1 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, BSB BSB: Now the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ বংশৰ আগত এটা নিগূঢ় বাক্য প্ৰকাশ কৰা আৰু এটা দৃষ্টান্ত কোৱা। BSB BSB: “Son of man, pose a riddle; speak a parable to the house of Israel
3 ULB তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, নানা বৰণৰ পাখিৰে ভৰা, ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ কুৰৰ পক্ষীয়ে লিবানোনলৈ আহি এৰচ গছজোপাৰ আগডোখৰ লৈ গ’ল। BSB BSB: and tell them that this is what the Lord GOD says: ‘A great eagle with great wings and long pinions, full of feathers of many colors, came to Lebanon and took away the top of the cedar.
4 ULB সি তাৰ পোখাবোৰৰ মাজৰ সকলোতকৈ ওখ পোখাটি ছিঙি বাণিজ্যদেশলৈ লৈ গৈ, বেপাৰীবিলাকৰ নগৰত তাক ৰাখিলে। BSB BSB: He plucked off its topmost shoot, carried it to the land of merchants, and planted it in a city of traders.
5 ULB সি দেশৰ গুটিৰ মাজৰ এটি গুটিও লৈ উৰ্ব্বৰা মাটিত ৰুলে; সি জলসমূহৰ কাষত তাক থলে; সি বাইশী গছ হ’ব বুলি তাক ৰুলে। BSB BSB: He took some of the seed of the land and planted it in fertile soil; he placed it by abundant waters and set it out like a willow.
6 ULB পাছে সেয়ে গজি বাঢ়ি, যাৰ ডালবোৰে সেই কুৰৰ পক্ষীৰ ফাললৈ মুখ কৰিছিল, আৰু যাৰ শিপাবোৰ তাৰ তলত আছিল, এনে চাপৰ আৰু ব্যাপি যোৱা এডাল দ্ৰাক্ষালতা হ’ল; সেয়ে এইদৰে দ্ৰাক্ষালতা হৈ ডাল মেলিলে আৰু পোখালে। BSB BSB: It sprouted and became a spreading vine, low in height, with branches turned toward him; yet its roots remained where it stood. So it became a vine and yielded branches and sent out shoots.
7 ULB ডাঙৰ ডেউকা আৰু বহুত পাখি থকা আন এটা কুৰৰ পক্ষী আছিল; আৰু চোৱা, সি পানী দিবৰ নিমিত্তে, এই দ্ৰাক্ষালতাই নিজকে ৰোৱা ভেটিৰ পৰা তাৰ ফাললৈ শিপা মেলিলে, আৰু তাৰ ফাললৈ ডালবোৰ ঢাল খুৱালে। BSB BSB: But there was another great eagle with great wings and many feathers. And behold, this vine bent its roots toward him. It stretched out its branches to him from its planting bed, so that he might water it.
8 ULB সেয়ে ডাল মেলি আৰু ফল ধৰি উত্তম দ্ৰাক্ষালতা হ’বৰ নিমিত্তে, বহু জলসমূহৰ ওপৰত সুন্দৰ মাটিত তাক ৰোৱা হৈছিল। BSB BSB: It had been planted in good soil by abundant waters in order to yield branches and bear fruit and become a splendid vine.’
9 ULB তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, সেয়ে উন্নতি লাভ কৰিব নে? সেয়ে শুকাবৰ নিমিত্তে, নতুনকৈ ওলোৱা তাৰ আটাই পাত লেৰেলা পৰিবৰ নিমিত্তে তেওঁ জানো তাৰ শিপাবোৰ নুঘালিব, আৰু তাৰ গুটিবোৰ নাকাটিব? তাৰ শিপাই সৈতে তাক উঘালিবলৈ অধিক বল কি অনেক মানুহ নালাগিব। BSB BSB: So you are to tell them that this is what the Lord GOD says: ‘Will it flourish? Will it not be uprooted and stripped of its fruit so that it shrivels? All its foliage will wither! It will not take a strong arm or many people to pull it up by its roots.
10 ULB চোৱা, সেয়ে ৰোপিত হ’লেও উন্নতি লাভ কৰিব নে? পূৱৰ বতাহ তাত লগা মাত্ৰে সেয়ে একেবাৰে নুশুকাবনে? সেযে গজা ভেটিতে শুকাই যাব। BSB BSB: Even if it is transplanted, will it flourish? Will it not completely wither when the east wind strikes? It will wither on the bed where it sprouted.’”
11 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, BSB BSB: Then the word of the LORD came to me, saying,
12 ULB তুমি সেই বিদ্ৰোহী বংশক কোৱা, এইবোৰৰ অৰ্থ কি, তাক জানো তোমালোকে নাজানা? তেওঁবিলাকক কোৱা, চোৱা, বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজা আৰু তাৰ অধ্যক্ষবিলাকক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ গ’ল। BSB BSB: “Now say to this rebellious house: ‘Do you not know what these things mean?’ Tell them, ‘Behold, the king of Babylon came to Jerusalem, carried off its king and officials, and brought them back with him to Babylon.
