1 ULB এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী। BSB BSB: For this reason I, Paul, the prisoner of Christ Jesus for the sake of you Gentiles...
2 ULB আপোনালোকে শুনিছে যে আপোনালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কার্যৰ ভাৰ তেওঁ মোক দিলে। BSB BSB: Surely you have heard about the stewardship of God’s grace that was given to me for you,
3 ULB সেইদৰে ঈশ্বৰে মোক তেওঁৰ যি প্ৰকাশিত বাক্য জানিবলৈ দিলে, সেই সত্যৰ নিগূঢ়-তত্ব বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলো। BSB BSB: that is, the mystery made known to me by revelation, as I have already written briefly.
4 ULB আপোনালোকে সেইবোৰ পঢ়িলে, খ্ৰীষ্ট সম্বন্ধীয় সত্যৰ এই নিগূঢ় তত্বত মোৰ অন্তর্দৃষ্টি বুজিব পাৰিব। BSB BSB: In reading this, then, you will be able to understand my insight into the mystery of Christ,
5 ULB সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল। BSB BSB: which was not made known to men in other generations as it has now been revealed by the Spirit to God’s holy apostles and prophets.
6 ULB শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়। BSB BSB: This mystery is that through the gospel the Gentiles are fellow heirs, fellow members of the body, and fellow partakers of the promise in Christ Jesus.
7 ULB ঈশ্বৰে নিজৰ পৰাক্রম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো। BSB BSB: I became a servant of this gospel by the gift of God’s grace, given me through the working of His power.
8 ULB ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই অনুগ্ৰহ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ; BSB BSB: Though I am less than the least of all the saints, this grace was given me: to preach to the Gentiles the unsearchable riches of Christ,
9 ULB আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল। BSB BSB: and to illuminate for everyone the stewardship of this mystery, which for ages past was kept hidden in God, who created all things.
10 ULB ঈশ্বৰৰ ইচ্ছা এই যে, মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ নানাবিধ জ্ঞান জনোৱা হয়; BSB BSB: His purpose was that now, through the church, the manifold wisdom of God should be made known to the rulers and authorities in the heavenly realms,
11 ULB তাতে তেওঁ আমাৰ খ্রীষ্ট যীচুত নিজৰ অনন্ত কালৰ পৰিকল্পনা অনুসাৰে কার্য কৰিলে। BSB BSB: according to the eternal purpose that He accomplished in Christ Jesus our Lord.
12 ULB খ্রীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সৈতে ঈশ্বৰৰ উপস্থিতিত আহিবলৈ সমৰ্থ হলোঁ। BSB BSB: In Him and through faith in Him we may enter God’s presence with boldness and confidence.
13 ULB গতিকে মোৰ নিবেদন এই যে, আপোনালোকৰ কাৰণে মই যি ক্লেশ ভোগ কৰিছোঁ, তাৰ বাবে আপোনালোক নিৰুৎসাহ নহব; সেই সকলোবোৰেই আপোনালোকৰ গৌৰৱ। BSB BSB: So I ask you not to be discouraged because of my sufferings for you, which are your glory.
14 ULB এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ। BSB BSB: ... for this reason I bow my knees before the Father,
15 ULB সেই পিতৃৰ পৰাই স্বর্গত আৰু এই জগতত থকা প্রত্যেক পৰিয়ালে নাম পাইছে। BSB BSB: from whom every family in heaven and on earth derives its name.
16 ULB ঈশ্বৰে নিজৰ উপচি পৰা প্ৰতাপ অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়। BSB BSB: I ask that out of the riches of His glory He may strengthen you with power through His Spirit in your inner being,
17 ULB বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে আপোনালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হয়। BSB BSB: so that Christ may dwell in your hearts through faith. Then you, being rooted and grounded in love,
18 ULB তাতে আপোনালোক আৰু ঈশ্বৰৰ সকলো পবিত্র লোক সকলে যেন খ্রীষ্টৰ প্রেমৰ গভীৰতা, উচ্চতা, দৈর্ঘ্যতা আৰু বিস্তাৰতা বুজি পাব পাৰে। BSB BSB: will have power, together with all the saints, to comprehend the length and width and height and depth
19 ULB খ্রীষ্টৰ অদ্বিতীয় মহান প্রেম যেন আপোনালোকে উপলদ্ধি কৰিব পাৰে, তাতে ঈশ্বৰৰ সকলো পৰিপূর্ণতাৰে আপোনালোক পূর্ণ হ’ব। BSB BSB: of the love of Christ, and to know this love that surpasses knowledge, that you may be filled with all the fullness of God.
20 ULB আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে। BSB BSB: Now to Him who is able to do immeasurably more than all we ask or imagine, according to His power that is at work within us,
21 ULB মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন। BSB BSB: to Him be the glory in the church and in Christ Jesus throughout all generations, forever and ever. Amen.
Select verses for actions: Enter goes to them and Escape comes back.