1 ULB আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী। BSB BSB: When the LORD your God brings you into the land that you are entering to possess, and He drives out before you many nations—the Hittites, Girgashites, Amorites, Canaanites, Perizzites, Hivites, and Jebusites, seven nations larger and stronger than you— 2 ULB তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক আপোনালোকৰ হাতত আনি দিব আৰু আপোনালোকক বিজয়ী কৰিব, তেতিয়া আপোনালোকে তেওঁলোকক সমূলে ধ্বংস কৰি পেলাব। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিব আৰু তেওঁলোকক দয়া নেদেখুৱাব; BSB BSB: and when the LORD your God has delivered them over to you to defeat them, then you must devote them to complete destruction. Make no treaty with them and show them no mercy.
3 ULB নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিব; আপোনালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিব, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব। BSB BSB: Do not intermarry with them. Do not give your daughters to their sons or take their daughters for your sons,
4 ULB কিয়নো সেই ছোৱালীবোৰে আপোনালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, আপোনালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ আপোনালোকক শীঘ্ৰে বিনষ্ট কৰিব। BSB BSB: because they will turn your sons away from following Me to serve other gods. Then the anger of the LORD will burn against you, and He will swiftly destroy you.
5 ULB বৰং আপোনালোকে তেওঁলোকলৈ এই ব্যৱহাৰ কৰিব; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ পূজাৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, আচেৰা মূৰ্ত্তিবোৰ কাটি পেলাব, আৰু কটা প্ৰতিমাবোৰ জুইত পুৰি পেলাব। BSB BSB: Instead, this is what you are to do to them: tear down their altars, smash their sacred pillars, cut down their Asherah poles, and burn their idols in the fire.
6 ULB কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে। BSB BSB: For you are a people holy to the LORD your God. The LORD your God has chosen you to be a people for His prized possession out of all peoples on the face of the earth.
7 ULB আন সকলো জাতিতকৈ আপোনালোক লেখত অধিক বুলি যে যিহোৱাই আপোনালোকক স্নেহ কৰিলে বা মনোনীত কৰিলে, এনে নহয়; কিয়নো আন সকলো জাতিৰ তুলনাত আপোনালোক লেখত তাকৰহে আছিল। BSB BSB: The LORD did not set His affection on you and choose you because you were more numerous than the other peoples, for you were the fewest of all peoples.
8 ULB কিন্তু যিহোৱাই আপোনালোকক প্ৰেম কৰে, আৰু আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত তেওঁ যি শপত কৰিছিল, তাক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইয়াক কৰিলে। সেইবাবেই তেওঁ এক ক্ষমতাশালী হাতেৰে আপোনালোকক বাহিৰ কৰি আনিলে আৰু মিচৰৰ ৰজা ফৰৌণৰ অধীনত দাসত্বৰ বন্ধনগৃহৰ পৰা উদ্ধাৰ কৰিলে। BSB BSB: But because the LORD loved you and kept the oath He swore to your fathers, He brought you out with a mighty hand and redeemed you from the house of slavery, from the hand of Pharaoh king of Egypt.
9 ULB এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোতাঁ বিশ্বস্ত ঈশ্বৰ; BSB BSB: Know therefore that the LORD your God is God, the faithful God who keeps His covenant of loving devotion for a thousand generations of those who love Him and keep His commandments.
10 ULB কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব। BSB BSB: But those who hate Him He repays to their faces with destruction; He will not hesitate to repay to his face the one who hates Him.
11 ULB এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা, বিধি, আৰু শাসন-প্ৰণালী দিছো, সেই সকলোকে মানি চলি সেইদৰে কাৰ্য্য কৰিব। BSB BSB: So keep the commandments and statutes and ordinances that I am giving you to follow this day.
12 ULB যদি আপোনালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়ে আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য্য কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে আপোনালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিব। BSB BSB: If you listen to these ordinances and keep them carefully, then the LORD your God will keep His covenant and the loving devotion that He swore to your fathers.
13 ULB তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব। BSB BSB: He will love you and bless you and multiply you. He will bless the fruit of your womb and the produce of your land—your grain, new wine, and oil, the young of your herds and the lambs of your flocks—in the land that He swore to your fathers to give you.
14 ULB সকলো জাতিতকৈ আপোনালোকে অধিকগুণে আশীৰ্ব্বাদ পাব আৰু আপোনালোকৰ মাজত কোনো পুৰুষেই সন্তানহীন নহ’ব বা মহিলা সকলো বন্ধ্যা নহ’ব। ল’ৰা সন্তানসকল আৰু জাকৰ পশুবোৰৰ পোৱালী নোহোৱাকৈ নাথাকিব। BSB BSB: You will be blessed above all peoples; among you there will be no barren man or woman or livestock.
