1 ULB আৰু মাদীয়া দাৰিয়াবচৰ ৰাজত্বৰ প্ৰথম বছৰতে ময়েই তেওঁক সুস্থিৰ আৰু সবল কৰিবলৈ থিয় হৈছিলোঁ। BSB BSB: “And I, in the first year of Darius the Mede, stood up to strengthen and protect him.
2 ULB সেয়ে যি হওক, এতিয়া মই তোমাক সত্য কথা জনাওঁ। চোৱা, পাৰস্য দেশত আৰু তিনি জন ৰজা উৎপন্ন হ’ব; পাছে চতুৰ্থ ৰজা সকলোতকৈ অধিক ধনৱান হ’ব, আৰু তেওঁ নিজ ধন-সম্পতিৰে শক্তিমান হ’লে সকলোকে যাবন ৰাজ্যৰ বিৰুদ্ধে উচটাব। BSB BSB: Now then, I will tell you the truth: Three more kings will arise in Persia, and then a fourth, who will be far richer than all the others. By the power of his wealth, he will stir up everyone against the kingdom of Greece.
3 ULB পাছে এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ মহাশাসনেৰে শাসন কৰিব, আৰু নিজ ইচ্ছাৰে কাৰ্য্য কৰিব। BSB BSB: Then a mighty king will arise, who will rule with great authority and do as he pleases.
4 ULB তেওঁ উপন্ন হ’লে তেওঁৰ ৰাজ্য ভগ্ন হৈ আকাশৰ চাৰি বায়ুৰ দিশলৈ বিভক্ত হ’ব; কিন্তু তেওঁৰ ৰাজ্য তেওঁৰ বংশৰ নিমিত্তে নহ’ব; আৰু তেওঁ শাসন কৰা ৰাজ্য অনুসাৰে নহ’ব; কিয়নো তেওঁ ৰাজ্য উঘালি তেওঁবিলাকক নিদি আনবিলাকক দিয়া হ’ব। BSB BSB: But as soon as he is established, his kingdom will be broken up and parceled out toward the four winds of heaven. It will not go to his descendants, nor will it have the authority with which he ruled, because his kingdom will be uprooted and given to others.
5 ULB তাৰ পাছত দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ অধ্যক্ষবিলাকৰ মাজৰ এজনে তেওঁতকৈয়ো বলৱান হৈ এক ৰাজ্য স্থাপন কৰিব, তেওঁৰ ৰাজ্য মহাৰাজ্য হ’ব। BSB BSB: The king of the South will grow strong, but one of his commanders will grow even stronger and will rule his own kingdom with great authority.
6 ULB আৰু কেইবছৰমানৰ পাছত তেওঁবিলাকে মিতিৰ পাতিব আৰু সন্ধিৰ নিয়ম স্থিৰ কৰিবৰ নিমিত্তে দক্ষিণ দেশৰ ৰজাৰ জীয়েক উত্তৰ দেশৰ ৰজাৰ ওচৰলৈ যাব। কিন্তু সেই কন্যাই নিজ বাহুবল ৰক্ষা নকৰিব, আৰু সেই দক্ষিণ দেশৰ ৰজা ও তেওঁৰ বাহুবল স্থায়ী নহ’ব; কিন্তু সেই কন্যাক, তেওঁক নিয়াবিলাকক, তেওঁক জন্ম দিয়া জনক, আৰু সেই সময়ত তেওঁক গ্ৰহণ কৰা জনক আপদত সমৰ্পণ কৰা হ’ব। BSB BSB: After some years they will form an alliance, and the daughter of the king of the South will go to the king of the North to seal the agreement. But his daughter will not retain her position of power, nor will his strength endure. At that time she will be given up, along with her royal escort and her father and the one who supported her.
7 ULB তথাপি সেই কন্যাৰ শিপাৰ এটি গজালিৰ পৰা এজন লোক নিজ পদত উৎপন্ন হ’ব; তেওঁ সন্যসামন্ত লগত লৈ গৈ উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু সিহঁতৰ বিৰুদ্ধে কাৰ্য্য কৰি জয়ী হ’ব। BSB BSB: But one from her family line will rise up in his place, come against the army of the king of the North, and enter his fortress, fighting and prevailing.
