1 ULB তুমি দহখন পৰ্দাৰে আবাস যুগুত কৰিবা; সেই পৰ্দাৰ কাপোৰ কেইখন পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সাৰে তৈয়াৰ কৰিবা। BSB BSB: “You are to construct the tabernacle itself with ten curtains of finely spun linen, each with blue, purple, and scarlet yarn, and cherubim skillfully worked into them.
2 ULB প্ৰত্যেক খন পৰ্দা আঁঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল, এইদৰে সকলোবোৰ পৰ্দা একে জোখৰ হ’ব লাগিব। BSB BSB: Each curtain shall be twenty-eight cubits long and four cubits wide—all curtains the same size.
3 ULB পাঁচখন পৰ্দা ইখনৰ লগত সিখন একেলগে জোৰা দিব লাগিব, আৰু আন পাঁচখন পৰ্দাও একেদৰে যোৰা দিব লাগিব। BSB BSB: Five of the curtains are to be joined together, and the other five joined as well.
4 ULB প্ৰথম জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত নীলা বৰণীয়া জৰীৰ পাক লগাবা। BSB BSB: Make loops of blue material on the edge of the end curtain in the first set, and do the same for the end curtain in the second set.
5 ULB সেই প্ৰথম খন পৰ্দাৰ কিনাৰত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ কিনাৰতো পঞ্চাশটা জৰীৰ পাক লগাবা। এইদৰে কৰিবা যাতে, জৰীৰ পাক দুশাৰী মুখামুখি হ’ব। BSB BSB: Make fifty loops on one curtain and fifty loops on the end curtain of the second set, so that the loops line up opposite one another.
6 ULB সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই সেই হাঁকোটাৰে কাপোৰ দুখন ইখনৰ সৈতে সিখনক বান্ধিবা; সেইদৰে কৰিলে আবাস একলগ হ’ব। BSB BSB: Make fifty gold clasps as well, and join the curtains together with the clasps, so that the tabernacle will be a unit.
7 ULB সেই আবাস ঢাকিবলৈ তম্বুৰ দৰে ছাগলীৰ নোমেৰে পৰ্দা যুগুত কৰিবা। তুমি এঘাৰখন পৰ্দা যুগুত কৰিব লাগিব। BSB BSB: You are to make curtains of goat hair for the tent over the tabernacle—eleven curtains in all.
8 ULB প্ৰতিখন পৰ্দা দীঘলে ত্রিশ হাত আৰু বহলে চাৰি হাত হ’ব; সেই এঘাৰখন পৰ্দা একে জোখৰ হ’ব লাগিব। BSB BSB: Each of the eleven curtains is to be the same size—thirty cubits long and four cubits wide.
9 ULB পাঁচখন পৰ্দা ইখনৰ লগত সিখনক জোৰা লগাবা, আৰু আন ছয়খন পৰ্দাও ইখনৰ লগত সিখনক জোৰা লগাবা। তুমি ষষ্ঠ পৰ্দাখন দুতৰপিয়া কৰি তম্বুৰ সন্মুখত থবা। BSB BSB: Join five of the curtains into one set and the other six into another. Then fold the sixth curtain over double at the front of the tent.
10 ULB প্ৰথম জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু সেই দৰে জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিতো পঞ্চাশটা জৰীৰ পাক লগাবা। BSB BSB: Make fifty loops along the edge of the end curtain in the first set, and fifty loops along the edge of the corresponding curtain in the second set.
11 ULB পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে জৰীৰ পাক যোৰা দি তম্বু ল’গ লগাবা। তাৰ পাছত তম্বুৰ ঢাকনিৰ দৰে একেলগে যোৰা দিবা, সেয়ে এটাৰ দৰে হ’ব। BSB BSB: Make fifty bronze clasps and put them through the loops to join the tent together as a unit.
12 ULB সেই তম্বুৰ পৰ্দা কেইখনৰ পৰা ওলমি থকা আধা কাপোৰ আবাসৰ পাছফালে ওলমি থাকিব লাগিব। BSB BSB: As for the overlap that remains of the tent curtains, the half curtain that is left over shall hang down over the back of the tabernacle.