13 ULB আৰু তেওঁ ৰাজবংশীয় এজনক লৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। BSB BSB: He took a member of the royal family and made a covenant with him, putting him under oath. Then he carried away the leading men of the land,
14 ULB ৰাজ্যখন যেন সামান্য হয়, নিজকে যেন বৰ বুলি নামানে, কিন্তু তেওঁৰ নিয়মটি পালন কৰাৰ দ্বাৰাই যেন থাকিব পাৰে, এই নিমিত্তে তেওঁসেই জনক শপতৰ অধীনো কৰিলে, আৰু দেশৰ বীৰ বিলাকক লৈ গ’ল। BSB BSB: so that the kingdom would be brought low, unable to lift itself up, surviving only by keeping his covenant.
15 ULB কিন্তু তেওঁ মিচৰীয়াহঁতৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ মনেৰে মিচৰলৈ নিজ দূত পঠাই তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ জানে নিয়মটি ভাঙিও ৰক্ষা পাব? BSB BSB: But this king rebelled against Babylon by sending his envoys to Egypt to ask for horses and a large army. Will he flourish? Will the one who does such things escape? Can he break a covenant and yet escape?’
16 ULB প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, যি ৰজাই তেওঁক ৰজা পাতিলে, যেৰ শপত তেওঁ তুচ্ছ কৰিলে, আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, সেই ৰজা থকা ঠাইত বাবিলৰমাজত তেওঁৰ তাতেই তেওঁ মৰিব। BSB BSB: ‘As surely as I live,’ declares the Lord GOD, ‘he will die in Babylon, in the land of the king who enthroned him, whose oath he despised and whose covenant he broke.
17 ULB অনেক লোকক উচ্ছন্ন কৰিবলৈ হাদাম বান্ধা আৰু কোঁঠ সজা সময়ত, ফৰৌণেও তেওঁৰ পৰাক্ৰমী সৈন্যসামন্ত আৰু মহাদলে সৈতে ৰণত তেওঁৰ উপকাৰ কৰিব নোৱাৰিব। BSB BSB: Pharaoh with his mighty army and vast horde will not help him in battle, when ramps are built and siege walls constructed to destroy many lives.
18 ULB কিয়নো তেওঁ নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাত যোৰ কৰাৰ পাছেও, এই আটাই কাৰ্য্য কৰিলে; তেওঁ ৰক্ষা নাপাব। BSB BSB: He despised the oath by breaking the covenant. Seeing that he gave his hand in pledge yet did all these things, he will not escape!’
19 ULB এই কাৰণে প্ৰভূ যিহোৱাই এই কথা কৈছে,মোৰ জীৱনৰ শপত, তেওঁ তুচ্ছ কৰা মোৰ শপতটোৰ আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ ফল মই নিশ্চয়ে তেওঁৰ মূৰত ফলিওৱাম। BSB BSB: Therefore this is what the Lord GOD says: ‘As surely as I live, I will bring down upon his head My oath that he despised and My covenant that he broke.
20 ULB আৰু মই তেওঁৰ ওপৰত মোৰ জাল মেলিম, আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব; তাতে মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ নিমিত্তে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম। BSB BSB: I will spread My net over him and catch him in My snare. I will bring him to Babylon and execute judgment upon him there for the treason he committed against Me.
21 ULB তেওঁৰ সকলো দলৰ আটাই পলৰীয়া লোক তৰোৱালত মৰা পৰিব, আৰু অৱশিষ্টবোৰক চাৰিওফালে বায়ুত উড়ুৱাই দিয়া যাব; তাতে মই যিহোৱায়েই যে এই কথা কলোঁ, তাক তোমালোতকে জানিবা। BSB BSB: All his choice troops will fall by the sword, and those who survive will be scattered to every wind. Then you will know that I, the LORD, have spoken.’
22 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম। BSB BSB: This is what the Lord GOD says: ‘I will take a shoot from the lofty top of the cedar, and I will set it out. I will pluck a tender sprig from its topmost shoots, and I will plant it on a high and lofty mountain.
23 ULB ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰোম; তাতে সি ডাল মেলি ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব, আৰু সকলো বিধৰ চৰায়ে তাৰ তলত বাস কৰিব, তাৰ ডালবোৰৰ ছাঁতেই সিহঁতে বাস কৰিব। BSB BSB: I will plant it on the mountain heights of Israel so that it will bear branches; it will yield fruit and become a majestic cedar. Birds of every kind will nest under it, taking shelter in the shade of its branches.
24 ULB আৰু মই যিহোৱায়েই যে ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ, কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ, ইয়াক পথাৰৰ আটাইবোৰ গছে জানিব মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম। BSB BSB: Then all the trees of the field will know that I am the LORD. I bring the tall tree down and make the low tree tall. I dry up the green tree and make the withered tree flourish. I, the LORD, have spoken, and I have done it.’”
Select verses for actions: Enter goes to them and Escape comes back.