1 ULB ইস্ৰায়েলৰ লোকসকল তৃতীয় মাহত মিচৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত, সেই দিনাই তেওঁলোক চীনয় মৰুভূমি আহি পালে। BSB BSB: In the third month, on the same day of the month that the Israelites had left the land of Egypt, they came to the Wilderness of Sinai.
2 ULB তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি চীনয় মৰুভূমিলৈ অহাৰ পাছত, মৰুভূমিত পৰ্ব্বতৰ সন্মুখত তম্বু তৰিলে। BSB BSB: After they had set out from Rephidim, they entered the Wilderness of Sinai, and Israel camped there in front of the mountain.
3 ULB মোচি ঈশ্বৰৰ ওচৰলৈ উঠি গ’ল। যিহোৱাই পৰ্ব্বতৰ পৰা তেওঁক মাত লগাই ক’লে, “তুমি যাকোবৰ বংশক আৰু ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ কোৱা: BSB BSB: Then Moses went up to God, and the LORD called to him from the mountain, “This is what you are to tell the house of Jacob and explain to the sons of Israel:
4 ULB মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ। BSB BSB: ‘You have seen for yourselves what I did to Egypt, and how I carried you on eagles’ wings and brought you to Myself.
5 ULB এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই। BSB BSB: Now if you will indeed obey My voice and keep My covenant, you will be My treasured possession out of all the nations—for the whole earth is Mine.
6 ULB মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।” BSB BSB: And unto Me you shall be a kingdom of priests and a holy nation.’ These are the words that you are to speak to the Israelites.”
7 ULB সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে। যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে। BSB BSB: So Moses went back and summoned the elders of the people and set before them all these words that the LORD had commanded him.
8 ULB সকলো লোকে একেলগে উত্তৰ দি ক’লে, “যিহোৱাই যি কৈছে, সেইবোৰ আমি কৰিম।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলে কোৱা কথা জনালে। BSB BSB: And all the people answered together, “We will do everything that the LORD has spoken.” So Moses brought their words back to the LORD.
9 ULB যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে। BSB BSB: The LORD said to Moses, “Behold, I will come to you in a dense cloud, so that the people will hear when I speak with you, and they will always put their trust in you.” And Moses relayed to the LORD what the people had said.
10 ULB যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা। BSB BSB: Then the LORD said to Moses, “Go to the people and consecrate them today and tomorrow. They must wash their clothes
11 ULB তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম। BSB BSB: and be prepared by the third day, for on the third day the LORD will come down on Mount Sinai in the sight of all the people.
12 ULB তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’ BSB BSB: And you are to set up a boundary for the people around the mountain and tell them, ‘Be careful not to go up on the mountain or touch its base. Whoever touches the mountain shall surely be put to death.
13 ULB সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে, তেওঁলৈ শিল দলিওৱা হ’ব বা কাঁড় মৰা হ’ব। পশুৱেই হওক, বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘল কৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্ব্বতৰ নামনিলৈ নামি আহিব।” BSB BSB: No hand shall touch him, but he shall surely be stoned or shot with arrows—whether man or beast, he must not live.’ Only when the ram’s horn sounds a long blast may they approach the mountain.”
14 ULB তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে। BSB BSB: When Moses came down from the mountain to the people, he consecrated them, and they washed their clothes.
15 ULB তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।” BSB BSB: “Be prepared for the third day,” he said to the people. “Do not draw near to a woman.”
16 ULB তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্ছ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে। BSB BSB: On the third day, when morning came, there was thunder and lightning. A thick cloud was upon the mountain, and a very loud blast of the ram’s horn went out, so that all the people in the camp trembled.
17 ULB মোচিয়ে ঈশ্বৰক ল’গ ধৰিবলৈ লোকসকলক তম্বুৰ পৰা উলিয়াই আনিলে; আৰু তেওঁলোক পৰ্ব্বতৰ নামনিত থিয় হ’ল। BSB BSB: Then Moses brought the people out of the camp to meet with God, and they stood at the foot of the mountain.
18 ULB যিহোৱা চিনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে। BSB BSB: Mount Sinai was completely enveloped in smoke, because the LORD had descended on it in fire. And the smoke rose like the smoke of a furnace, and the whole mountain quaked violently.
19 ULB শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে। BSB BSB: And as the sound of the ram’s horn grew louder and louder, Moses spoke and God answered him in the thunder.
20 ULB এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল। BSB BSB: The LORD descended to the top of Mount Sinai and called Moses to the summit. So Moses went up,
21 ULB যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা। BSB BSB: and the LORD said to him, “Go down and warn the people not to break through to see the LORD, lest many of them perish.
22 ULB যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমন নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।” BSB BSB: Even the priests who approach the LORD must consecrate themselves, or the LORD will break out against them.”
23 ULB মোচিয়ে যিহোৱাক ক’লে, “লোকসকল চীনয় পৰ্ব্বতৰ ওপৰলৈ আহিব নোৱাৰে; কাৰণ, আপুনি আমাক আজ্ঞা কৰিছে: ‘বিশেষভাৱে যিহোৱাৰ গৌৰৱৰ অৰ্থে পৰ্ব্বতৰ সীমা নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ’।” BSB BSB: But Moses said to the LORD, “The people cannot come up Mount Sinai, for You solemnly warned us, ‘Put a boundary around the mountain and set it apart as holy.’”
24 ULB তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি পৰ্ব্বতৰ পৰা নামি যোৱা; আৰু হাৰোণক তোমাৰ লগত লৈ আহাঁ; কিন্তু পুৰোহিত আৰু লোকসকলক সীমা অতিক্রম কৰিব নিদিবা। নহ’লে মই তেওঁলোকক আক্ৰমণ কৰিম।” BSB BSB: And the LORD replied, “Go down and bring Aaron with you. But the priests and the people must not break through to come up to the LORD, or He will break out against them.”
25 ULB সেয়ে মোচিয়ে লোকসকলৰ ওচৰলৈ নামি গ’ল, আৰু তেওঁলোকৰ আগত সেই কথা ক’লে। BSB BSB: So Moses went down to the people and spoke to them.