1 ULB প্ৰভু যিহোৱাই, মোক পুণৰ এটা দর্শন দেখুৱালে: তেওঁ মোক এপাচি পকা ফল দেখুৱালে। BSB BSB: This is what the Lord GOD showed me: I saw a basket of summer fruit.
2 ULB তেওঁ কলে, “আমোচ তুমি কি দেখা পাইছা?” মই কলোঁ, “এপাচি পকা ফল”। তেতিয়া যিহোৱাই মোক কলে, “মোৰ প্ৰজা ইস্ৰায়েলৰ শেষ সময় উপস্থিত হৈছে: মই তেওঁলোকক কেতিয়াও পুণৰ ক্ষমা নকৰিম। BSB BSB: “Amos, what do you see?” He asked. “A basket of summer fruit,” I replied. So the LORD said to me, “The end has come for My people Israel; I will no longer spare them.”
3 ULB প্ৰভু যিহোৱাই কৈছে, সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হব; মৰা-শৱ অনেক হব; সেইবোৰ সকলো ঠাইতে পেলোৱা হ’ব। “মনে মনে থাকা!” BSB BSB: “In that day,” declares the Lord GOD, “the songs of the temple will turn to wailing. Many will be the corpses, strewn in silence everywhere!”
4 ULB তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা। BSB BSB: Hear this, you who trample the needy, who do away with the poor of the land,
5 ULB তোমালোকে কোৱা যে,“ন জোনৰ উৎসৱ কেতিয়া শেষ হ’ব, যাতে আমি পুণৰায় শস্য বিক্রী কৰিব পাৰো? বিশ্রাম-দিন কেতিয়া শেষ হ’ব, যাতে আমি বজাৰত ঘেহুঁ বিক্রী কৰিব পাৰো? আমি ঐফা (জোখা পাত্র) সৰু কৰিম, চেকেল (দাম) বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম। BSB BSB: asking, “When will the New Moon be over, that we may sell grain? When will the Sabbath end, that we may market wheat? Let us reduce the ephah and increase the shekel; let us cheat with dishonest scales.
6 ULB ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম। সাৰি পেলাই দিয়া ঘেহুঁ বিক্রী কৰিম।” BSB BSB: Let us buy the poor with silver and the needy for a pair of sandals, selling even the chaff with the wheat!”
7 ULB যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্য্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।” BSB BSB: The LORD has sworn by the Pride of Jacob: “I will never forget any of their deeds.
8 ULB ইয়াৰ বাবে জানো দেশ নকঁপিব? তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব? গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে ওফন্দি উঠিব, অশান্ত হ’ব আৰু পুণৰ নামি যাব, ঠিক মিচৰৰ নদীখনৰ নিচিনাই হব। BSB BSB: Will not the land quake for this, and all its dwellers mourn? All of it will swell like the Nile; it will surge and then subside like the Nile in Egypt.
9 ULB প্ৰভু যিহোৱাই এই কথা কৈছে: “সেই দিনা মই দুপৰীয়াতে সূৰ্য্যক অস্ত যাবলৈ দিম, দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম। BSB BSB: And in that day, declares the Lord GOD, I will make the sun go down at noon, and I will darken the earth in the daytime.
10 ULB মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ’ব; একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব। BSB BSB: I will turn your feasts into mourning and all your songs into lamentation. I will cause everyone to wear sackcloth and every head to be shaved. I will make it like a time of mourning for an only son, and its outcome like a bitter day.
11 ULB প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম; লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব। কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব। BSB BSB: Behold, the days are coming, declares the Lord GOD, when I will send a famine on the land—not a famine of bread or a thirst for water, but a famine of hearing the words of the LORD.
12 ULB লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব। কিন্তু তাক নাপাব। BSB BSB: People will stagger from sea to sea and roam from north to east, seeking the word of the LORD, but they will not find it.
13 ULB সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূর্চ্ছা যাব। BSB BSB: In that day the lovely young women—the young men as well—will faint from thirst.
14 ULB যিসকলে চমৰিয়াৰ পাপৰ শপত খাই কয়, ‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’ নাইবা কয়, ‘বেৰ-চেবাৰ জীৱন্ত দেৱতাৰ শপত’ তেওঁলোক পতিত হব; পুণৰায় কেতিয়াও নুঠিব। BSB BSB: Those who swear by the guilt of Samaria and say, ‘As surely as your god lives, O Dan,’ or, ‘As surely as the way of Beersheba lives’—they will fall, never to rise again.”