলৈ মন-পালটালে। BSB BSB: and all who lived in Lydda and Sharon saw him and turned to the Lord.
36 ULB আৰু যাক ভাষাত দৰ্কা অৰ্থাৎ হৰিণী বুলি মাতে, দান দিয়া আৰু সৎকৰ্ম্মেৰে পূৰ্ণ হৈ থকা টাবিথা নামৰ শিষ্যা এজনী যাফোত আছিল৷ BSB BSB: In Joppa there was a disciple named Tabitha (which is translated as Dorcas), who was always occupied with works of kindness and charity.
37 ULB সেই সময়ত তেওঁ নৰিয়াত পৰি মৃত্যু হোৱাত, লোক সকলে তেওঁক ধুৱাই ওপৰ কোঁঠালিত শুৱাই থলে। BSB BSB: At that time, however, she became sick and died, and her body was washed and placed in an upper room.
38 ULB তাতে লুদ্দা নগৰ যাফোৰ ওচৰ হোৱাত, আৰু পিতৰো তাতে আছে বুলি শুনি, শিষ্য সকলে তেওঁৰ ওচৰলৈ দুজন মানুহ পঠিয়াই মিনতি কৰালে, বোলে, "পলম নকৰি আমাৰ ইয়ালৈ আহক।" BSB BSB: Since Lydda was near Joppa, the disciples, hearing that Peter was there, sent two men to urge him, “Come to us without delay.”
39 ULB তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হোৱাত, লোক সকলে তেওঁক ওপৰ কোঁঠালিলৈ নিলে আৰু বিধবা সকলে তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি, দৰ্কাই তেওঁলোকৰ লগত থাকোতে প্ৰস্তুত কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে। BSB BSB: So Peter got up and went with them. On his arrival, they took him to the upper room. All the widows stood around him, weeping and showing him the tunics and other clothing that Dorcas had made while she was still with them.
40 ULB কিন্তু পিতৰে তেওঁলোক আটাইকে বাহিৰলৈ যাব দি আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে; পাছত মৃতদেহৰ ফাললৈ ঘূৰি চাই কলে, "হে টাবিথা উঠা।" তেতিয়া তেওঁ চকু মেলি পিতৰক দেখি বহিল৷ BSB BSB: Then Peter sent them all out of the room. He knelt down and prayed, and turning toward her body, he said, “Tabitha, get up!” She opened her eyes, and seeing Peter, she sat up.
41 ULB তাতে তেওঁ টাবিথাক হাতত ধৰি তুলিলে; পাছত পবিত্ৰ লোক আৰু বিধবা সকলক মাতি, তেওঁলোকৰ আগত তেওঁক জীৱিত দেখুৱালে। BSB BSB: Peter took her by the hand and helped her up. Then he called the saints and widows and presented her to them alive.
42 ULB এই কথা যাফোৰ সকলো ঠাইতে জনাজাত হৈ যোৱাত, অনেক মানুহে প্ৰভুত বিশ্বাস কৰিলে। BSB BSB: This became known all over Joppa, and many people believed in the Lord.
43 ULB তাৰ পাছত পিতৰে যাফোত, চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত বহু দিন থাকিল। BSB BSB: And Peter stayed for several days in Joppa with a tanner named Simon.
Select verses for actions: Enter goes to them and Escape comes back.