1 ULB ঈশ্বৰ যিহোৱালৈ আপোনালোকে কোনো ঘুণ কি খূঁত থকা গৰু, ভেড়া বা ছাগ বলিদান নকৰিব। কিয়নো সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ঘিণলগীয়া। BSB BSB: You shall not sacrifice to the LORD your God an ox or a sheep with any defect or serious flaw, for that is detestable to the LORD your God.
2 ULB ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি এনে পুৰুষ কি স্ত্ৰীক তোমাৰ মাজত পোৱা যায়, যে, তেওঁলোকে গৈ তোমাৰ ঈশ্বৰ যিহোৱাৰ নিয়মটি ভাঙি তেওঁৰ দৃষ্টিত কু-কৰ্ম্ম কৰি, আন দেৱতাক সেৱা পূজা কৰিছে। BSB BSB: If a man or woman among you in one of the towns that the LORD your God gives you is found doing evil in the sight of the LORD your God by transgressing His covenant
3 ULB আৰু সেই বোৰৰ আগত প্ৰণিপাত কৰিলে, বা মই নিষেধ কৰা সূৰ্য্য, চন্দ্ৰ আদি আকাশৰ বাহিনীসকলৰ যি কোনো এজনৰ আগত প্ৰণিপাত কৰে, BSB BSB: and going to worship other gods, bowing down to them or to the sun or moon or any of the host of heaven—which I have forbidden—
4 ULB আৰু সেইবোৰ আপোনালোকৰ আগত কোৱা হ’ল, আৰু আপোনালোকে তাক শুনিলে, এই সকলো আপোনালোকে শুনি সাৱধানতাৰে বিচাৰ কৰিব। ইস্ৰায়েলৰ মাজত তেনে ঘিণলগীয়া কাৰ্য্য কৰা যদি হৈছে, সেই কথা যদি সচাঁ আৰু নিশ্চয় হয়, BSB BSB: and if it is reported and you hear about it, you must investigate it thoroughly. If the report is true and such an abomination has happened in Israel,
5 ULB তেন্তে যি পুৰুষ কি স্ত্ৰীয়ে সেই কু-কৰ্ম্ম কৰিলে, সেই পুৰুষ কি স্ত্ৰীক আপোনালোকৰ নগৰৰ দুৱাৰ- মুখলৈ উলিয়াই নি, তেওঁলোক মৰাকৈ তেওঁলোকক শিল দলিয়াই মাৰিব। BSB BSB: you must bring out to your gates the man or woman who has done this evil thing, and you must stone that person to death.
6 ULB পাছত আপোনালোকে সেই কথাৰ দুজন সাক্ষীৰ মুখেৰে শুনিহে, যাৰ প্ৰাণদণ্ড কৰিব লাগে, তাৰ প্ৰাণদণ্ড কৰিব। এজন সাক্ষীৰ মুখেৰে তেওঁৰ প্ৰাণদণ্ড নহ’ব। BSB BSB: On the testimony of two or three witnesses a man shall be put to death, but he shall not be executed on the testimony of a lone witness.
7 ULB তেওঁক বধ কৰিবলৈ,প্রথমে সাক্ষীসকলে, পাছত সকলো প্ৰজাই তেওঁৰ বিৰুদ্ধে হাত উঠাব। এইদৰে আপুনি তেওঁলোকৰ মাজৰ পৰা দুষ্টতা উৎক্ষাত কৰিব। BSB BSB: The hands of the witnesses shall be the first in putting him to death, and after that, the hands of all the people. So you must purge the evil from among you.
8 ULB যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ কঠিন হ’য়, সেয়া হত্যায়েই হওঁক নাইবা দুর্ঘটনাৰ কাৰণেই হওঁক, যদি দুজন লোকৰ বিবাদ আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত হ’য়; যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ অতি কঠিন হয়, তেন্তে আপোনালোকে উঠি, ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইলৈ যাব, BSB BSB: If a case is too difficult for you to judge, whether the controversy within your gates is regarding bloodshed, lawsuits, or assaults, you must go up to the place the LORD your God will choose.
