1 ULB আপুনি আবীব মাহ মানিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিব; কিয়নো আবীব মাহতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক মিছৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল। BSB BSB: Observe the month of Abib and celebrate the Passover to the LORD your God, because in the month of Abib the LORD your God brought you out of Egypt by night.
2 ULB ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ভেড়া, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব। BSB BSB: You are to offer to the LORD your God the Passover sacrifice from the herd or flock in the place the LORD will choose as a dwelling for His Name.
3 ULB মিছৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল। BSB BSB: You must not eat leavened bread with it; for seven days you are to eat with it unleavened bread, the bread of affliction, because you left the land of Egypt in haste—so that you may remember for the rest of your life the day you left the land of Egypt.
4 ULB সাদিনলৈকে আপোনালোকৰ সকলো সীমাত, আপোনালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনক সন্ধ্যাকালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে গোটেই ৰাতি থকা অৱশিষ্ট নাথাকক। BSB BSB: No leaven is to be found in all your land for seven days, and none of the meat you sacrifice in the evening of the first day shall remain until morning.
5 ULB ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিব। BSB BSB: You are not to sacrifice the Passover animal in any of the towns that the LORD your God is giving you.
6 ULB কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব। BSB BSB: You must only offer the Passover sacrifice at the place the LORD your God will choose as a dwelling for His Name. Do this in the evening as the sun sets, at the same time you departed from Egypt.
7 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাব। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাব। BSB BSB: And you shall roast it and eat it in the place the LORD your God will choose, and in the morning you shall return to your tents.
8 ULB আপোনালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাব; আৰু সপ্তম দিনা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম্ম-সভা আয়োজন হ’ব, সেই দিনা আপোনালোকে কোনো কাম নকৰিব। BSB BSB: For six days you must eat unleavened bread, and on the seventh day you shall hold a solemn assembly to the LORD your God, and you must not do any work.
9 ULB তাৰ পাছত আপোনালোকে সাত সপ্তাহ লেখ কৰিব। শস্যত প্ৰথমে কাঁচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ গন্তি কৰিব। BSB BSB: You are to count off seven weeks from the time you first put the sickle to the standing grain.
10 ULB আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব। BSB BSB: And you shall celebrate the Feast of Weeks to the LORD your God with a freewill offering that you give in proportion to how the LORD your God has blessed you,
11 ULB আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব। BSB BSB: and you shall rejoice before the LORD your God in the place He will choose as a dwelling for His Name—you, your sons and daughters, your menservants and maidservants, and the Levite within your gates, as well as the foreigner, the fatherless, and the widows among you.
12 ULB আৰু আপোনালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিল, তাক সোঁৱৰণ কৰিব; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য্য কৰিব। BSB BSB: Remember that you were slaves in Egypt, and carefully follow these statutes.
13 ULB পাছত আপোনালোকৰ শস্য মৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব। BSB BSB: You are to celebrate the Feast of Tabernacles for seven days after you have gathered the produce of your threshing floor and your winepress.
14 ULB আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব। BSB BSB: And you shall rejoice in your feast—you, your sons and daughters, your menservants and maidservants, and the Levite, as well as the foreigner, the fatherless, and the widows among you.
15 ULB যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিব। কিয়নো আপোনালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্য্যত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব, আৰু আপোনালোক সকলোভাৱে আনন্দিত হ’ব। BSB BSB: For seven days you shall celebrate a feast to the LORD your God in the place He will choose, because the LORD your God will bless you in all your produce and in all the work of your hands, so that your joy will be complete.
16 ULB ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমিৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-উৎসৱত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে। BSB BSB: Three times a year all your men are to appear before the LORD your God in the place He will choose: at the Feast of Unleavened Bread, the Feast of Weeks, and the Feast of Tabernacles. No one should appear before the LORD empty-handed.
17 ULB ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব। BSB BSB: Everyone must appear with a gift as he is able, according to the blessing the LORD your God has given you.
18 ULB ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব। BSB BSB: You are to appoint judges and officials for your tribes in every town that the LORD your God is giving you. They are to judge the people with righteous judgment.
19 ULB আপুনি বলপুর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্ম্মিকৰ কথা ওলোটাই। BSB BSB: Do not deny justice or show partiality. Do not accept a bribe, for a bribe blinds the eyes of the wise and twists the words of the righteous.
20 ULB তাতে আপুনি জীয়াই থাকি, আপোনাৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলোভাৱে যি ন্যায়, সেই মতে চলিব। BSB BSB: Pursue justice, and justice alone, so that you may live, and you may possess the land that the LORD your God is giving you.
22 ULB আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিব। BSB BSB: and do not set up for yourselves a sacred pillar, which the LORD your God hates.
Select verses for actions: Enter goes to them and Escape comes back.