1 ULB ঈশ্বৰে মোচিলৈ আৰু নিজৰ প্ৰজা ইস্ৰায়েললৈ যি যি কাৰ্য কৰিলে, বিশেষকৈ যিহোৱাই মিচৰৰ পৰা ইস্ৰায়েলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মোচিৰ শহুৰেক মিদিয়নীয়া পুৰোহিত যিথ্ৰোৱে শুনিবলৈ পালে। BSB BSB: Now Moses’ father-in-law Jethro, the priest of Midian, heard about all that God had done for Moses and His people Israel, and how the LORD had brought Israel out of Egypt.
2 ULB তেতিয়া মোচিৰ শহুৰেক যিথ্ৰোৱে, মোচিৰ ভাৰ্যা চিপ্পোৰাক, আৰু দুজন পুত্রক ঘৰলৈ পঠোৱাৰ পাছত, BSB BSB: After Moses had sent back his wife Zipporah, his father-in-law Jethro had received her,
3 ULB তেওঁৰ এজন পুত্ৰৰ নাম গেৰ্চোম, কাৰণ মোচিয়ে কৈছিল, “মই বিদেশত প্ৰবাসী হৈ আছোঁ।” BSB BSB: along with her two sons. One son was named Gershom, for Moses had said, “I have been a foreigner in a foreign land.”
4 ULB আৰু আন জন পুত্রৰ নাম ইলিয়েজৰ কাৰণ তেওঁ কৈছিল, “মোৰ পূৰ্ব্বপূৰুষৰ ঈশ্বৰে মোক সহয় কৰিছিল; আৰু তেওঁ মোক ফৌৰণৰ তৰোৱালৰ পৰা উদ্ধাৰ কৰিলে।” BSB BSB: The other son was named Eliezer, for Moses had said, “The God of my father was my helper and delivered me from the sword of Pharaoh.”
5 ULB মোচিয়ে মৰুভূমিত, ঈশ্বৰৰ পৰ্ব্বতৰ যি ঠাইত তম্বু তৰি আছিল, সেই ঠাইলৈ মোচিৰ শহুৰেক যিথ্ৰোৱে মোচিৰ ভাৰ্যা আৰু দুজন পুত্ৰক লগত লৈ আহিল। BSB BSB: Moses’ father-in-law Jethro, along with Moses’ wife and sons, came to him in the desert, where he was encamped at the mountain of God.
6 ULB তেওঁ মোচিক ক’লে, “মই তোমাৰ শহুৰ যিথ্ৰোৱে তোমাৰ ভাৰ্যা আৰু তাইৰ দুজন পুত্রক লগত লৈ তোমাৰ ওচৰলৈ আহিছোঁ।” BSB BSB: He sent word to Moses, “I, your father-in-law Jethro, am coming to you with your wife and her two sons.”
7 ULB মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ’ল,আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল’লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ’ল। BSB BSB: So Moses went out to meet his father-in-law and bowed down and kissed him. They greeted each other and went into the tent.
8 ULB তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক’লে। BSB BSB: Then Moses recounted to his father-in-law all that the LORD had done to Pharaoh and the Egyptians for Israel’s sake, all the hardships they had encountered along the way, and how the LORD had delivered them.
9 ULB যিহোৱাই মিচৰীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰি, তেওঁলোকৰ বাবে যি যি সকলো মঙ্গলৰ কৰিলে, সেই কাৰ্যবোৰৰ বাবে যিথ্ৰোৱে আনন্দ কৰিলে। BSB BSB: And Jethro rejoiced over all the good things the LORD had done for Israel, whom He had rescued from the hand of the Egyptians.
10 ULB যিথ্ৰোৱে ক’লে, “যি জনাই মিচৰীয়াসকলৰ হাতৰ পৰা, আৰু ফৰৌণৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ গৌৰব হ’ওক। BSB BSB: Jethro declared, “Blessed be the LORD, who has delivered you from the hand of the Egyptians and of Pharaoh, and who has delivered the people from the hand of the Egyptians.
11 ULB যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোক সকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল। BSB BSB: Now I know that the LORD is greater than all other gods, for He did this when they treated Israel with arrogance.”