9 ULB আৰু লেবীয়া পুৰোহিতসকলৰ আৰু সেইসময়ৰ বিচাৰকৰ্ত্তাৰ গুৰিলৈ গৈ সুধিব; তাতে তেওঁলোকে আপোনালোকক ৰায় দিব। BSB BSB: You are to go to the Levitical priests and to the judge who presides at that time. Inquire of them, and they will give you a verdict in the case.
10 ULB পাছত যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তেওঁলোকে আপোনালোকক যি ৰায় দিব, আপুনি সেইদৰেই কাৰ্য্য কৰিব। তেওঁলোকে আপোনাক যি ক’ব, তাক সাৱধানে কৰিব। BSB BSB: You must abide by the verdict they give you at the place the LORD will choose. Be careful to do everything they instruct you,
11 ULB আপোনালোকক তেওঁলোকে যি ব্যৱস্থাৰ শিক্ষা দিব, আৰু যি শাসন-প্ৰণালী ক’ব, সেই ব্যৱস্থা আৰু শাসন-প্ৰণালী অনুসাৰে আপুনি কাৰ্য্য কৰিব। তেওঁলোকে দিয়া ৰায়ৰ সোঁ কি বাওঁফালে নুঘুৰিব। BSB BSB: according to the terms of law they give and the verdict they proclaim. Do not turn aside to the right or to the left from the decision they declare to you.
12 ULB কিন্তু যিকোনো লোকে গৰ্ব্ব কৰি, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পৰিচৰ্য্যা কৰাৰ কাৰণে সেই ঠাইত থিয় হোৱা পুৰোহিতৰ, বা বিচাৰকৰ্ত্তাৰ কথা নুশুনে, সেই মানুহৰ প্ৰাণদণ্ড হ’ব। এইদৰে আপুনি ইস্ৰায়েলৰ মাজৰ পৰা তেনে দুষ্টতা দুৰ কৰিব। BSB BSB: But the man who acts presumptuously, refusing to listen either to the priest who stands there to serve the LORD your God, or to the judge, must be put to death. You must purge the evil from Israel.
13 ULB তাত সকলো প্ৰজাই তাক শুনি ভয় পাই সেইদৰে আৰু গৰ্ব্ব নকৰিব। BSB BSB: Then all the people will hear and be afraid, and will no longer behave arrogantly.
14 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে, যেতিয়া ক’ব, “মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে মইও মোৰ ওপৰত এজন ৰজা পাতোঁ।” BSB BSB: When you enter the land that the LORD your God is giving you and have taken possession of it and settled in it, and you say, “Let us set a king over us like all the nations around us,”
16 ULB কেৱল তেওঁ নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাসকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই আপোনালোকক কৈছিল, ইয়াৰ পাছত “আপোনালোকে সেই বাটেদি পুনৰায় উলটি নাযাব।” BSB BSB: But the king must not acquire many horses for himself or send the people back to Egypt to acquire more horses, for the LORD has said, ‘You are never to go back that way again.’
17 ULB আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব। BSB BSB: He must not take many wives for himself, lest his heart go astray. He must not accumulate for himself large amounts of silver and gold.
18 ULB যেতিয়া তেওঁ সেই ৰাজসিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিতসকলৰ আগত থকা পুস্তকখনিৰ পৰা এখন আন এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি থব। BSB BSB: When he is seated on his royal throne, he must write for himself a copy of this instruction on a scroll in the presence of the Levitical priests.
19 ULB ইস্রায়েলৰ মাজত নিজ ৰাজ্যত তেওঁ আৰু তেওঁৰ সন্তানসকল দীৰ্ঘজীবী হবৰ কাৰণে তেওঁ যেন ভাইসকলৰ সন্মুখত অহংকাৰ নকৰে আৰুএই আজ্ঞাৰ সোঁ কি বাওঁফালে যেন নুঘুৰে। BSB BSB: It is to remain with him, and he is to read from it all the days of his life, so that he may learn to fear the LORD his God by carefully observing all the words of this instruction and these statutes.
20 ULB এই কাৰণে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য, আৰু বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিবৰ অৰ্থে, সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব। BSB BSB: Then his heart will not be exalted above his countrymen, and he will not turn aside from the commandment, to the right or to the left, in order that he and his sons may reign many years over his kingdom in Israel.
Select verses for actions: Enter goes to them and Escape comes back.