1 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব। BSB BSB: These are the commandments and statutes and ordinances that the LORD your God has instructed me to teach you to follow in the land that you are about to enter and possess,
2 ULB আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়। BSB BSB: so that you and your children and grandchildren may fear the LORD your God all the days of your lives by keeping all His statutes and commandments that I give you, and so that your days may be prolonged.
3 ULB সেয়ে, হে ইস্রায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ-মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়। BSB BSB: Hear, O Israel, and be careful to observe them, so that you may prosper and multiply greatly in a land flowing with milk and honey, just as the LORD, the God of your fathers, has promised you.
5 ULB আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক। BSB BSB: And you shall love the LORD your God with all your heart and with all your soul and with all your strength.
6 ULB আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে। BSB BSB: These words I am commanding you today are to be upon your hearts.
7 ULB আপোনালোকে নিজৰ সন্তানসকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোঁতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব। BSB BSB: And you shall teach them diligently to your children and speak of them when you sit at home and when you walk along the road, when you lie down and when you get up.
8 ULB আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে। BSB BSB: Tie them as reminders on your hands and bind them on your foreheads.
9 ULB আপোনাৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব। BSB BSB: Write them on the doorposts of your houses and on your gates.
10 ULB আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচাহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই। BSB BSB: And when the LORD your God brings you into the land He swore to your fathers, to Abraham, Isaac, and Jacob, that He would give you—a land with great and splendid cities that you did not build,
11 ULB এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্রাক্ষাবাৰী জলফাই গছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব। BSB BSB: with houses full of every good thing with which you did not fill them, with wells that you did not dig, and with vineyards and olive groves that you did not plant—and when you eat and are satisfied,
12 ULB কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে। BSB BSB: be careful not to forget the LORD who brought you out of the land of Egypt, out of the house of slavery.
13 ULB আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব। BSB BSB: Fear the LORD your God, serve Him only, and take your oaths in His name.
14 ULB আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব; BSB BSB: Do not follow other gods, the gods of the peoples around you.
15 ULB কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব। BSB BSB: For the LORD your God, who is among you, is a jealous God. Otherwise the anger of the LORD your God will be kindled against you, and He will wipe you off the face of the earth.
16 ULB আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব। BSB BSB: Do not test the LORD your God as you tested Him at Massah.
17 ULB আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব। BSB BSB: You are to diligently keep the commandments of the LORD your God and the testimonies and statutes He has given you.
18 ULB ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব; BSB BSB: Do what is right and good in the sight of the LORD, so that it may be well with you and that you may enter and possess the good land that the LORD your God swore to give your fathers,
19 ULB যিহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্রুক আপোনালোকে দূৰ কৰিব পাৰিব। BSB BSB: driving out all your enemies before you, as the LORD has said.
20 ULB ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?” BSB BSB: In the future, when your son asks, “What is the meaning of the decrees and statutes and ordinances that the LORD our God has commanded you?”
21 ULB তেতিয়া আপোনালোকে নিজ সন্তানক ক’ব, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলো; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে। BSB BSB: then you are to tell him, “We were slaves of Pharaoh in Egypt, but the LORD brought us out of Egypt with a mighty hand.
22 ULB ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভূত লক্ষণ দেখুৱালে। BSB BSB: Before our eyes the LORD inflicted great and devastating signs and wonders on Egypt, on Pharaoh, and on all his household.
23 ULB সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্ব-পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে। BSB BSB: But He brought us out from there to lead us in and give us the land that He had sworn to our fathers.
24 ULB আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে। BSB BSB: And the LORD commanded us to observe all these statutes and to fear the LORD our God, that we may always be prosperous and preserved, as we are to this day.
25 ULB আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্ম্মিকতা।” BSB BSB: And if we are careful to observe every one of these commandments before the LORD our God, as He has commanded us, then that will be our righteousness.”
Select verses for actions: Enter goes to them and Escape comes back.