12 ULB তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে। BSB BSB: Then Moses’ father-in-law Jethro brought a burnt offering and sacrifices to God, and Aaron came with all the elders of Israel to eat bread with Moses’ father-in-law in the presence of God.
13 ULB তাৰ পাছদিনা মোচিয়ে লোকসকলৰ সোধ-বিচাৰ কৰিবলৈ বহিল। ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকসকল তেওঁৰ চাৰিওফালে থিয় হৈ আছিল। BSB BSB: The next day Moses took his seat to judge the people, and they stood around him from morning until evening.
14 ULB মোচিয়ে লোকসকললৈ কৰা সকলো কাৰ্য দেখি তেওঁৰ শহুৰেকে তেওঁক ক’লে, “তুমি লোকসকলৰ সৈতে এয়া কি কাৰ্য কৰিছা? তুমি কিয় অকলে বহি থাকা, আৰু লোকসকল ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে তোমাৰ চাৰিওফালে থিয় হৈ থাকে?” BSB BSB: When his father-in-law saw all that Moses was doing for the people, he asked, “What is this that you are doing for the people? Why do you sit alone as judge, with all the people standing around you from morning till evening?”
15 ULB তেতিয়া মোচিয়ে তেওঁৰ শহুৰেকক ক’লে, “লোকসকলে ঈশ্বৰৰ নিৰ্দেশনৰ কথা সুধিবলৈ মোৰ ওচৰলৈ আহে। BSB BSB: “Because the people come to me to inquire of God,” Moses replied.
16 ULB যেতিয়া তেওঁলোকৰ মাজত বিবাদ হ’য়, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহে। তেতিয়া মই এজনৰ লগত আন জনৰ মীমাংসা কৰোঁ; আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ তেওঁলোকক বুজাই দিওঁ।” BSB BSB: “Whenever they have a dispute, it is brought to me to judge between one man and another, and I make known to them the statutes and laws of God.”
17 ULB তেতিয়া মোচিৰ শহুৰেকে মোচিক ক’লে, “তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়। BSB BSB: But Moses’ father-in-law said to him, “What you are doing is not good.
18 ULB এই দ্বায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব। BSB BSB: Surely you and these people with you will wear yourselves out, because the task is too heavy for you. You cannot handle it alone.
19 ULB মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা। BSB BSB: Now listen to me; I will give you some advice, and may God be with you. You must be the people’s representative before God and bring their causes to Him.
20 ULB তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কার্য তেওঁলোকক দেখুৱা। BSB BSB: Teach them the statutes and laws, and show them the way to live and the work they must do.
21 ULB তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা। BSB BSB: Furthermore, select capable men from among the people—God-fearing, trustworthy men who are averse to dishonest gain. Appoint them over the people as leaders of thousands, of hundreds, of fifties, and of tens.
22 ULB তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব। BSB BSB: Have these men judge the people at all times. Then they can bring you any major issue, but all minor cases they can judge on their own, so that your load may be lightened as they share it with you.
23 ULB তুমি যদি এইদৰে কাৰ্য কৰা, আৰু ঈশ্বৰে যদি তোমাক এইদৰে কৰিবলৈ আজ্ঞা দিয়ে, তেতিয়া তুমি সহ্য কৰিব পাৰিবা, আৰু লোকসকল সন্তুষ্ট হৈ নিজৰ ঘৰলৈ যাব পাৰিব।” BSB BSB: If you follow this advice and God so directs you, then you will be able to endure, and all these people can go home in peace.”
24 ULB সেয়ে মোচিয়ে তেওঁৰ শহুৰেকৰ কথা শুনিলে, আৰু তেওঁ কোৱাৰ দৰেই সকলো কৰিলে। BSB BSB: Moses listened to his father-in-law and did everything he said.
25 ULB মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে। BSB BSB: So Moses chose capable men from all Israel and made them heads over the people as leaders of thousands, of hundreds, of fifties, and of tens.
26 ULB তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল। BSB BSB: And they judged the people at all times; they would bring the difficult cases to Moses, but any minor issue they would judge themselves.
27 ULB তাৰ পাছত মোচিয়ে শহুৰেকক বিদায় দিলে, আৰু যিথ্রো তেওঁৰ নিজৰ দেশলৈ গুচি গ’ল। BSB BSB: Then Moses sent his father-in-law on his way, and Jethro returned to his own land.