1 ULB ধিক তোমালোক! তোমালোক যিসকল চিয়োনত নিচিন্তভাৱে আছা আৰু চমৰীয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যি সকলৰ ওচৰলৈ ইস্রায়েল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তোমালোক জাতিবোৰৰ প্রধানসকলৰ মাজত প্রসিদ্ধ লোক। BSB BSB: Woe to those at ease in Zion and those secure on Mount Samaria, the distinguished ones of the foremost nation, to whom the house of Israel comes.
2 ULB তোমালোকে কলনিলৈ গৈ চোৱা; তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত ফিলিস্তিয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা; সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্য উত্তম নে? তোমালোকৰ সীমা সেইবোৰৰ সীমাতকৈ ডাঙৰ নে? BSB BSB: Cross over to Calneh and see; go from there to the great Hamath; then go down to Gath of the Philistines. Are you better than these kingdoms? Is their territory larger than yours?
3 ULB তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰৰ ৰাজত্বক ওচৰ চপাই আনিছা। BSB BSB: You dismiss the day of calamity and bring near a reign of violence.
5 ULB যিসকলে বীণা বাদ্যেৰে অসাৰ্থক গীত গায়, দায়ুদৰ নিচিনাকৈ বাদ্য-যন্ত্ৰত গীত ৰচনা কৰে, BSB BSB: You improvise songs on the harp like David and invent your own musical instruments.
6 ULB যিসকলে পাত্রবোৰৰ পৰা দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে সৈতে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ (ইস্রায়েলৰ) বিনষ্টৰ কাৰণে তেওঁলোকে দুখ নকৰে! BSB BSB: You drink wine by the bowlful and anoint yourselves with the finest oils, but you fail to grieve over the ruin of Joseph.
7 ULB গতিকে বন্দী হৈ অন্য দেশলৈ যাব লগা সকলৰ মাজত এইসকলেই প্রথমে দেশান্তৰিত হ’ব; তেতিয়া ভোগবিলাসত আৰামেৰে থকাসকলৰ চিঞৰ-বাখৰ নাইকিয়া হব। BSB BSB: Therefore, you will now go into exile as the first of the captives, and your feasting and lounging will come to an end.
8 ULB বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যিহোৱাই নিজৰ নামেৰে শপত খাই কৈছে: “মই যাকোবৰ অহঙ্কাৰ আৰু তেওঁৰ দূর্গবোৰ ঘিণ কৰোঁ; সেই বাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম।” BSB BSB: The Lord GOD has sworn by Himself—the LORD, the God of Hosts, has declared: “I abhor Jacob’s pride and detest his citadels, so I will deliver up the city and everything in it.”
9 ULB তাতে, এটা ঘৰত দহজন লোক জীয়াই থাকিলেও, তেওঁলোকৰ মৃত্যু হব। BSB BSB: And if there are ten men left in one house, they too will die.
10 ULB যেতিয়া কোনোবাজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে শৱটো ঘৰৰ পৰা বাহিৰলৈ দাঙি লবলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক “তোমাৰ লগত আন কোনোবা আছে নেকি” বুলি জানিবলৈ সুধিব; তেতিয়া তেওঁ ক’ব, “নাই।” তাতে সেই আত্মীয়ই ক’ব, “মনে মনে থাকা! আমি যিহোৱাৰ নাম উল্লেখ কৰিব নাপায়।” BSB BSB: And when the relative who is to burn the bodies picks them up to remove them from the house, he will call to one inside, “Is anyone else with you?” “None,” that person will answer. “Silence,” the relative will retort, “for the name of the LORD must not be invoked.”
11 ULB কিয়নো চোৱা, যিহোৱাই আজ্ঞা দিব, ডাঙৰ ডাঙৰ ঘৰ ভাঙি চূৰমাৰ হ’ব আৰু সৰু সৰু ঘৰ টুকুৰা-টুকুৰ কৰা হব। BSB BSB: For the LORD gives a command: “The great house will be smashed to pieces, and the small house to rubble.”
12 ULB ঘোৰাঁবোৰে জানো খলাবমা শিলনিত লৰ মাৰিব পাৰে? কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে? কিন্তু তোমালোকে ন্যায়বিচাৰক বিহলৈ পৰিণত কৰিলা আৰু ধাৰ্ম্মিকতাৰ ফলক তিতা ফললৈ পৰিবৰ্ত্তন কৰিলা। BSB BSB: “Do horses gallop on the cliffs? Does one plow the sea with oxen? But you have turned justice into poison and the fruit of righteousness into wormwood—
13 ULB তোমালোকে লো-দেবাৰত (যাৰ অর্থ অসাৰ বস্তু) আনন্দ কৰিছা। তোমালোকে কোৱা, “আমি জানো নিজৰ শক্তিৰে কার্নয়িম(যাৰ অর্থ ‘শক্তিশালী শিংবোৰ’) অধিকাৰ কৰা নাই?” BSB BSB: you who rejoice in Lo-debar and say, ‘Did we not take Karnaim by our own strength?’
14 ULB বাহিনীসকলৰ যিহোৱাই কৈছে, “হে ইস্ৰায়েল-বংশ, চোৱা মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উঠাম; সেই জাতিয়ে লিবো-হমাতৰ পৰা অৰাবাৰ উপত্যকা পর্যন্ত তোমালোকৰ ওপৰত উপদ্রৱ কৰিব। BSB BSB: For behold, I will raise up a nation against you, O house of Israel,” declares the LORD, the God of Hosts, “and they will oppress you from Lebo-hamath to the Brook of the Arabah.”