13 ULB তম্বুৰ পৰ্দা কেইখনৰ এফালে এহাত দীঘল, আৰু আনফালে এহাত দীঘল হ’ব লাগিব। তম্বুৰ বাকী থকা পৰ্দাৰ দীঘল অংশ আবাসৰ এটা ফালে ওলমি থাকিব লাগিব, আৰু আন ফালৰ ওলমি থকা অংশ আবাস ঢাকি ৰাখিব। BSB BSB: And the tent curtains will be a cubit longer on either side, and the excess will hang over the sides of the tabernacle to cover it.
14 ULB তুমি ৰঙা ৰঙ কৰা ভেড়া পোৱালীৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ যুগুত কৰিবা। তাৰ ওপৰত আন এটা আবৰণ মিহি ছামড়াৰে যুগুত কৰিবা। BSB BSB: Also make a covering for the tent out of ram skins dyed red, and over that a covering of fine leather.
15 ULB তুমি আবাসৰ বাবে চিটীম কাঠৰ থিয়কৈ তক্তা যুগুত কৰিবা। BSB BSB: You are to construct upright frames of acacia wood for the tabernacle.
16 ULB প্রতিখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল হ’ব। BSB BSB: Each frame is to be ten cubits long and a cubit and a half wide.
17 ULB প্ৰতিখন তক্তাত একে ধৰণৰ দুটা ভাগ ওলাই থকা হ’ব লাগিব; যাতে ইখন তক্তা সিখন তক্তাৰ লগত যোৰা দিব পাৰি। আবাসৰ কাৰণে এইদৰেই তক্তা তৈয়াৰ কৰিবা। BSB BSB: Two tenons must be connected to each other for each frame. Make all the frames of the tabernacle in this way.
18 ULB তুমি আবাসৰ বাবে তক্তা যুগুত কৰোঁতে, বিশখন তক্তা দক্ষিণ দিশৰ বাবে তৈয়াৰ কৰিবা। BSB BSB: Construct twenty frames for the south side of the tabernacle,
19 ULB সেই বিশখন তক্তাৰ তলত চল্লিশটা ৰূপৰ চুঙী লগাবা, এখন তক্তাৰ তলত দুটা স্তম্ভমূলৰ বাবে দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটা দুটা স্তম্ভমূলৰ বাবে দুটা দুটা চুঙী লগাবা। BSB BSB: with forty silver bases under the twenty frames—two bases for each frame, one under each tenon.
20 ULB তুমি আবাসৰ দ্বিতীয় ফালৰ উত্তৰদিশত বিশখন তক্তা তৈয়াৰ কৰিব লাগিব। BSB BSB: For the second side of the tabernacle, the north side, make twenty frames
21 ULB আৰু সেইবোৰত চল্লিশটা ৰূপৰ চুঙী লগাবা; প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটা দুটা চুঙী থাকিব। BSB BSB: and forty silver bases—two bases under each frame.
22 ULB আবাসৰ পশ্চিমদিশে পাছফালৰ বাবে ছয়খন তক্তা তৈয়াৰ কৰিবা। BSB BSB: Make six frames for the rear of the tabernacle, the west side,
23 ULB তুমি আবাসৰ পাছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিবা। BSB BSB: and two frames for the two back corners of the tabernacle,
24 ULB প্ৰত্যেক তক্তা তলৰ ফালে খোলা হৈ থাকিব, কিন্তু ওপৰফালে একেডাল আঙঠিতে যোৰা লাগি থাকিব। এইদৰেই পিছফালৰ দুয়োটা চুকৰ বাবেও হ’ব। BSB BSB: coupled together from bottom to top and fitted into a single ring. These will serve as the two corners.
25 ULB তাত আঠখন তক্তা ৰূপৰ চুঙীৰ সৈতে একেলগে থাকিব লাগিব। সৰ্ব্বমুঠ ষোল্লটা চুঙী হ’ব লাগিব। প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনখন তক্তাৰ তলতো দুটা চুঙী থাকিব। এইদৰে বাকিবোৰ তক্তাতো থাকিব লাগিব। BSB BSB: So there are to be eight frames and sixteen silver bases—two under each frame.