8 ULB আৰু সিহঁতৰ ঢলা প্ৰতিমাবোৰ, আৰু সিহঁতৰ ৰুপ ও সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে সিহঁতৰ দেৱতাবোৰকো তেওঁ মিচৰলৈ বন্দী কৰি নিব; পাছে কেইবছৰমান উওৰ দেশৰ ৰজাৰ পৰা তেওঁ ক্ষান্ত হৈ থাকিব। BSB BSB: He will take even their gods captive to Egypt, with their metal images and their precious vessels of silver and gold. For some years he will stay away from the king of the North,
9 ULB আৰু সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্ত নিজ দেশলৈ উলটি যাব। BSB BSB: who will invade the realm of the king of the South and then return to his own land.
10 ULB তেওঁৰ পুতেকবিলাকে যুদ্ধ কৰিব, অতি অধিক সৈন্যসমুহ গোটাব; সিহঁতে দেশত সোমাই প্লাবন কৰি দেশৰ মাজেদি যাব, তাৰ পাছত সিহঁতে উলটি তেওঁৰ দুৰ্গলৈকে যুদ্ধ কৰিব। BSB BSB: But his sons will stir up strife and assemble a great army, which will advance forcefully, sweeping through like a flood, and will again carry the battle as far as his fortress.
11 ULB তাতে দক্ষিণ দেশৰ ৰজাই অতিশয় ক্ৰুদ্ধ হৈ যুদ্ধ-যাত্ৰা কৰি উত্তৰ দেশৰ ৰজাৰ লগত যুদ্ধ কৰিব; আৰু তেওঁ অধিক সৈন্য সমুহ গোটাব, আৰু সেই সন্যসমুহক তেওঁৰ হাতত গতাই দিয়া হব। BSB BSB: In a rage, the king of the South will march out to fight the king of the North, who will raise a large army, but it will be delivered into the hand of his enemy.
12 ULB আৰু সেই অধিক সৈন্যসমুহৰ মন বাঢ়িব; তাতে তেওঁৰ সাহ বৃদ্ধি পাব, আৰু তেওঁ হাজাৰ হাজাৰ লোকক নিপাত কৰিব, কিন্তু পৰাক্ৰমী নহব। BSB BSB: When the army is carried off, the king of the South will be proud in heart and will cast down tens of thousands, but he will not triumph.
13 ULB পাছে উওৰ দেশৰ ৰজা পুনৰায় আহিব; তেওঁ আগতকৈয়ো অধিক সৈন্যসমুহ গোটাই, কিছুকাল গলে, কেইবছৰমানৰ মুৰত মহাসৈন্যসমুহ আৰু অধিক বস্ত্ত লৈ আহিব। BSB BSB: For the king of the North will raise another army, larger than the first, and after some years he will advance with a great army and many supplies.
14 ULB সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব; আৰু এই দৰ্শনৰ কথা সিদ্ধ হবৰ নিমিত্তে তোমাৰ স্বদাতীয়ৰ মাজৰ অত্যাচাৰীবোৰেও নিজকে ওখ কৰিব, কিন্ত পতিত হব। BSB BSB: In those times many will rise up against the king of the South. Violent ones among your own people will exalt themselves in fulfillment of the vision, but they will fail.
15 ULB পাছে উত্তৰ দেশৰ ৰজাই আহি হাদাম বান্ধি এখন অতি দৃঢ় নগৰ হাত কৰি ল’ব; তাতে দক্ষিণ দেশৰ ফৌজবোৰ আৰু তেওঁৰ মনোনীত লোকবিলাকে তিষ্ঠিব নোৱাৰিব, তিষ্ঠিবলৈ তেওঁবিলাকৰ শক্তি নহ’ব। BSB BSB: Then the king of the North will come, build up a siege ramp, and capture a fortified city. The forces of the South will not stand; even their best troops will not be able to resist.
16 ULB কিন্তু তেওঁৰ বিৰুদ্ধে অহা জনে নিজ ইচ্ছামতে কাৰ্য্য কৰিব, তেওঁৰ আগত কোনেও তিষ্ঠিব নোৱাৰিব; তেওঁৰ দেশ ৰত্নত ভৰি দিব, আৰু তেওঁৰ হাতত সংহাৰ থাকিব। BSB BSB: The invader will do as he pleases, and no one will stand against him. He will establish himself in the Beautiful Land, with destruction in his hand.
