1 ULB তাৰ পাছত আমি ঘুৰি বাচান দেশৰ ফালে যোৱা বাটেদি গ’লো। আমাৰ লগত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো লোক ইদ্ৰেয়ী নগৰলৈ আমাক আক্রমণ কৰিবৰ কাৰণে ওলাই আহিছিল। BSB BSB: Then we turned and went up the road to Bashan, and Og king of Bashan and his whole army came out to meet us in battle at Edrei.
2 ULB তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁৰ ওপৰত তোমাক বিজয়ী কৰিলো; তেওঁক, তেওঁৰ লোকসকলক আৰু তেওঁৰ দেশ তোমাৰ অধীনত শোধাই দিলো; তুমি হিচবোন নিবাসী ইমোৰীয়াসকলৰ ৰজা চীহোনক যেনে কৰিছিলা, এওঁলৈকো তেনে কৰিবা।” BSB BSB: But the LORD said to me, “Do not fear him, for I have delivered him into your hand, along with all his people and his land. Do to him as you did to Sihon king of the Amorites, who lived in Heshbon.”
3 ULB এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাট কৰি বধ কৰিছিলো; এজনকো অৱশিষ্ট নাৰাখিলো। BSB BSB: So the LORD our God also delivered Og king of Bashan and his whole army into our hands. We struck them down until no survivor was left.
4 ULB সেই সময়ত আমি ওগৰ সকলোবোৰ নগৰ অধিকাৰ কৰি লৈছিলো; তেওঁৰ ষাঠিখন নগৰৰ সকলোৱেই আমি দখল কৰিছিলো; এটাও বাদ নপৰিল। অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য আমি অধিকাৰ কৰি লৈছিলো। BSB BSB: At that time we captured all sixty of his cities. There was not a single city we failed to take—the entire region of Argob, the kingdom of Og in Bashan.
5 ULB সেই নগৰবোৰ ওখ ওখ প্রাচীৰেৰে ঘেৰি থোৱা আছিল আৰু তাত দুৱাৰ আছিল; দুৱাৰবোৰ শলখাৰে বন্ধ কৰি ৰখা আছিল; তাৰ উপৰিও বহুতো প্রাচীৰ নথকা নগৰো আছিল। BSB BSB: All these cities were fortified with high walls and gates and bars, and there were many more unwalled villages.
6 ULB আমি সেই সকলো নগৰ সম্পূর্ণৰূপে ধ্বংস কৰিছিলো। আমি হিচবোনৰ ৰজা চীহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালী সকলোকে নিঃশেষে বিনষ্ট কৰিছিলোঁ। BSB BSB: We devoted them to destruction, as we had done to Sihon king of Heshbon, utterly destroying the men, women, and children of every city.
7 ULB কিন্তু সকলো পশুধন আৰু নগৰৰ লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো। BSB BSB: But all the livestock and plunder of the cities we carried off for ourselves.
8 ULB সেই সময়ত আমি অর্ণোন নদীৰ উপত্যকাৰ পৰা হর্মোন পাহাৰলৈকে যর্দন নদীৰ সিপাৰৰ এলেকা ইমোৰীয়াসকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলো। BSB BSB: At that time we took from the two kings of the Amorites the land across the Jordan, from the Arnon Valley as far as Mount Hermon—
9 ULB (চীদোনৰ লোকসকলে এই হৰ্মোণ পাহাৰক চিৰিয়োন বুলি কয় আৰু ইমোৰীয়াসকলে চনীৰ বোলে।) BSB BSB: which the Sidonians call Sirion but the Amorites call Senir—
10 ULB সেই সমথলভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলো। BSB BSB: all the cities of the plateau, all of Gilead, and all of Bashan as far as the cities of Salecah and Edrei in the kingdom of Og.
11 ULB (অৱশিষ্ট ৰেফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?) BSB BSB: (For only Og king of Bashan had remained of the remnant of the Rephaim. His bed of iron, nine cubits long and four cubits wide, is still in Rabbah of the Ammonites.)
