1 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Again the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, দুজনী তিৰোতা আছিল; সিহঁত একেজনী মাকৰে জীয়েক। BSB BSB: “Son of man, there were two women, daughters of the same mother,
3 ULB সিহঁতে মিচৰত বেশ্যাকৰ্ম্ম কৰিছিল, যৌৱন কালতেই বেশ্যাকৰ্ম্ম কৰিছিল; তাত সিহঁতৰ পিয়াহ মোচৰা হৈছিল আৰু তাত সিহঁতৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল। BSB BSB: and they played in Egypt, prostituting themselves from their youth. Their breasts were fondled there, and their virgin bosoms caressed.
4 ULB সিহঁতৰ মাজৰ বৰ জনীৰ নাম অহলা তম্বু , আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা তাইৰ মাজত মোৰ তম্বু ; সিহঁত মোৰ হ’ল আৰু সিহঁতে পো-জী প্ৰসৱ কৰিলে। সিহঁতৰ নামে এই বুজায়, অহলা চমৰীয়া, আৰু অহলীবা যিৰূচালেম। BSB BSB: The older was named Oholah, and her sister was named Oholibah. They became Mine and gave birth to sons and daughters. As for their identities, Oholah is Samaria, and Oholibah is Jerusalem.
5 ULB অহলা মোৰ হৈয়ো, তাই বেশ্যাকৰ্ম্ম কৰিলে; নীলবস্ত্ৰ পিন্ধা, দেশাধিপতি আৰু শাসনকৰ্ত্তা হোৱা তাইৰ ওচৰ-চুবুৰীয়া অচূৰ দেশৰ প্ৰেমকাৰীবোৰত তাই আসক্ত হ’ল; BSB BSB: Oholah prostituted herself while she was still Mine. She lusted after her lovers, the Assyrians—warriors
6 ULB সিহঁত সকলোৱেই মনোহৰ যুৱা, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী। BSB BSB: clothed in blue, governors and commanders, all desirable young men, horsemen mounted on steeds.
7 ULB তাই সিহঁতে সৈতে বেশ্যাকৰ্ম্ম কৰিলে; সিহঁত আটাইবোৰ অচূৰৰ মনোনীত লোক; আৰু তাই যিবোৰত আসক্ত হ’ল, সিহঁতৰ আটাই মুৰ্ত্তিৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে। BSB BSB: She offered sexual favors to all the elite of Assyria. She defiled herself with all the idols of those for whom she lusted.
8 ULB মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাই; কিয়নো তাইৰ যৌৱন কালত সিহঁতেই তাইৰ লগত শয়ন কৰি, তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু সিহঁতে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম্ম কৰিছিল। BSB BSB: She did not give up the prostitution she began in Egypt, when men slept with her in her youth, caressed her virgin bosom, and poured out their lust upon her.
9 ULB এই হেতুকে মই তাইৰ প্ৰেমকাৰীবোৰৰ, তাই আসক্ত হোৱা অচূৰীয়াহঁতৰ হাতত তাইক শোধাই দিলোঁ। BSB BSB: Therefore I delivered her into the hands of her lovers, the Assyrians for whom she lusted.
10 ULB সিহঁতে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে, তাইৰ পো-জী বিলাকক নিলে আৰু তাইক তৰোৱালেৰে বধ কৰিলে; এইদৰে তাই তিৰোতাবিলাকৰ মাজত দৃষ্টান্তস্বৰূপা হ’ল আৰু দণ্ড ভোগ কৰিলে। BSB BSB: They exposed her nakedness, seized her sons and daughters, and put her to the sword. Thus she became a byword among women, and they executed judgment against her.
11 ULB তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত, আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্ম্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল। BSB BSB: Her sister Oholibah saw this, yet in her lust and prostitution she was more depraved than her sister.
12 ULB অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাবিলাকত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াহঁতত তাই আসক্ত হ’ল; BSB BSB: She too lusted after the Assyrians—governors and commanders, warriors dressed in splendor, horsemen riding on steeds, all desirable young men.
13 ULB সিহঁত সকলোৱেই মনোহৰ যুৱা। আৰু মই দেখিলোঁ, তাই অশুচি হ’ল; দুয়ো জনীয়ে একে পথ ললে। BSB BSB: And I saw that she too had defiled herself; both of them had taken the same path.