17 ULB তেওঁ সেই ৰজাৰ ৰাজ্যৰ সকলো দৃঢ় ঠাই লবলৈ মন কৰিব, তেওঁৰে সৈতে নিয়ম পাতিব, আৰু কৃতকাৰ্য হ’ব। আৰু ৰাজ্য নষ্ট কৰিবৰ মনেৰে তেওঁ এজনী কন্যা তেওঁক দিব।কিন্তু সেই নিয়ম নৰব, আৰু তেওঁৰ পক্ষে নহ’ব। BSB BSB: He will resolve to come with the strength of his whole kingdom, and will reach an agreement with the king of the South. He will give him a daughter in marriage in order to overthrow the kingdom, but his plan will not succeed or help him.
18 ULB পাছে তেওঁ দ্বীপবোৰৰ ফালে মুখ কৰি অনেক দ্বীপ হাত কৰি ল’ব, কিন্তু তেওঁ দিয়া অপমান তেওঁৰ নিজৰ মুৰতে পেলাব। BSB BSB: Then he will turn his face to the coastlands and capture many of them. But a commander will put an end to his reproach and will turn it back upon him.
19 ULB তেতিয়া তেওঁ নিজ দেশৰ দুৰ্গবোৰলৈ মুখ কৰিব, কিন্তু বিঘিনি পাই পতিত হ’বতেওঁৰ উদ্দেশ্য আৰু পোৱা নায়াব। BSB BSB: After this, he will turn back toward the fortresses of his own land, but he will stumble and fall and be no more.
20 ULB পাছে যিজনে ৰাজ্যৰ শোভাস্থানৰ মাজেদি কৰতোলা এজনক যাবলৈ দিব, এনে এজন লোকে তেওঁৰ পদ পাব; এই জনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ’ব, কিন্তু ক্ৰোধত আৰু যুদ্ধত নহয়। BSB BSB: In his place one will arise who will send out a tax collector for the glory of the kingdom; but within a few days he will be destroyed, though not in anger or in battle.
22 ULB তেওঁৰ দ্বাৰাই প্লাৱন কাৰী সৈন্য সমূহ প্লাৱিত হ’ব, সিহঁত ভগ্ন হ’ব, আৰু নিয়মটিৰে বন্ধা অধিপতি জনো ভগ্ন হ’ব। BSB BSB: Then a flood of forces will be swept away before him and destroyed, along with a prince of the covenant.
23 ULB তেওঁৰ লগত মিত্ৰতাৰ কথা থিৰ কৰাৰে পৰা তেওঁ ছল কৰিব; কিয়নো তেওঁ আহি অলপ সৈন্যৰেই জয়ী হ’ব। BSB BSB: After an alliance is made with him, he will act deceitfully; for he will rise to power with only a few people.
24 ULB তেওঁ নিৰাপদৰ কালত প্ৰদেশৰ অতি ঐশ্বৰ্য্যশালী ঠাইবোৰত সোমাব, আৰু তেওঁৰ বাপেক ককাকে যি কৰা নাই, তাক কৰিব; তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তিৰ সিহঁতৰ মাজত বিলাই দিব, এনেকি, কিছুকাল দুৰ্গবোৰৰ বিৰুদ্ধেও কল্পনা কৰিব। BSB BSB: In a time of peace, he will invade the richest provinces and do what his fathers and forefathers never did. He will lavish plunder, loot, and wealth on his followers, and he will plot against the strongholds—but only for a time.
25 ULB আৰু তেওঁৰ মহা সৈন্যদল লগত লৈ দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে নিজৰ বল আৰু সাহ বঢ়াব; তাতে দক্ষিণ দেশৰ ৰজাই অতিশয় অধিক পৰাক্ৰমী সৈন্যসমূহ লগত লৈ, যুদ্ধ কৰিবলৈ ধৰিব কিন্তু তিষ্ঠিব নোৱাৰিব; কিয়নো লোকিলাকে তেওঁৰ অহিতে নানা কল্পনা কৰিব। BSB BSB: And with a large army he will stir up his power and his courage against the king of the South, who will mobilize a very large and powerful army but will not withstand the plots devised against him.
