1 ULB এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছো, সেইবোৰ মানি চলিব। BSB BSB: Hear now, O Israel, the statutes and ordinances I am teaching you to follow, so that you may live and may enter and take possession of the land that the LORD, the God of your fathers, is giving you.
2 ULB মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব। BSB BSB: You must not add to or subtract from what I command you, so that you may keep the commandments of the LORD your God that I am giving you.
3 ULB আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে। BSB BSB: Your eyes have seen what the LORD did at Baal-peor, for the LORD your God destroyed from among you all who followed Baal of Peor.
4 ULB কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে। BSB BSB: But you who held fast to the LORD your God are alive to this day, every one of you.
5 ULB শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছো; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে। BSB BSB: See, I have taught you statutes and ordinances just as the LORD my God has commanded me, so that you may follow them in the land that you are about to enter and possess.
6 ULB আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।” BSB BSB: Observe them carefully, for this will show your wisdom and understanding in the sight of the peoples, who will hear of all these statutes and say, “Surely this great nation is a wise and understanding people.”
7 ULB চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে? BSB BSB: For what nation is great enough to have a god as near to them as the LORD our God is to us whenever we call on Him?
8 ULB মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছো, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে? BSB BSB: And what nation is great enough to have righteous statutes and ordinances like this entire law I set before you today?
9 ULB যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব। BSB BSB: Only be on your guard and diligently watch yourselves, so that you do not forget the things your eyes have seen, and so that they do not slip from your heart as long as you live. Teach them to your children and grandchildren.
10 ULB যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তানসকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।” BSB BSB: The day you stood before the LORD your God at Horeb, the LORD said to me, “Gather the people before Me to hear My words, so that they may learn to fear Me all the days they live on the earth, and that they may teach them to their children.”
11 ULB সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল। BSB BSB: You came near and stood at the base of the mountain, a mountain blazing with fire to the heavens, with black clouds and deep darkness.
12 ULB সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল। BSB BSB: And the LORD spoke to you out of the fire. You heard the sound of the words but saw no form; there was only a voice.
13 ULB তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল। BSB BSB: He declared to you His covenant, which He commanded you to follow—the Ten Commandments that He wrote on two tablets of stone.
14 ULB সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে। BSB BSB: At that time the LORD commanded me to teach you the statutes and ordinances you are to follow in the land that you are crossing the Jordan to possess.
15 ULB যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক। BSB BSB: So since you saw no form of any kind on the day the LORD spoke to you out of the fire at Horeb, be careful
16 ULB সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি, BSB BSB: that you do not act corruptly and make an idol for yourselves of any form or shape, whether in the likeness of a male or female,
17 ULB পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে BSB BSB: of any beast that is on the earth or bird that flies in the air,
18 ULB নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব। BSB BSB: or of any creature that crawls on the ground or fish that is in the waters below.
19 ULB আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব। BSB BSB: When you look to the heavens and see the sun and moon and stars—all the host of heaven—do not be enticed to bow down and worship what the LORD your God has apportioned to all the nations under heaven.
20 ULB যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে। BSB BSB: Yet the LORD has taken you and brought you out of the iron furnace, out of Egypt, to be the people of His inheritance, as you are today.
21 ULB তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুব্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম। BSB BSB: The LORD, however, was angry with me on account of you, and He swore that I would not cross the Jordan to enter the good land that the LORD your God is giving you as an inheritance.
22 ULB মই এই ঠাইতেই মৰিম; মই যৰ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব। BSB BSB: For I will not be crossing the Jordan, because I must die in this land. But you shall cross over and take possession of that good land.
23 ULB এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে। BSB BSB: Be careful that you do not forget the covenant of the LORD your God that He made with you; do not make an idol for yourselves in the form of anything He has forbidden you.
24 ULB কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ। BSB BSB: For the LORD your God is a consuming fire, a jealous God.
25 ULB যি সকল আপোনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়। BSB BSB: After you have children and grandchildren and you have been in the land a long time, if you then act corruptly and make an idol of any form—doing evil in the sight of the LORD your God and provoking Him to anger—
26 ULB মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দন পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব। BSB BSB: I call heaven and earth as witnesses against you this day that you will quickly perish from the land that you are crossing the Jordan to possess. You will not live long upon it, but will be utterly destroyed.
27 ULB যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব। BSB BSB: Then the LORD will scatter you among the peoples, and only a few of you will survive among the nations to which the LORD will drive you.
28 ULB সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব। BSB BSB: And there you will serve man-made gods of wood and stone, which cannot see or hear or eat or smell.