14 ULB তাই নিজ বেশ্যালি বঢ়ালে; কিয়নো তাই, দেৱালত অঁকা পুৰুষবিলাকক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কল্দীয়াহঁতৰ নক্সা দেখিলে; BSB BSB: But Oholibah carried her prostitution even further. She saw the men portrayed on the wall, images of the Chaldeans, engraved in vermilion,
15 ULB সিহঁতৰ ককাঁলত টঙালি বন্ধা, মূৰত ওলোমাই পাগুৰী মৰা; সিহঁত সকলোৱেই দেখিবলৈ সেনাপতিৰ নিচিনা, যি বাবিলীয়াহঁতৰ জন্মদেশ কল্দীয়া, সেই বাবিলীয়াহঁত যেন দেখা যায়। BSB BSB: wearing belts on their waists and flowing turbans on their heads; all of them looked like officers of the Babylonians in Chaldea, the land of their birth.
16 ULB তাই সিহঁতক দেখিয়েই সিহঁতত আসক্ত হ’ল আৰু কল্দীয়া দেশলৈ সিহঁতৰ গুৰিলৈ দূত পঠালে। BSB BSB: At the sight of them, she lusted for them and sent messengers to them in Chaldea.
17 ULB তাতে বাবিলীয়াহঁতে তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্ম্মেৰে তাইক অশুচি কৰিলে; তাতে, তাই সিহঁতৰ দ্বাৰাই কলুষিত হ’লত তাইৰ মনত সিহঁতলৈ ঘিণ লাগিল। BSB BSB: Then the Babylonians came to her, to the bed of love, and in their lust they defiled her. But after she had been defiled by them, she turned away in disgust.
18 ULB এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে; তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল। BSB BSB: When Oholibah openly prostituted herself and exposed her nakedness, I turned away from her in disgust, just as I had turned away from her sister.
19 ULB তথাপি তাই মিচৰ দেশত বেশ্যাকৰ্ম্ম কৰা নিজ যৌৱন কাল সোঁৱৰণ কৰি নিজৰ বেশ্যালি বৃদ্ধি কৰিলে। BSB BSB: Yet she multiplied her promiscuity, remembering the days of her youth, when she had prostituted herself in the land of Egypt
20 ULB গাধৰ মাংসৰ নিচিনা মাংস থকা, আৰু ঘোঁৰাৰ বীৰ্য্যৰ নিচিনা বীৰ্য্য থকা তাইৰ উপপতিবোৰত তাই আসক্ত হ’ল। BSB BSB: and lusted after their lovers, whose genitals were like those of donkeys and whose emission was like that of stallions.
21 ULB যৌৱন কালৰ পিয়াহ বুলি মিচৰীয়াহঁতে তোমাৰ পিয়াহৰ মূৰ টিপা সময়ত হোৱা তোমাৰ যৌৱন কালৰ ব্যভিচাৰ এইদৰে পুনৰায় কৰিবলৈ তুমি চেষ্টা কৰিলা। BSB BSB: So you revisited the indecency of your youth, when the Egyptians caressed your bosom and pressed your young breasts.
22 ULB এই হেতুকে হে অহলীবা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, তোমাৰ মনত যি প্ৰেমকাৰী -বোৰলৈ ঘিণ লাগিল, মই সিহঁতক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে সিহঁতক আনিম। BSB BSB: Therefore, Oholibah, this is what the Lord GOD says: ‘I will incite your lovers against you, those from whom you turned away in disgust. And I will bring them against you from every side—
23 ULB বাবিলীয়া আৰু আটাই কল্দীয়াহঁতক, পকোদ, চোৱা আৰু কোৱাক আৰু সিহঁতে সৈতে আটাই অচূৰীয়াহঁতক মই আনিম; সিহঁত সকলোৱেই মনোহৰ যুৱা, দেশাধিপতি আৰু শাসনকৰ্ত্তা; সিহঁত সেনাপতি আৰু বিখ্যাত লোক; সিহঁত আটাইবোৰ অশ্বাৰোহী। BSB BSB: the Babylonians and all the Chaldeans, the men of Pekod, Shoa, and Koa, and all the Assyrians with them—all desirable young men, governors and commanders, officers and men of renown, mounted on horses.
24 ULB সিহঁতে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী, আৰু লোকসমূহে সৈতে তোমাৰ বিৰুদ্ধে আহিব; সিহঁতে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব; মই সিহঁতৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তাতে সিহঁতে সিহঁতৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব। BSB BSB: They will come against you with a host of peoples, with weapons, chariots, and wagons. They will array themselves against you on every side with buckler and shield and helmet. I will delegate judgment to them, and they will punish you according to their own standards.