26 ULB যিবিলাকে তেওঁৰ আহাৰ খায়, তেওঁবিলাকেই তেওঁক নষ্ট কৰিব, আৰু তেওঁৰ সৈন্যসমূহ অতি বেগেৰে পলাই যাব, আৰু অনেক লোক হত হৈ পতিত হ’ব। BSB BSB: Those who eat from his provisions will seek to destroy him; his army will be swept away, and many will fall slain.
27 ULB আৰু এই দুজন ৰজাৰ বিষয়ে হ’লে, তেওঁবিলাকৰ অপকীৰ কৰিব মন; কিন্তু সেয়ে সিদ্ধ নহ’ব কিয়নো নিৰুপিত সময়ত হে সেই কথা ফলিয়াব। BSB BSB: And the two kings, with their hearts bent on evil, will speak lies at the same table, but to no avail, for still the end will come at the appointed time.
28 ULB তেওঁ অনেক ধন-সম্পত্তি লৈ নিজ দেশলৈ উলটি যাব, আৰু তেওঁ মন পবিত্ৰ নিয়মটিৰ অহিতে হ’ব, আৰু তেওঁ নিজ ইচ্ছামতে কাৰ্য্য কৰি নিজ দেশলৈ উলটিব। BSB BSB: The king of the North will return to his land with great wealth, but his heart will be set against the holy covenant; so he will do damage and return to his own land.
29 ULB নিৰূপিত সময়ত তেওঁ পুনৰায় দক্ষিণ দেশত সোমাব; কিন্তু পূৰ্বকালত যেনে হৈছিল পাছৰ কালত তেনে নহব। BSB BSB: At the appointed time he will invade the South again, but this time will not be like the first.
30 ULB কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; এই নিমিত্তে তেওঁ বেজাৰ পাই উলটি যাব, আৰু পবিত্ৰ নিয়মটিৰ বিৰুদ্ধে ক্ৰোধ কৰি ইচ্ছামতে কাৰ্য্য কৰিব; হয়, তেওঁ ঘূৰি আহি পবিত্ৰ নিয়মটি ত্যাগ কৰা লোকবিলাকে সৈতে মিল হ’ব। BSB BSB: Ships of Kittim will come against him, and he will lose heart. Then he will turn back and rage against the holy covenant and do damage. So he will return and show favor to those who forsake the holy covenant.
32 ULB আৰু খোচামতিৰ বাক্যৰ দ্বাৰাই তেওঁ নিয়ম লঙ্ঘনকাৰীবোৰক ভ্ৰষ্ট কৰিব; কিন্তু যি প্ৰজাবিলাকে নিজ ঈশ্বৰক জানে, তেওঁবিলাক বলৱন্ত হৈ কৃতকাৰ্য্য হ’ব। BSB BSB: With flattery he will corrupt those who violate the covenant, but the people who know their God will firmly resist him.
33 ULB আৰু মানুহবিলাকৰ মাজৰ জ্ঞানীবিলাকে অনেকক শিক্ষা দিব; তথাপি তেওঁবিলাকে কিছুসময়লৈ তৰোৱাল, অগ্নীশিখা, বন্দী-অৱস্থা আৰু লূটত পতিত হ’ব। BSB BSB: Those with insight will instruct many, though for a time they will fall by sword or flame, or be captured or plundered.
34 ULB পতিত হোৱাৰ সময়ত তেওঁবিলাকে অলপ সহায় পাব, কিন্তু অনেকে খোচামতি বাক্যৰে তেওঁবিলাকৰ লগ ল’ব। BSB BSB: Now when they fall, they will be granted a little help, but many will join them insincerely.
35 ULB আৰু শেষৰ সময়লৈকে জ্ঞানীবিলাকক পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুক্লা কৰা হবৰ নিমিত্তে, তেওঁবিলাকৰ মাজৰো কোনো কোনো পতিত হ’ব; কিয়নো তেতিয়াও নিৰূপিত কাল উপস্থিত হ’বলৈ থাকিব। BSB BSB: Some of the wise will fall so that they may be refined, purified, and made spotless until the time of the end, for it will still come at the appointed time.