26 ULB তুমি আবাসৰ এটা ফালৰ তক্তাৰ বাবে চিটীম কাঠৰ ছয়ডাল পথালি ডাং বনাবা। BSB BSB: You are also to make five crossbars of acacia wood for the frames on one side of the tabernacle,
27 ULB আবাসৰ আনফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিমদিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল; চিটীম কাঠৰ পথলি ডাং বনাবা। BSB BSB: five for those on the other side, and five for those on the rear side of the tabernacle, to the west.
28 ULB তক্তাৰ মাজত থকা ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যাব। BSB BSB: The central crossbar in the middle of the frames shall extend from one end to the other.
29 ULB সেই তক্তাবোৰত সোণৰ পতা মাৰিবা, আৰু ডাংবোৰ সুমুউৱাবলৈ, সোণৰ চক্র গঢ়াবা; আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা। BSB BSB: Overlay the frames with gold and make gold rings to hold the crossbars. Also overlay the crossbars with gold.
30 ULB তোমাক পৰ্ব্বতত আবাসৰ যি আচনি দেখুউৱা হৈছিল, তুমি সেইদৰেই তাক তৈয়াৰ কৰিবা। BSB BSB: So you are to set up the tabernacle according to the pattern shown you on the mountain.
31 ULB তুমি নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দা নিপুণ শিল্পকাৰে কৰূবৰ নক্সাৰে তৈয়াৰ কৰিব লাগিব। BSB BSB: Make a veil of blue, purple, and scarlet yarn, and finely spun linen, with cherubim skillfully worked into it.
32 ULB তুমি সেই পৰ্দাবোৰ, সোণৰ পতা মৰা চিটীম কাঠৰ চাৰিটা খুটাৰ ওপৰত ওলমাই দিবা। সেই খুটাবোৰৰ হাঁকোটা সোণৰ হ’ব লাগিব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙীৰ ওপৰত থাকিব। BSB BSB: Hang it with gold hooks on four posts of acacia wood, overlaid with gold and standing on four silver bases.
33 ULB তুমি পৰ্দাবোৰ হাঁকোটাবোৰত ওলমাবা; আৰু তাৰ ভিতৰলৈ নিয়ম চন্দুকৰ সাক্ষ্য ফলি আনিবা। সেই পৰ্দাই পবিত্ৰ-স্থান আৰু অতি পবিত্ৰ-স্থানৰ মাজত প্ৰভেদ ৰাখিব। BSB BSB: And hang the veil from the clasps and place the ark of the Testimony behind the veil. So the veil will separate the Holy Place from the Most Holy Place.
34 ULB তুমি অতি পবিত্ৰ-স্থানত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থ’বা। BSB BSB: Put the mercy seat on the ark of the Testimony in the Most Holy Place.
35 ULB মেজখন পৰ্দাৰ বাহিৰত ৰাখিবা, মেজৰ বিপৰীতে আবাসৰ দক্ষিণ ফালে দীপাধাৰ ৰাখিবা, আৰু মেজখন উত্তৰফালে থ’ব লাগিব। BSB BSB: And place the table outside the veil on the north side of the tabernacle, and put the lampstand opposite the table, on the south side.
36 ULB তম্বুৰ প্রবেশ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে ফুল বছা এখন পৰ্দা যুগুত কৰিবা। BSB BSB: For the entrance to the tent, you are to make a curtain embroidered with blue, purple, and scarlet yarn, and finely spun linen.
37 ULB সেই পৰ্দা ওলমাবলৈ চিটীম কাঠৰ পাঁচটা খুঁটা যুগুত কৰিবা, আৰু সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ’ব; আৰু সেইবোৰৰ বাবে পিতলৰ পাঁচটা চুঙী সাঁচত ঢালিবা। BSB BSB: Make five posts of acacia wood for the curtain, overlay them with gold, use hooks of gold, and cast five bronze bases for them.
Select verses for actions: Enter goes to them and Escape comes back.