1 ULB তাৰ পাছত যিহোৱাই মোচিক ক’লে: BSB BSB: Then the LORD said to Moses,
2 ULB “ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা। BSB BSB: “Tell the Israelites to turn back and encamp before Pi-hahiroth, between Migdol and the sea. You are to encamp by the sea, directly opposite Baal-zephon.
3 ULB ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’ BSB BSB: For Pharaoh will say of the Israelites, ‘They are wandering the land in confusion; the wilderness has boxed them in.’
4 ULB মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্যসমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে। BSB BSB: And I will harden Pharaoh’s heart so that he will pursue them. But I will gain honor by means of Pharaoh and all his army, and the Egyptians will know that I am the LORD.” So this is what the Israelites did.
5 ULB ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৌৰণ আৰু তেওঁৰ দাসসকলৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?” BSB BSB: When the king of Egypt was told that the people had fled, Pharaoh and his officials changed their minds about them and said, “What have we done? We have released Israel from serving us.”
6 ULB তেতিয়া ফৌৰণে নিজৰ ৰথ সাজু কৰিলে, আৰু নিজৰ সৈন্য সকলক তেওঁৰ লগত ল’লে। BSB BSB: So Pharaoh prepared his chariot and took his army with him.
7 ULB তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে। BSB BSB: He took 600 of the best chariots, and all the other chariots of Egypt, with officers over all of them.
8 ULB যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল। BSB BSB: And the LORD hardened the heart of Pharaoh king of Egypt so that he pursued the Israelites, who were marching out defiantly.
9 ULB কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে। BSB BSB: The Egyptians—all Pharaoh’s horses and chariots, horsemen and troops—pursued the Israelites and overtook them as they camped by the sea near Pi-hahiroth, opposite Baal-zephon.
10 ULB ফৌৰণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে। BSB BSB: As Pharaoh approached, the Israelites looked up and saw the Egyptians marching after them, and they were terrified and cried out to the LORD.
11 ULB তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? BSB BSB: They said to Moses, “Was it because there were no graves in Egypt that you brought us into the wilderness to die? What have you done to us by bringing us out of Egypt?
12 ULB আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’” BSB BSB: Did we not say to you in Egypt, ‘Leave us alone so that we may serve the Egyptians’? For it would have been better for us to serve the Egyptians than to die in the wilderness.”
13 ULB মোচিয়ে লোকসকলক ক’লে, “ভয় নকৰিব। নিৰৱে থাকক; আৰু চাওক, যিহোৱাই আজি আপোনালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়া সকলক আজি আপোনালোকে দেখিছে, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিব। BSB BSB: But Moses told the people, “Do not be afraid. Stand firm and you will see the LORD’s salvation, which He will accomplish for you today; for the Egyptians you see today, you will never see again.
14 ULB যিহোৱাই আপোনালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকক।” BSB BSB: The LORD will fight for you; you need only to be still.”
15 ULB তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি মোলৈ কিয় কাতৰোক্তি কৰিছা? ইস্ৰায়েলী লোকসকলক আগুৱাই যাবলৈ কোৱা। BSB BSB: Then the LORD said to Moses, “Why are you crying out to Me? Tell the Israelites to go forward.
16 ULB তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব। BSB BSB: And as for you, lift up your staff and stretch out your hand over the sea and divide it, so that the Israelites can go through the sea on dry ground.
17 ULB চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৌৰণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱাম্বিত হ’ম। BSB BSB: And I will harden the hearts of the Egyptians so that they will go in after them. Then I will gain honor by means of Pharaoh and all his army and chariots and horsemen.
18 ULB তেতিয়া ফৌৰণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱাম্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।” BSB BSB: The Egyptians will know that I am the LORD when I am honored through Pharaoh, his chariots, and his horsemen.”
19 ULB ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল। BSB BSB: And the angel of God, who had gone before the camp of Israel, withdrew and went behind them. The pillar of cloud also moved from before them and stood behind them,
20 ULB মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে। BSB BSB: so that it came between the camps of Egypt and Israel. The cloud was there in the darkness, but it lit up the night. So all night long neither camp went near the other.
21 ULB মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল। BSB BSB: Then Moses stretched out his hand over the sea, and all that night the LORD drove back the sea with a strong east wind that turned it into dry land. So the waters were divided,
22 ULB তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল। BSB BSB: and the Israelites went through the sea on dry ground, with walls of water on their right and on their left.
23 ULB মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৌৰণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী সকল তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল। BSB BSB: And the Egyptians chased after them—all Pharaoh’s horses, chariots, and horsemen—and followed them into the sea.
24 ULB কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে। BSB BSB: At morning watch, however, the LORD looked down on the army of the Egyptians from the pillar of fire and cloud, and He threw their camp into confusion.
25 ULB যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকাললে, আৰু অশ্বাৰোহী সকলে অতি কষ্টেৰে ৰথ চলালে। সেয়েহে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।” BSB BSB: He caused their chariot wheels to wobble, so that they had difficulty driving. “Let us flee from the Israelites,” said the Egyptians, “for the LORD is fighting for them against Egypt!”
26 ULB তাৰ পাছত যিহোৱাই মোচিক ক’লে, “মিচৰীয়া সকল, তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহী সকলৰ ওপৰলৈ যেন পুনৰায় জলসমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা।” BSB BSB: Then the LORD said to Moses, “Stretch out your hand over the sea, so that the waters may flow back over the Egyptians and their chariots and horsemen.”
27 ULB সেয়ে মোচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে, আৰু যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়া সকলে সাগৰলৈ পলাই যাওঁতে, যিহোৱাই মিচৰীয়া সকলক সাগৰৰ মাজত পেলালে। BSB BSB: So Moses stretched out his hand over the sea, and at daybreak the sea returned to its normal state. As the Egyptians were retreating, the LORD swept them into the sea.
28 ULB জলসমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী সকল, আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৌৰণৰ সকলো সৈন্যক পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল। BSB BSB: The waters flowed back and covered the chariots and horsemen—the entire army of Pharaoh that had chased the Israelites into the sea. Not one of them survived.
29 ULB ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জলসমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল। BSB BSB: But the Israelites had walked through the sea on dry ground, with walls of water on their right and on their left.
30 ULB এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে। BSB BSB: That day the LORD saved Israel from the hand of the Egyptians, and Israel saw the Egyptians dead on the shore.
31 ULB ইস্রায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে,আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে। BSB BSB: When Israel saw the great power that the LORD had exercised over the Egyptians, the people feared the LORD and believed in Him and in His servant Moses.