25 ULB আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্জালা প্ৰজ্বলিত কৰিম; তাতে সিহঁতে তোমালৈ ক্ৰোধ কৰিব, তোমাৰ নাক আৰু কাণ কাটিব, আৰু তোমাৰ অৱশিষ্ট ভাগ তোমাৰ তৰোৱালৰ দ্বাৰাই পতিত হ’ব; সিহঁতে তোমাৰ পো-জীবোৰক নিব আৰু তোমাৰ অৱশিষ্ট ভাগ জুইত পোৰা হ’ব। BSB BSB: And I will set My jealous rage against you, and they will deal with you in fury. They will cut off your noses and ears, and your survivors will fall by the sword. They will seize your sons and daughters, and your remnant will be consumed by fire.
26 ULB সিহঁতে তোমাক উলঙ্গও কৰিব; আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব। BSB BSB: They will strip off your clothes and take your fine jewelry.
27 ULB এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ, আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নাইকিয়া কৰিম; তাতে তুমি সিহঁতলৈ আৰু চকু তুলি নাচাবা, নাইবা মিচৰলৈ আৰু সোঁৱৰণ নকৰিবা। BSB BSB: So I will put an end to your indecency and prostitution, which began in the land of Egypt, and you will not lift your eyes to them or remember Egypt anymore.’
28 ULB কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, তুমি হিংসা কৰাবোৰৰ হাতত, যিবোৰলৈ তোমাৰ মনত ঘিণ লাগিল, সিহঁতৰেই হাতত মই তোমাক শোধাই দিম। BSB BSB: For this is what the Lord GOD says: ‘Surely I will deliver you into the hands of those you hate, from whom you turned away in disgust.
29 ULB সিহঁতে তোমাক হিংসা কৰিব, তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব, আৰু তোমাক উলঙ্গিনী ও বিবস্ত্ৰতা কৰি এৰিব; তাতে তোমাৰ বেশ্যাকৰ্ম্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব। BSB BSB: They will treat you with hatred, take all for which you have worked, and leave you naked and bare, so that the shame of your prostitution will be exposed. Your indecency and promiscuity
30 ULB তুমি বেশ্যাহৈ জাতিবিলাকৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি সিহঁতৰ মুৰ্ত্তিবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য্য তোমালৈ কৰা যাব। BSB BSB: have brought these things upon you, because you have prostituted yourself with the nations and defiled yourself with their idols.
31 ULB তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম। BSB BSB: Because you have followed the path of your sister, I will put her cup into your hand.’
32 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা; সেই পান পাত্ৰত বহুত ধৰে। BSB BSB: This is what the Lord GOD says: ‘You will drink your sister’s cup, a cup deep and wide. It will bring scorn and derision, for it holds so much.
33 ULB তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণা হ’বা; তোমাৰ বায়েৰা চমৰিয়াৰ পানপাত্ৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ। BSB BSB: You will be filled with drunkenness and grief, with a cup of devastation and desolation, the cup of your sister Samaria.
34 ULB তুমি তাত পান কৰিবা, চুঁচি খাবা, তাৰ খোলাবোৰ চোবাবা, আৰু স্তন বিদাৰিবা; কিয়নো, প্ৰভূ যিহোৱাই কৈছে, ময়েই ইয়াক কলোঁ। BSB BSB: You will drink it and drain it; you will dash it to pieces, and tear your breasts. For I have spoken,’ declares the Lord GOD.
35 ULB এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই নিমিত্তে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্ম্মৰ ফল ভোগ কৰিবা। BSB BSB: Therefore this is what the Lord GOD says: ‘Because you have forgotten Me and have cast Me behind your back, you must bear the consequences of your indecency and prostitution.’”
36 ULB যিহোৱাই মোক আৰু ক’লে হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ নকৰা নে? তেন্তে সিহঁতৰ ঘিণলগীয়া কাৰ্য্যবোৰ সিহঁতক বুজুউৱা। BSB BSB: Then the LORD said to me: “Son of man, will you pass judgment against Oholah and Oholibah? Then declare to them their abominations.
37 ULB কিয়নো সিহঁতে ব্যভিচাৰ কৰিলে, আৰু সিহঁতৰ হাতত তেজ লাগি আছে; সিহঁতে সিবিলাকৰ মুৰ্ত্তিবোৰে সৈতে ব্যভিচাৰ কৰিলে, আৰু সিহঁতে মোৰ নিমিত্তে প্ৰসৱ কৰা সিহঁতৰ সন্তানবিলাক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে। BSB BSB: For they have committed adultery, and blood is on their hands. They have committed adultery with their idols. They have even sacrificed their children, whom they bore to Me, in the fire as food for their idols.