15 ULB যিহোৱাই আপোনালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ আপোনালোকে দেখিলে, সেইবোৰ তেওঁ আপোনালোকৰ ওপৰত নিদিব, কিন্তু আপোনালোকক ঘিণ কৰোঁতাসকলৰ ওপৰতহে দিব। BSB BSB: And the LORD will remove from you all sickness. He will not lay upon you any of the terrible diseases you knew in Egypt, but He will inflict them on all who hate you.
16 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতত যি সকলো জাতিক শোধাই দি জয়যুক্ত দিব, আপোনালোকে তেওঁলোক সকলোকে গ্ৰাস কৰিব; তেওঁলোকলৈ আপোনালোকে কৃপা-দৃষ্টি নাৰাখিব; তেওঁলোকৰ দেৱতাবোৰক সেৱা-পূজাও নকৰিব, কিয়নো সেয়া আপোনালোকলৈ এক ফান্দস্বৰূপ হ’ব। BSB BSB: You must destroy all the peoples the LORD your God will deliver to you. Do not look on them with pity. Do not worship their gods, for that will be a snare to you.
17 ULB আপোনালোকে যদি নিজৰ মনতে ক’য়, যে, “এই জাতিসকল আমাতকৈ সংখ্যাত অধিক, আমি কেনেকৈ তেওঁলোকক উৎখাত কৰিম?” BSB BSB: You may say in your heart, “These nations are greater than we are; how can we drive them out?”
18 ULB কিন্তু আপোনালোকে তেওঁলোকলৈ ভয় নকৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাই ফৰৌণ আৰু গোটেই মিচৰ দেশলৈ যি যি কৰিছিল, তাক সোঁৱৰণ কৰিব। BSB BSB: But do not be afraid of them. Be sure to remember what the LORD your God did to Pharaoh and all Egypt:
19 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুদ চিন, আচৰিত কার্য, শক্তিশালী আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা আপোনালোকক বাহিৰ কৰি আনিছিল, তাক আপোনালোকে নিজ চকুৰে দেখিছিল। আপোনালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব। BSB BSB: the great trials that you saw, the signs and wonders, and the mighty hand and outstretched arm by which the LORD your God brought you out. The LORD your God will do the same to all the peoples you now fear.
20 ULB ইয়াৰ বাহিৰেও, যিসকল অৱশিষ্ট লোক আপোনালোকৰ পৰা লুকাই থাকিব, তেওঁলোক বিনষ্ট নহয় মানে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকৰ মাজলৈ কোদো পঠাই দিব। BSB BSB: Moreover, the LORD your God will send the hornet against them until even the survivors hiding from you have perished.
21 ULB আপোনালোকে তেওঁলোকক ভয় নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ আপোনালোকৰ মাজত আছে। BSB BSB: Do not be terrified by them, for the LORD your God, who is among you, is a great and awesome God.
22 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা সেই জাতিবোৰক ক্ৰমে ক্ৰমে দূৰ কৰিব; তেওঁলোক সকলোকে আপোনালোকে একেলগে পৰাস্ত নকৰিব, কাৰণ তেনে কৰিলে আপোনালোকৰ চাৰিওফালৰ বনৰীয়া জন্তুবোৰৰ সংখ্যা বাঢ়ি যাব। BSB BSB: The LORD your God will drive out these nations before you little by little. You will not be enabled to eliminate them all at once, or the wild animals would multiply around you.
23 ULB কিন্তু ঈশ্বৰ যিহোৱাই ভীষণ বিশৃঙ্খলতাৰ মাজত তেওঁলোকক ধ্বংস নকৰালৈকে যুদ্ধক্ষেত্রত আপোনালোকৰ হাতত তেওঁলোকক পৰাজয় কৰিবলৈ শোধাই দিব। BSB BSB: But the LORD your God will give them over to you and throw them into great confusion, until they are destroyed.
24 ULB তেওঁলোকৰ ৰজাসকলক আপোনালোকৰ হাতত শোধাই দিব; তাতে আপোনালোকে আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। আপোনালোকে তেওঁলোকক বিনষ্ট নকৰে মানে আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব। BSB BSB: He will hand their kings over to you, and you will wipe out their names from under heaven. No one will be able to stand against you; you will annihilate them.
25 ULB আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু। BSB BSB: You must burn up the images of their gods; do not covet the silver and gold that is on them or take it for yourselves, or you will be ensnared by it; for it is detestable to the LORD your God.
26 ULB আপোনালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিব। সেইবোৰক আপোনালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিব, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে। BSB BSB: And you must not bring any detestable thing into your house, or you, like it, will be set apart for destruction. You are to utterly detest and abhor it, because it is set apart for destruction.
Select verses for actions: Enter goes to them and Escape comes back.