2 ULB আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক। BSB BSB: with all humility and gentleness, with patience, bearing with one another in love,
5 ULB এজনেই প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম আৰু BSB BSB: one Lord, one faith, one baptism;
6 ULB এজনেই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে। BSB BSB: one God and Father of all, who is over all and through all and in all.
7 ULB খ্ৰীষ্টই যি পৰিমাণৰ অনুগ্ৰহ আমাৰ কাৰণে ৰাখিছে, সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে। BSB BSB: Now to each one of us grace has been given according to the measure of the gift of Christ.
8 ULB শাস্ত্রত লিখাৰ দৰে, তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰ সকলক বন্দী কৰি নিলে, আৰু লোক সকলক নানা বৰ দান দিলে। BSB BSB: This is why it says: “When He ascended on high, He led captives away, and gave gifts to men.”
9 ULB যেতিয়া কোৱা হৈছে, “তেওঁ ওপৰলৈ উঠিল” ইয়াৰ অর্থ কি? এই কথাত এইটোৱে বুজা নাযায় নে, যে তেওঁ পৃথিৱীৰ তল ভাগলৈও নামিছিল? BSB BSB: What does “He ascended” mean, except that He also descended to the lower parts of the earth?
10 ULB যি জন নামিছিল, তেওঁ সেই একেই ব্যক্তি; যি জনে সকলো পূর্ণ কৰিবৰ কাৰণে আকাশতকৈ বহুত ওপৰলৈ উঠিল। BSB BSB: He who descended is the very One who ascended above all the heavens, in order to fill all things.
11 ULB সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হ’বলৈ দিলে। BSB BSB: And it was He who gave some to be apostles, some to be prophets, some to be evangelists, and some to be pastors and teachers,
12 ULB ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে, পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে। BSB BSB: to equip the saints for works of ministry and to build up the body of Christ,
13 ULB যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম। BSB BSB: until we all reach unity in the faith and in the knowledge of the Son of God, as we mature to the full measure of the stature of Christ.
14 ULB তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ। BSB BSB: Then we will no longer be infants, tossed about by the waves and carried around by every wind of teaching and by the clever cunning of men in their deceitful scheming.
15 ULB কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম। BSB BSB: Instead, speaking the truth in love, we will in all things grow up into Christ Himself, who is the head.
16 ULB মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল। BSB BSB: From Him the whole body, fitted and held together by every supporting ligament, grows and builds itself up in love through the work of each individual part.
17 ULB এতেকে প্ৰভুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ। BSB BSB: So I tell you this, and insist on it in the Lord, that you must no longer walk as the Gentiles do, in the futility of their thinking.
18 ULB কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়ৰ কঠিনতাৰ কাৰণে তেওঁৰ বার্তা নাজানিলে, আৰু সেই বাবেই ঈশ্বৰে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে। BSB BSB: They are darkened in their understanding and alienated from the life of God because of the ignorance that is in them due to the hardness of their hearts.
19 ULB তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে। BSB BSB: Having lost all sense of shame, they have given themselves over to sensuality for the practice of every kind of impurity, with a craving for more.
20 ULB কিন্তু আপোনালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই; BSB BSB: But this is not the way you came to know Christ.
21 ULB আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে, BSB BSB: Surely you heard of Him and were taught in Him—in keeping with the truth that is in Jesus—
22 ULB আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে। BSB BSB: to put off your former way of life, your old self, which is being corrupted by its deceitful desires;
23 ULB সেই শিক্ষা অনুসাৰে আপোনালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ উঠি, BSB BSB: to be renewed in the spirit of your minds;
24 ULB সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে। BSB BSB: and to put on the new self, created to be like God in true righteousness and holiness.
25 ULB সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ। BSB BSB: Therefore each of you must put off falsehood and speak truthfully to his neighbor, for we are all members of one another.
26 ULB ক্ৰুদ্ধ হৈ, ক্রোধৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক; BSB BSB: “Be angry, yet do not sin.” Do not let the sun set upon your anger,
27 ULB আপোনালোকে চয়তানক সুযোগ নিদিব। BSB BSB: and do not give the devil a foothold.
28 ULB যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হ’ বৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক। BSB BSB: He who has been stealing must steal no longer, but must work, doing good with his own hands, that he may have something to share with the one in need.
29 ULB আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু উপদেশমূলক কথাৰে পৰস্পৰক গঢ়ি তোলক; তেতিয়া সেই ভাল কথা শুনা সকলক অনুগ্ৰহ দান কৰিব। BSB BSB: Let no unwholesome talk come out of your mouths, but only what is helpful for building up the one in need and bringing grace to those who listen.
30 ULB মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হ’ল, তেওঁক অসন্তুষ্ট নকৰিব। BSB BSB: And do not grieve the Holy Spirit of God, in whom you were sealed for the day of redemption.
31 ULB সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক। BSB BSB: Get rid of all bitterness, rage and anger, outcry and slander, along with every form of malice.
32 ULB পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক। BSB BSB: Be kind and tenderhearted to one another, forgiving each other just as in Christ God forgave you.
Select verses for actions: Enter goes to them and Escape comes back.