1 ULB লেবীয়া পুৰোহিতসকল আৰু লেবীগোষ্ঠীৰ সকলো লোকে আন ইস্রায়েলীয়াসকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগবঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব। BSB BSB: The Levitical priests—indeed the whole tribe of Levi—shall have no portion or inheritance with Israel. They are to eat the food offerings to the LORD; that is their inheritance.
2 ULB ইস্রায়েলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰপ্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ। BSB BSB: Although they have no inheritance among their brothers, the LORD is their inheritance, as He promised them.
3 ULB লোকসকলে যিবোৰ গৰু-ছাগলী বা ভেড়া বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিতসকলে পাবলগীয়া ভাগ। BSB BSB: This shall be the priests’ share from the people who offer a sacrifice, whether a bull or a sheep: the priests are to be given the shoulder, the jowls, and the stomach.
4 ULB আপোনালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু ভেড়াৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম আপোনালোকে পুৰোহিতক দিব। BSB BSB: You are to give them the firstfruits of your grain, new wine, and oil, and the first wool sheared from your flock.
5 ULB কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে। BSB BSB: For the LORD your God has chosen Levi and his sons out of all your tribes to stand and minister in His name for all time.
6 ULB সমগ্র ইস্রায়েল দেশৰ কোনো নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়, BSB BSB: Now if a Levite moves from any town of residence throughout Israel and comes in all earnestness to the place the LORD will choose,
7 ULB তেতিয়া আন সকলো লেবীয়া ভাইসকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব। BSB BSB: then he shall serve in the name of the LORD his God like all his fellow Levites who stand there before the LORD.
8 ULB সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়াসকলৰ লগত আহাৰৰ সমান ভাগ পাব। BSB BSB: They shall eat equal portions, even though he has received money from the sale of his father’s estate.
11 ULB যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভুতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে। BSB BSB: casts spells, consults a medium or spiritist, or inquires of the dead.
12 ULB এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। BSB BSB: For whoever does these things is detestable to the LORD. And because of these detestable things, the LORD your God is driving out the nations before you.
13 ULB আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব। BSB BSB: You must be blameless before the LORD your God.
14 ULB আপোনালোকে যি জাতিবোৰক উদ্ধাস্তু কৰি ভূমি অধিকাৰ কৰিব, তেওঁলোকে মায়াবিদ্যা আৰু মঙ্গল চোৱা ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু আপোনালোকক হ’লে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে। BSB BSB: Though these nations, which you will dispossess, listen to conjurers and diviners, the LORD your God has not permitted you to do so.
16 ULB হোৰেব পাহাৰৰ ওচৰত আপোনালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিল। আপোনালোকে এইবুলি প্রার্থনা কৰিছিল, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুণৰ শুনিবলৈ নিদিব বা এই মহা-অগ্নি আমাক পুণৰ চাবলৈ নিদিব; সেয়ে হ’লে আমি মৰি যাম।” BSB BSB: This is what you asked of the LORD your God at Horeb on the day of the assembly, when you said, “Let us not hear the voice of the LORD our God or see this great fire anymore, so that we will not die!”
17 ULB যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে। BSB BSB: Then the LORD said to me, “They have spoken well.
19 ULB সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম। BSB BSB: And I will hold accountable anyone who does not listen to My words that the prophet speaks in My name.
22 ULB কোনো ভাৱবাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।” BSB BSB: When a prophet speaks in the name of the LORD and the message does not come to pass or come true, that is a message the LORD has not spoken. The prophet has spoken presumptuously. Do not be afraid of him.
Select verses for actions: Enter goes to them and Escape comes back.