12 ULB সেই সময়ত আমি অধিকাৰ কৰা ঠাই অর্ণোনৰ উপত্যকাৰ ওচৰত অৰোয়েৰ নগৰৰ পৰা গিলিয়দৰ পার্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰূবেন আৰু গাদ জনগোষ্ঠীক দিলোঁ। BSB BSB: So at that time we took possession of this land. To the Reubenites and Gadites I gave the land beyond Aroer along the Arnon Valley, and half the hill country of Gilead, along with its cities.
13 ULB গিলিয়দ দেশৰ বাকী অংশ আৰু অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য মই মনচিৰ আধা জনগোষ্ঠীক দিলো। (বাচানৰ সেই অঞ্চলক ৰেফায়ীয়াসকলৰ দেশ বোলা হয়। BSB BSB: To the half-tribe of Manasseh I gave the rest of Gilead and all of Bashan, the kingdom of Og. (The entire region of Argob, the whole territory of Bashan, used to be called the land of the Rephaim.)
14 ULB যায়ীৰ নামৰে মনচিৰ এজন বংশধৰে গচুৰীয়া আৰু মাখাথীয়াসকলৰ সীমালৈকে গোটেই অৰ্গোব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাচানৰো নাম হব্বোৎ-যায়ীৰ ৰাখিছিল। আজিলৈকে এই নাম আছে।) BSB BSB: Jair, a descendant of Manasseh, took the whole region of Argob as far as the border of the Geshurites and Maacathites. He renamed Bashan after himself, Havvoth-jair, by which it is called to this day.
15 ULB মই মাখীৰক গিলিয়দ দিলোঁ। BSB BSB: To Machir I gave Gilead,
16 ULB ৰূবেন আৰু গাদ জনগোষ্ঠীৰ লোকক মই গিলিয়দৰ পৰা অর্ণোন উপত্যকাৰ মাজৰ সীমা পর্যন্ত আৰু যাব্বোক নদীলৈকে দিলো। যাব্বোক নদীখন অম্মোনৰ বংশধৰসকলৰ সীমা। BSB BSB: and to the Reubenites and Gadites I gave the territory from Gilead to the Arnon Valley (the middle of the valley was the border) and up to the Jabbok River, the border of the Ammonites.
17 ULB ইয়াৰ আন সীমাবোৰ হৈছে যর্দন নদীৰ উপত্যকাৰ সমথলভূমি; কিন্নৰতৰ (গালীল সাগৰ) পৰা আৰাবা সাগৰলৈকে (লৱন বা মৰু সাগৰ) আৰু পূবফালৰ পিচগা পার্বত্য অঞ্চলৰ এঢলীয়া ঠাইলৈকে। BSB BSB: The Jordan River in the Arabah bordered it from Chinnereth to the Sea of the Arabah (the Salt Sea) with the slopes of Pisgah to the east.
18 ULB সেই সময়ত মই আপোনালোকক এইবুলি কৈ আদেশ দিছিলোঁ, “আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে; কিন্তু আপোনালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ, আপোনালোকৰ অন্যান্য ইস্রায়েলীয়া ভাইসকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব। BSB BSB: At that time I commanded you: “The LORD your God has given you this land to possess. All your men of valor are to cross over, armed for battle, ahead of your brothers, the Israelites.
19 ULB অৱশ্যে, মই আপোনালোকক যিবোৰ নগৰ দিলো, সেই নগৰবোৰত আপোনালোকৰ ভার্যা, ল’ৰা-ছোৱালীৰ লগতে আপোনালোকৰ পশুধনবোৰ থাকিব। মই জানো যে আপোনালোকৰ বহুত পশুধন আছে। BSB BSB: But your wives, your children, and your livestock—I know that you have much livestock—may remain in the cities I have given you,
20 ULB যিহোৱাই আপোনালোকক জিৰণিৰ ভূমি দিয়াৰ দৰে আপোনালোকৰ ভাইসকলেও যর্দনৰ সিপাৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া জিৰণিৰ ভূমি অধিকাৰ নকৰা পর্যন্ত আপোনালোকে তেওঁলোকক সহায় কৰিব লাগিব। তাৰ পাছতহে মই আপোনালোকক দিয়া নিজৰ নিজৰ আধিপত্যলৈ আপোনালোক প্রত্যেকেই ঘূৰি আহিব।” BSB BSB: until the LORD gives rest to your brothers as He has to you, and they too have taken possession of the land that the LORD your God is giving them across the Jordan. Then each of you may return to the possession I have given you.”