36 ULB তাৰ পাছত ৰজাই নিজৰ ইচ্চামতে কাৰ্য্য কৰিব, আৰু আটাই দেৱতাবোৰতকৈ নিজকে বৰ জ্ঞানী বুলি অহঙ্কাৰ কৰিব, আৰু ঈশ্বৰ বিলাকৰো ঈশ্বৰৰ অহিতে বিস্ময়জনক কথা ক’ব, আৰু কোঠ সিদ্ধ নোহোৱালৈকে ভাগ্যৱান হ’ব; কিয়নো যি নিৰূপিত, তাকে কৰা যাব। BSB BSB: Then the king will do as he pleases and will exalt and magnify himself above every god, and he will speak monstrous things against the God of gods. He will be successful until the time of wrath is completed, for what has been decreed must be accomplished.
37 ULB আৰু তেওঁ নিজ পূৰ্বপুৰুষবিলাকৰ দেৱতাবোৰক নামানিব, আৰু তিৰোতা মানুহৰ প্ৰিয়াদেৱীক, নাইবা কোনো দেৱতাবোৰকো নামানিব; কিয়নো তেওঁ নিজকে সকলোতকৈ বৰ বুলি জ্ঞান কৰিব। BSB BSB: He will show no regard for the gods of his fathers, nor for the one desired by women, nor for any other god, because he will magnify himself above them all.
38 ULB কিন্তু দুৰ্গ দেৱতাৰ ঠাইত তেওঁ দুৰ্গ দেৱতাক সন্মান কৰিব, নিজৰ পূৰ্ব-পুৰুষবিলাকে নজনা দেৱতা এজনক সোণ, ৰূপ, মণি, আৰু মনোহৰ বস্তুৰে সন্মান কৰিব। BSB BSB: And in their place, he will honor a god of fortresses—a god his fathers did not know—with gold, silver, precious stones, and riches.
39 ULB আৰু তেওঁ বিজাতীয় দেৱতা এজনৰ সাহাৰ্যত অতি দৃঢ় দুৰ্গবোৰ বিৰুদ্ধে কাৰ্য কৰিব; যিমান লোকে তেওঁৰ অধিনতা স্বীকাৰ কৰিব, সেই সকলোকে তেওঁ অতি সন্মান কৰিব, আৰু অনেকৰ ওপৰত ৰাজপথ দিব, আৰু বঁটা স্বৰূপে মাটি ভাগ কৰি দিব। BSB BSB: He will attack the strongest fortresses with the help of a foreign god and will greatly honor those who acknowledge him, making them rulers over many and distributing the land for a price.
41 ULB তেওঁ দেশ ৰত্নতো সোমাব, আৰু অনেক দেশ পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তানবিলাকৰ প্ৰধান ভাগ তেওঁৰ হাতৰ পৰা ৰক্ষা পাব। BSB BSB: He will also invade the Beautiful Land, and many countries will fall. But these will be delivered from his hand: Edom, Moab, and the leaders of the Ammonites.
42 ULB তেওঁ নানা দেশৰ ওপৰত হাত দিব, আৰু মিচৰ দেশ ৰক্ষা নাপাব। BSB BSB: He will extend his power over many countries, and not even the land of Egypt will escape.
43 ULB আৰু সাঁচি থোৱা সোণ, ৰূপ আদি মিচৰীয়াবিলাকৰ আটাই বহুমূল্য বস্তুৰ ওপৰত তেওঁৰ ক্ষমতা চলিব; লুবিয়া আৰু কূচীয়াবিলাক তেওঁৰ খোজে খোজে যাব। BSB BSB: He will gain control of the treasures of gold and silver and over all the riches of Egypt, and the Libyans and Cushites will also submit to him.
44 ULB কিন্তু পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁৰ মনত দুখ দিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নি:শেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে যাত্ৰা কৰিব। BSB BSB: But news from the east and the north will alarm him, and he will go out with great fury to destroy many and devote them to destruction.
45 ULB সমূদ্ৰ আৰু পবিত্ৰ গিৰিৰত্নৰ মাজ ঠাইত তেওঁ নিজৰ ৰাজ তম্বু তৰিব; তথাপি তেওঁ অন্ত উপস্থিত হ’ব তেওঁক সহায় কৰোতা কোনো নহ’ব। BSB BSB: He will pitch his royal tents between the sea and the beautiful holy mountain, but he will meet his end with no one to help him.
Select verses for actions: Enter goes to them and Escape comes back.