1 ULB আজি মই আপোনালোকক যি আজ্ঞা দিছো, সেই সকলো আজ্ঞা আপোনালোকে মানি চলিব যাতে আপোনালোক জীয়াই থাকি সংখ্যাত বৃদ্ধি পায় আৰু যিহোৱাই আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্রৱেশ কৰি অধিকাৰ কৰিব পাৰে। BSB BSB: You must carefully follow every commandment I am giving you today, so that you may live and multiply, and enter and possess the land that the LORD swore to give your fathers.
2 ULB আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল। BSB BSB: Remember that these forty years the LORD your God led you all the way in the wilderness, so that He might humble you and test you in order to know what was in your heart, whether or not you would keep His commandments.
3 ULB ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে। BSB BSB: He humbled you, and in your hunger He gave you manna to eat, which neither you nor your fathers had known, so that you might understand that man does not live on bread alone, but on every word that comes from the mouth of the LORD.
4 ULB এই চল্লিশ বছৰত, আপোনালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু আপোনালোকৰ ভৰিও ফুলা নাছিল। BSB BSB: Your clothing did not wear out and your feet did not swell during these forty years.
5 ULB এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব। BSB BSB: So know in your heart that just as a man disciplines his son, so the LORD your God disciplines you.
6 ULB আপোনালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব। BSB BSB: Therefore you shall keep the commandments of the LORD your God, walking in His ways and fearing Him.
7 ULB কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ আপোনালোকক লৈ গৈছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ। BSB BSB: For the LORD your God is bringing you into a good land, a land of brooks and fountains and springs that flow through the valleys and hills;
8 ULB সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম গছ থকা দেশ, জলফাই গছ আৰু মৌ উৎপন্ন হোৱা দেশ। BSB BSB: a land of wheat, barley, vines, fig trees, and pomegranates; a land of olive oil and honey;
9 ULB সেই দেশত আপোনালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাব আৰু আপোনালোকৰ প্রয়োজনীয় সকলো বস্তুয়েই আপোনালোকে পাব। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা আপোনালোকে খনন কৰি তাম পাব। BSB BSB: a land where you will eat food without scarcity, where you will lack nothing; a land whose rocks are iron and whose hills are ready to be mined for copper.
10 ULB আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব। BSB BSB: When you eat and are satisfied, you are to bless the LORD your God for the good land that He has given you.
11 ULB আপোনালোক সাৱধান হ’ব; আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নাযাব। BSB BSB: Be careful not to forget the LORD your God by failing to keep His commandments and ordinances and statutes, which I am giving you this day.
12 ULB অন্যথা, এনেকুৱা নহওঁক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ’ব আৰু সুন্দৰ ঘৰ সাজি তাত বাস কৰিব। BSB BSB: Otherwise, when you eat and are satisfied, when you build fine houses in which to dwell,
13 ULB যেতিয়া আপোনালোকৰ গৰু-ছাগলী, ভেড়া জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব, BSB BSB: and when your herds and flocks grow large and your silver and gold increase and all that you have is multiplied,
14 ULB তেতিয়া আপোনালোকৰ হৃদয় অহঙ্কাৰী হৈ উঠিব আৰু যি জনে আপোনালোকক মিচৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ যিহোৱাক আপোনালোকে পাহৰি যাব। BSB BSB: then your heart will become proud, and you will forget the LORD your God who brought you out of the land of Egypt, out of the house of slavery.
15 ULB তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোৰাবিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি যিহোৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্রান্তৰত বহুতো বিষাক্ত সাপ আৰু কেকোৰাবিছা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল। BSB BSB: He led you through the vast and terrifying wilderness with its venomous snakes and scorpions, a thirsty and waterless land. He brought you water from the rock of flint.
16 ULB তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল- যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়। BSB BSB: He fed you in the wilderness with manna that your fathers had not known, in order to humble you and test you, so that in the end He might cause you to prosper.
17 ULB আপোনালোকে হয়তো মনতে ক’ব পাৰে, “মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।” BSB BSB: You might say in your heart, “The power and strength of my hands have made this wealth for me.”
18 ULB কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে। BSB BSB: But remember that it is the LORD your God who gives you the power to gain wealth, in order to confirm His covenant that He swore to your fathers even to this day.
19 ULB আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব। BSB BSB: If you ever forget the LORD your God and go after other gods to worship and bow down to them, I testify against you today that you will surely perish.
20 ULB আপোনালোকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ’ব। BSB BSB: Like the nations that the LORD has destroyed before you, so you will perish if you do not obey the LORD your God.
Select verses for actions: Enter goes to them and Escape comes back.