21 ULB সেই সময়ত মই যিহোচুৱাক এই আজ্ঞা দি কৈছিলোঁ, “তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই দুজন ৰজালৈ কৰা সকলো কাৰ্য্য তুমি নিজ চকুৰে দেখিলা; তোমালোকে পাৰ হৈ যি ৰাজ্যলৈকে যাবা, সেই ৰাজ্যবোৰলৈকো যিহোৱাই সেইদৰে কৰিব। BSB BSB: And at that time I commanded Joshua: “Your own eyes have seen all that the LORD your God has done to these two kings. The LORD will do the same to all the kingdoms you are about to enter.
22 ULB তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিব।” BSB BSB: Do not be afraid of them, for the LORD your God Himself will fight for you.”
23 ULB সেই সময়ত মই যিহোৱাক মিনতি কৰি কৈছিলো, BSB BSB: At that time I also pleaded with the LORD:
24 ULB “হে মোৰ প্ৰভু যিহোৱা, আপুনি যে কিমান মহান আৰু আপোনাৰ হাত কিমান যে শক্তিশালী, তাক আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে। আপুনি যি মহৎ আৰু শক্তিসম্পন্ন কার্যবোৰ কৰিছে, তেনে কার্য কৰিব পৰা এনে কোন দেৱতা স্বর্গত বা পৃথিৱীত আছে? BSB BSB: “O Lord GOD, You have begun to show Your greatness and power to Your servant. For what god in heaven or on earth can perform such works and mighty acts as Yours?
25 ULB মই আপোনাৰ ওচৰত বিনয় কৰিছোঁ, মোক যর্দন নদী পাৰ হবলৈ আৰু সেই উত্তম দেশ প্রত্যক্ষ কৰিবলৈ দিয়ক। মোক সেই সুন্দৰ পার্বত্য দেশ আৰু লিবানোন দর্শন কৰিবলৈ দিয়ক।” BSB BSB: Please let me cross over and see the good land beyond the Jordan—that pleasant hill country as well as Lebanon!”
26 ULB কিন্তু আপোনালোকৰ কাৰণেই যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈ আছিল; তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যিহোৱাই মোক কৈছিল, “তোমাৰ বাবে ইমানেই যথেষ্ট! এই প্রসঙ্গত মোক আৰু কোনো কথা নক’বা; BSB BSB: But the LORD was angry with me on account of you, and He would not listen to me. “That is enough,” the LORD said to me. “Do not speak to Me again about this matter.
27 ULB তুমি পিচগাৰ চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূব ফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্রত্যক্ষ কৰিবা। কিন্তু তুমি যর্দন নদী অতিক্রম নকৰিবা। BSB BSB: Go to the top of Pisgah and look to the west and north and south and east. See the land with your own eyes, for you will not cross this Jordan.
28 ULB তাৰ পৰিবর্তে, তুমি যিহোচুৱাক নির্দেশ দিবা। তুমি অৱশ্যেই তেওঁক উৎসাহিত আৰু সবল কৰিবা। কিয়নো তেৱেঁই এই লোকসকলক নেতৃত্ব দি আগে আগে গৈ পাৰ কৰি নিব। তুমি কেৱল দেশখন দেখাহে পাবা, কিন্তু যিহোচূৱাই তেওঁলোকক সেই দেশ অধিকাৰ কৰাব।” BSB BSB: But commission Joshua, encourage him, and strengthen him, for he will cross over ahead of the people and enable them to inherit the land that you will see.”
29 ULB সেয়ে আমি বৈৎ-পিয়োৰৰ বিপৰীত ফালৰ উপত্যকাত থাকি গ’লো। BSB BSB: So we stayed in the valley opposite Beth-peor.
Select verses for actions: Enter goes to them and Escape comes back.