1 ULB আপোনালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিব। BSB BSB: At the end of every seven years you must cancel debts.
2 ULB সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল। BSB BSB: This is the manner of remission: Every creditor shall cancel what he has loaned to his neighbor. He is not to collect anything from his neighbor or brother, because the LORD’s time of release has been proclaimed.
3 ULB আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব। BSB BSB: You may collect something from a foreigner, but you must forgive whatever your brother owes you.
4 ULB যাহোক আপোনালোকৰ মাজত কোনো দৰিদ্রলোক নাথাকিব। কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্য স্বৰূপে দিছে, যিহোৱাই সেই দেশত আপোনালোকক নিশ্চয় আশীৰ্ব্বাদ কৰিব। BSB BSB: There will be no poor among you, however, because the LORD will surely bless you in the land that the LORD your God is giving you to possess as an inheritance,
5 ULB যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলো। BSB BSB: if only you obey the LORD your God and are careful to follow all these commandments I am giving you today.
6 ULB কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব। BSB BSB: When the LORD your God blesses you as He has promised, you will lend to many nations but borrow from none; you will rule over many nations but be ruled by none.
7 ULB ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব। BSB BSB: If there is a poor man among your brothers within any of the gates in the land that the LORD your God is giving you, then you are not to harden your heart or shut your hand from your poor brother.
8 ULB কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে। BSB BSB: Instead, you are to open your hand to him and freely loan him whatever he needs.
9 ULB সাৱধান হওঁক সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিব, আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে আপোনাৰ পাপ হ’ব। BSB BSB: Be careful not to harbor this wicked thought in your heart: “The seventh year, the year of release, is near,” so that you look upon your poor brother begrudgingly and give him nothing. He will cry out to the LORD against you, and you will be guilty of sin.
10 ULB আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্ম্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্য্যত আপোনাক আশীৰ্ব্বাদ কৰিব। BSB BSB: Give generously to him, and do not let your heart be grieved when you do so. And because of this the LORD your God will bless you in all your work and in everything to which you put your hand.
11 ULB কিয়নো দুখীয়া মানুহ দেশৰ পৰা আতৰ নহ’ৱ, এই কাৰণে মই আপোনাক এই আজ্ঞা দিছোঁ, যে, আপুনি নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিব। BSB BSB: For there will never cease to be poor in the land; that is why I am commanding you to open wide your hand to your brother and to the poor and needy in your land.
13 ULB মুকলি কৰি বিদায় দিয়া সময়ত, তাক শুদা হাতে নপঠাব। BSB BSB: And when you release him, do not send him away empty-handed.
14 ULB আপোনালোকে আপোনালোকৰ ভেড়া আৰু ছাগলী জাকৰ পৰা, মৰণামৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দি দি’ব। BSB BSB: You are to furnish him liberally from your flock, your threshing floor, and your winepress. You shall give to him as the LORD your God has blessed you.
15 ULB আপুনি অৱশ্যেই মনত ৰখা উচিত যে মিছৰ দেশত আপোনালোক বন্দী অৱস্থাত আছিল, আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক মুক্ত কৰিলে; তাক সোঁৱৰক; এই কাৰণে মই আজি আপোনালোকক এই আজ্ঞা দিছোঁ। BSB BSB: Remember that you were slaves in the land of Egypt, and the LORD your God redeemed you; that is why I am giving you this command today.
16 ULB কিন্তু আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলৰ প্রতি ভাল পোৱাৰ কাৰণে আৰু আপোনালোকৰ ওচৰত সুখেৰে আছে কৈ আপোনালোকক এৰি নাযাওঁ বুলি কয়, BSB BSB: But if your servant says to you, ‘I do not want to leave you,’ because he loves you and your household and is well off with you,
17 ULB তেন্তে আপোনালোকে তেওঁৰ কাণৰ লতি লৈ দুৱাৰত লগাই ৰাখি বিন্ধনাৰে ফুটা কৰিব। তেতিয়া তেওঁ সদায় আপোনাৰ বন্দী হৈ থাকিব; আৰু বেটীলৈকো সেইদৰেই কৰিব। BSB BSB: then take an awl and pierce it through his ear into the door, and he will become your servant for life. And treat your maidservant the same way.
18 ULB তেওঁ ছয় বছৰ আপোনালোকৰ কাৰণে আপোনাৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, আপুনি তেওঁক মুকলি কৰি বিদায় দিয়াত আপুনি কষ্টবোধ নকৰিব; তাতে আপোনাৰ ঈশ্বৰ যিহোৱাই আপুনি কৰা সকলো কাৰ্য্যত আপোনাক আশীৰ্ব্বাদ কৰিব। BSB BSB: Do not regard it as a hardship to set your servant free, because his six years of service were worth twice the wages of a hired hand. And the LORD your God will bless you in all you do.
19 ULB আপোনালোকে আপোনালোকৰ গৰু, ভেড়া আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব; আপোনালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাব, আৰু আপোনালোকৰ ভেড়াৰ প্ৰথমে জগা নোম নাকাটিব। BSB BSB: You must set apart to the LORD your God every firstborn male produced by your herds and flocks. You are not to put the firstborn of your oxen to work, nor are you to shear the firstborn of your flock.
20 ULB যিহোৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত আপোনাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে আপুনি আপোনালোকৰ সপৰিয়ালে তাক প্ৰতিবছৰে আহাৰ হিচাপে গ্রহণ কৰিব। BSB BSB: Each year you and your household are to eat it before the LORD your God in the place the LORD will choose.
21 ULB যদি তাত কোনো ঘুণীয়া থাকে, অৰ্থাৎ সেইবোৰত যদি খোৰা, কণা, বা আন প্ৰকাৰৰ কোনো ঘুণ থকা হয়, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিব। BSB BSB: But if an animal has a defect, is lame or blind, or has any serious flaw, you must not sacrifice it to the LORD your God.
22 ULB আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত তাক খাব। শুচি আৰু অশুচি সকলো লোকে সমানে কৃষ্ণসাৰ বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিব। BSB BSB: Eat it within your gates; both the ceremonially unclean and clean may eat it as they would a gazelle or a deer.
23 ULB আপুনি কেৱল তাৰ তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব। BSB BSB: But you must not eat the blood; pour it on the ground like water.
Select verses for actions: Enter goes to them and Escape comes back.