2 ULB যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম। BSB BSB: The LORD is my strength and my song, and He has become my salvation. He is my God, and I will praise Him, my father’s God, and I will exalt Him.
3 ULB যিহোৱা পৰাক্ৰমী বীৰ; যিহোৱা তেওঁৰ নাম। BSB BSB: The LORD is a warrior, the LORD is His name.
4 ULB তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্য সমুহক সমুদ্ৰত পেলালে। ফৌৰণৰ মনোনীত সেনাপতি সকল চুফ সাগৰত ডুবিল। BSB BSB: Pharaoh’s chariots and army He has cast into the sea; the finest of his officers are drowned in the Red Sea.
5 ULB জল সমূহে তেওঁলোকক ঢাকি ধৰিলে; শিলৰ দৰে তেওঁলোক অগাধ জলৰ ত’ললৈ গ’ল। BSB BSB: The depths have covered them; they sank there like a stone.
6 ULB হে যিহোৱা, আপোনাৰ সোঁ হাত, পৰাক্ৰমত মহিমান্বিত হ’ল; হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে। BSB BSB: Your right hand, O LORD, is majestic in power; Your right hand, O LORD, has shattered the enemy.
7 ULB আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠা সকলক বিনষ্ট কৰিছে। আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে। BSB BSB: You overthrew Your adversaries by Your great majesty. You unleashed Your burning wrath; it consumed them like stubble.
8 ULB আপোনাৰ নিশ্বাসতে জল সমূহ স্তূপাকৃত হ’ল; বৈ যোৱা জলসমূহো স্তূপাকৃত হ’ল; সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ ভাগত গোট বান্ধিলে। BSB BSB: At the blast of Your nostrils the waters piled up; like a wall the currents stood firm; the depths congealed in the heart of the sea.
9 ULB শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই লম; মোৰ হাবিয়াস তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’ BSB BSB: The enemy declared, ‘I will pursue, I will overtake. I will divide the spoils; I will gorge myself on them. I will draw my sword; my hand will destroy them.’
10 ULB কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে; তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল। BSB BSB: But You blew with Your breath, and the sea covered them. They sank like lead in the mighty waters.
11 ULB হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন? BSB BSB: Who among the gods is like You, O LORD? Who is like You—majestic in holiness, revered with praises, performing wonders?
12 ULB আপুনি আপোনাৰ সোঁ হাত মেলিলে, আৰু পৃথিৱীয়ে তেওঁলোকক গ্ৰাস কৰিলে। BSB BSB: You stretched out Your right hand, and the earth swallowed them up.
13 ULB আপুনি উদ্ধাৰ কৰা লোক সকলক আপোনাৰ দয়াৰে চলাই আনিছে; আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে। BSB BSB: With loving devotion You will lead the people You have redeemed; with Your strength You will guide them to Your holy dwelling.
14 ULB লোক সকলে শুনিব আৰু তেওঁলোক কঁপি উঠিব; ফিলিষ্টীয়া লোকসকলক ত্ৰাসে বেৰি ধৰিছে। BSB BSB: The nations will hear and tremble; anguish will grip the dwellers of Philistia.
15 ULB তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে; মোৱাবৰ সৈন্য সকল কঁপি উঠিল; কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল। BSB BSB: Then the chiefs of Edom will be dismayed; trembling will seize the leaders of Moab; those who dwell in Canaan will melt away,
16 ULB ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে। BSB BSB: and terror and dread will fall on them. By the power of Your arm they will be as still as a stone until Your people pass by, O LORD, until the people You have bought pass by.
17 ULB আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব, হে যিহোৱা, আপুনি নিবাস কৰিবলৈ যুগুত কৰা ঠাই, হে প্ৰভু, যি ধৰ্ম্মধাম আপুনি নিজৰ হাতেৰে নিৰ্ম্মাণ কৰিলে, BSB BSB: You will bring them in and plant them on the mountain of Your inheritance—the place, O LORD, You have prepared for Your dwelling, the sanctuary, O Lord, Your hands have established.
18 ULB যিহোৱাই সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব।” BSB BSB: The LORD will reign forever and ever!”
19 ULB কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহী সকলৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমালে। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল। BSB BSB: For when Pharaoh’s horses, chariots, and horsemen went into the sea, the LORD brought the waters of the sea back over them. But the Israelites walked through the sea on dry ground.
20 ULB তেতিয়া হাৰোণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল’লে; আৰু তেওঁৰ পাছে পাছে আন আন মহিলা সকলোৱেও হাতত খঞ্জৰি লৈ, নাচি নাচি ওলাই গ’ল। BSB BSB: Then Miriam the prophetess, Aaron’s sister, took a tambourine in her hand, and all the women followed her with tambourines and dancing.
21 ULB মিৰিয়মে তেওঁলোকৰ আগত গীত গালে, “তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহা-গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমুদ্ৰত পেলাই দিলে। BSB BSB: And Miriam sang back to them: “Sing to the LORD, for He is highly exalted; the horse and rider He has thrown into the sea.”
22 ULB তাৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক চূফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে, তেওঁলোকে চুৰ মৰুভূমিৰ মাজেৰে যাত্রা কৰি গ’ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনি দিন বাট গ’ল, আৰু সেই ঠাইত পানী বিচাৰি নাপালে। BSB BSB: Then Moses led Israel from the Red Sea, and they went out into the Desert of Shur. For three days they walked in the desert without finding water.
23 ULB তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে, আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে, তেওঁলোকে পান কৰিব নোৱাৰিলে; সেয়েহে তেওঁলোকে সেই ঠাইৰ নাম মাৰা (তিতা) ৰাখিলে। BSB BSB: And when they came to Marah, they could not drink the water there because it was bitter. (That is why it was named Marah.)
24 ULB সেই কাৰণে লোকসকলে মোচিক অভিযোগ কৰি ক’লে, “আমি কি পান কৰিম?” BSB BSB: So the people grumbled against Moses, saying, “What are we to drink?”
25 ULB তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ’ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে। BSB BSB: And Moses cried out to the LORD, and the LORD showed him a log. And when he cast it into the waters, they were sweetened. There the LORD made for them a statute and an ordinance, and there He tested them,
26 ULB তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়া সকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা। BSB BSB: saying, “If you will listen carefully to the voice of the LORD your God, and do what is right in His eyes, and pay attention to His commands, and keep all His statutes, then I will not bring on you any of the diseases I inflicted on the Egyptians. For I am the LORD who heals you.”
27 ULB তাৰ পাছত লোকসকল এলীমলৈ আহিল; সেই ঠাইত পানীৰ বাৰটা ভুমুক, আৰু সত্তৰ জোপা খেজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইতে পানীৰ কাষত তম্বু তৰিলে। BSB BSB: Then they came to Elim, where there were twelve springs of water and seventy palm trees, and they camped there by the waters.