29 ULB কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব। BSB BSB: But if from there you will seek the LORD your God, you will find Him if you seek Him with all your heart and with all your soul.
30 ULB যেতিয়া আপুনি সংঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপোনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব। BSB BSB: When you are in distress and all these things have happened to you, then in later days you will return to the LORD your God and listen to His voice.
31 ULB কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসওঁ নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি অঙ্গীকাৰ কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে। BSB BSB: For the LORD your God is a merciful God; He will not abandon you or destroy you or forget the covenant with your fathers, which He swore to them by oath.
32 ULB এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্য্যৰ কথা শুনিবলৈ পাইছে? BSB BSB: Indeed, ask now from one end of the heavens to the other about the days that long preceded you, from the day that God created man on earth: Has anything as great as this ever happened or been reported?
33 ULB আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে? BSB BSB: Has a people ever heard the voice of God speaking out of the fire, as you have, and lived?
34 ULB ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্য্যৰ দ্বাৰাই ইজিপ্তিতত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে? BSB BSB: Or has any god tried to take as his own a nation out of another nation—by trials, signs, wonders, and war, by a strong hand and an outstretched arm, and by great terrors—as the LORD your God did for you in Egypt, before your eyes?
35 ULB যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল। BSB BSB: You were shown these things so that you would know that the LORD is God; there is no other besides Him.
36 ULB তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অতন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে। BSB BSB: He let you hear His voice from heaven to discipline you, and on earth He showed you His great fire, and you heard His words out of the fire.
37 ULB কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্রেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে; BSB BSB: Because He loved your fathers, He chose their descendants after them and brought you out of Egypt by His presence and great power,
38 ULB আপোনাতকৈ বৃহত আৰু ক্ষমতাশালী জাতীবোৰৰ মাজৰপৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে, তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিবলৈ; যিবোৰ হ’ল ঠিক আজিওঁ তেনে হবলৈ ধৰিছে। BSB BSB: to drive out before you nations greater and mightier than you, and to bring you into their land and give it to you for your inheritance, as it is this day.
39 ULB এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। BSB BSB: Know therefore this day and take to heart that the LORD is God in heaven above and on the earth below; there is no other.
40 ULB সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলো, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাৱী-সন্তানসকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়। BSB BSB: Keep His statutes and commandments, which I am giving you today, so that you and your children after you may prosper, and that you may live long in the land that the LORD your God is giving you for all time.
41 ULB ইয়াৰ পাছত মোচিয়ে যর্দন নদীৰ পূব ফালে তিনখন নগৰ বাচি বেলেগ কৰি ৰাখিলে। BSB BSB: Then Moses set aside three cities across the Jordan to the east
42 ULB সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনাক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব। BSB BSB: to which a manslayer could flee after killing his neighbor unintentionally without prior malice. To save one’s own life, he could flee to one of these cities:
43 ULB সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেনীয়াসকলৰ কাৰণে বেচৰ; আৰু গাদীয়াসকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন। BSB BSB: Bezer in the wilderness on the plateau belonging to the Reubenites, Ramoth in Gilead belonging to the Gadites, or Golan in Bashan belonging to the Manassites.
44 ULB এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তানসকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল। BSB BSB: This is the law that Moses set before the Israelites.
45 ULB এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্রায়েলৰ সন্তানসকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল। BSB BSB: These are the testimonies, statutes, and ordinances that Moses proclaimed to them after they had come out of Egypt,
46 ULB যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰিতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা উলাই অহা সময়ত ইস্রায়েলৰ সন্তানসকলে তেওঁলোকক পৰাজিত কৰিছিল। BSB BSB: while they were in the valley across the Jordan facing Beth-peor in the land of Sihon king of the Amorites, who lived in Heshbon and was defeated by Moses and the Israelites after they had come out of Egypt.
47 ULB তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দন নদীৰ পূবদিশত বাস কৰিছিল। BSB BSB: They took possession of the land belonging to Sihon and to Og king of Bashan—the two Amorite kings across the Jordan to the east—
48 ULB এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোন পৰ্ব্বতলৈকে বিস্থাৰিত হৈ আছে; BSB BSB: extending from Aroer on the rim of the Arnon Valley as far as Mount Siyon (that is, Hermon),
49 ULB এই পর্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যর্দন নদীৰ পূবফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল। BSB BSB: including all the Arabah on the east side of the Jordan and as far as the Sea of the Arabah, below the slopes of Pisgah.
Select verses for actions: Enter goes to them and Escape comes back.