1 ULB এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক। BSB BSB: Be imitators of God, therefore, as beloved children,
2 ULB খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক। BSB BSB: and walk in love, just as Christ loved us and gave Himself up for us as a fragrant sacrificial offering to God.
3 ULB আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত; BSB BSB: But among you, as is proper among the saints, there must not be even a hint of sexual immorality, or of any kind of impurity, or of greed.
4 ULB আপোনালোকৰ কথা-বার্তা মাত্র ধন্যবাদযুক্ত হওক। লজ্জাজনক অশ্লিলতা, নির্বোধ বলকনি, নিম্নমানৰ ৰসিকতা আপোনালোকৰ মাজত নহওক। BSB BSB: Nor should there be obscenity, foolish talk, or crude joking, which are out of character, but rather thanksgiving.
5 ULB আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে, যি সকলে অশুচি আৰু যি সকল লোক লুভীয়া (সেই সকল লোকক মূৰ্তিপূজক বুলি কোৱা হয়), তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই। BSB BSB: For of this you can be sure: No immoral, impure, or greedy person (that is, an idolater) has any inheritance in the kingdom of Christ and of God.
6 ULB অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে। BSB BSB: Let no one deceive you with empty words, for because of such things the wrath of God is coming on the sons of disobedience.
7 ULB গতিকে, আপোনালোক তেওঁলোকৰ সহভাগী নহব। BSB BSB: Therefore do not be partakers with them.
8 ULB কিয়নো পূর্বতে আপোনালোক যদিও আন্ধাৰত আছিল কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰক। BSB BSB: For you were once darkness, but now you are light in the Lord. Walk as children of light,
9 ULB কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল। BSB BSB: for the fruit of the light consists in all goodness, righteousness, and truth.
10 ULB প্রভুৰ সন্তোষজনক যি, সেই বিষয়ে আপোনালোকে শিকক। BSB BSB: Test and prove what pleases the Lord.
11 ULB আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক; BSB BSB: Have no fellowship with the fruitless deeds of darkness, but rather expose them.
12 ULB কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়। BSB BSB: For it is shameful even to mention what the disobedient do in secret.
13 ULB পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয় BSB BSB: But everything exposed by the light becomes visible, for everything that is illuminated becomes a light itself.
14 ULB কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: ‘হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব’। BSB BSB: So it is said: “Wake up, O sleeper, rise up from the dead, and Christ will shine on you.”
15 ULB এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক; BSB BSB: Pay careful attention, then, to how you walk, not as unwise but as wise,
16 ULB সুসময়ক কিনি ল’ব; কিয়নো এই সময় মন্দ। BSB BSB: redeeming the time, because the days are evil.
17 ULB এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক। BSB BSB: Therefore do not be foolish, but understand what the Lord’s will is.
18 ULB দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক; BSB BSB: Do not get drunk on wine, which leads to reckless indiscretion. Instead, be filled with the Spirit.
19 ULB ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক। BSB BSB: Speak to one another with psalms, hymns, and spiritual songs. Sing and make music in your hearts to the Lord,
20 ULB সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। BSB BSB: always giving thanks to God the Father for everything in the name of our Lord Jesus Christ.
21 ULB খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হওক। BSB BSB: Submit to one another out of reverence for Christ.
22 ULB হে ভাৰ্যা সকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হওক; BSB BSB: Wives, submit to your husbands as to the Lord.
23 ULB কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্যাৰ মূৰ স্বৰূপ হৈছে। BSB BSB: For the husband is the head of the wife as Christ is the head of the church, His body, of which He is the Savior.
24 ULB মণ্ডলী যেনেকৈ খ্ৰীষ্টৰ বশীভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্যা সকলো নিজ নিজ স্বামীৰ বশীভূত হওক। BSB BSB: Now as the church submits to Christ, so also wives should submit to their husbands in everything.
26 ULB মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে। BSB BSB: to sanctify her, cleansing her by the washing with water through the word,
27 ULB তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে, যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে। BSB BSB: and to present her to Himself as a glorious church, without stain or wrinkle or any such blemish, but holy and blameless.
28 ULB সেইদৰে স্বামী সকলে নিজ নিজ ভাৰ্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে। BSB BSB: In the same way, husbands ought to love their wives as their own bodies. He who loves his wife loves himself.
29 ULB কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে; কিন্তু পৰিপুষ্ট কৰি তাৰ যত্ন লয়। সেইদৰে খ্রীষ্টয়ো মণ্ডলীক ভালপায়। BSB BSB: Indeed, no one ever hated his own body, but he nourishes and cherishes it, just as Christ does the church.
30 ULB কাৰণ আমি তেওঁৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ। BSB BSB: For we are members of His body.
31 ULB ‘এই কাৰণে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজ তিৰোতাত আসক্ত হ’ব আৰু তাতে দুয়ো এক দেহ হ’ব।’ BSB BSB: “For this reason a man will leave his father and mother and be united to his wife, and the two will become one flesh.”
32 ULB ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছোঁ। BSB BSB: This mystery is profound, but I am speaking about Christ and the church.
33 ULB যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভার্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক। BSB BSB: Nevertheless, each one of you also must love his wife as he loves himself, and the wife must respect her husband.
Select verses for actions: Enter goes to them and Escape comes back.