38 ULB সিহঁতে মোলৈ এইটোও কৰিলে, যে, সিহঁতে সেই দিনাই মোৰ ধৰ্ম্মধাম অশুচি কৰিলে, আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। BSB BSB: They have also done this to Me: On that very same day, they defiled My sanctuary and profaned My Sabbaths.
39 ULB কিয়নো, সিহঁতে সিবিলাকৰ মুৰ্ত্তিবোৰৰ উদ্দেশ্যে নিজ নিজ সন্তানবিলাকক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্ম্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে; চোৱা, মোৰ গৃহৰ মাজতে সিহঁতে এই প্ৰকাৰ কৰিলে। BSB BSB: On the very day they slaughtered their children for their idols, they entered My sanctuary to profane it. Yes, they did this inside My house.
40 ULB আৰু ইয়াৰ বাহিৰেও তোমালোক দুজনীয়ে দূৰৰ মানুহক আহিবলৈ মাতিলা, সিহঁতলৈ এজন দূত পঠোৱা হৈছিল; আৰু চোৱা; সিহঁত আহিল; সিহঁতৰ নিমিত্তে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা, আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা; BSB BSB: Furthermore, you sisters sent messengers for men who came from afar; and behold, when they arrived, you bathed for them, painted your eyes, and adorned yourself with jewelry.
41 ULB আৰু তুমি ৰাজকীয় শয্যাত বহিলা, আৰু তাৰ আগত এখন মেজ সজোৱা হ’লত তাৰ ওপৰত তুমি মোৰ ধুপ মোৰ তেল থলা। BSB BSB: You sat on a couch of luxury with a table spread before it, on which you had set My incense and My oil,
42 ULB আৰু নিশ্চিন্তে থকা লোকসমূহৰ কোলাহল তাইৰ তাত শুনা গ’ল, আৰু সামান্য শ্ৰেণীৰ মানুহবিলাকৰ লগত অৰণ্যৰ পৰা মতোৱালবোৰ অনা হ’ল; সিহঁতে সেই দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট দিলে। BSB BSB: accompanied by the sound of a carefree crowd. Drunkards were brought in from the desert along with men from the rabble, who put bracelets on your wrists and beautiful crowns on your head.
43 ULB তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, সিহঁতে তাইৰ লগত আৰু তাই সিহঁতৰ লগত এতিয়া বেশ্যাকৰ্ম্ম কৰিব। BSB BSB: Then I said of her who had grown old in adulteries: ‘Now let them use her as a prostitute, for that is all she is!’
44 ULB পাছে পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ সিহঁতে তাইত গমন কৰিলে; এইদৰে সিহঁতে সেই ব্যভিচাৰিণী তিৰোতা অহলা আৰু অহলীবাত গমন কৰিলে। BSB BSB: And they slept with her as with a prostitute; they slept with Oholah and Oholibah, those lewd women.
45 ULB মানুহে ব্যভিচাৰিণীক ও ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে ধাৰ্ম্মিকবিলাকে সিহঁত দুজনীক দণ্ড দিব; কিয়নো সিহঁত ব্যভিচাৰিণী; আৰু সিহঁতৰ হাতত তেজ লাগি আছে। BSB BSB: But righteous men will sentence them to the punishment of those who commit adultery and bloodshed, because they are adulteresses with blood on their hands.
46 ULB কাৰণ প্ৰভূ যিহোৱাই এই কথা কৈছে, মই সিহঁতৰ বিৰুদ্ধে সমাজক আনিম; আৰু মই সিহঁতক ত্ৰাসৰ বিষয় ও লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম; BSB BSB: This is what the Lord GOD says: ‘Bring a mob against them and consign them to terror and plunder.
47 ULB সমাজে সিহঁতলৈ শিল দলিয়াব, আৰু নিজ নিজ তৰোৱালেৰে সিহঁতক ডোখৰ ডোখৰ কৰিব; তেওঁবিলাকে সিহঁতৰ পো-জীবোৰক বধ কৰিব, আৰু জুই দি সিহঁতৰ ঘৰবোৰ পুৰিব। BSB BSB: The mob will stone them and cut them down with their swords. They will kill their sons and daughters and burn down their houses.
48 ULB এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম; তাতে সকলো তিৰোতাই তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য্য নকৰিবলৈ শিকিব। BSB BSB: So I will put an end to indecency in the land, and all the women will be admonished not to imitate your behavior.
49 ULB আৰু লোকবিলাকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব, আৰু তোমালোকে তোমালোকৰ মুৰ্ত্তিসম্বন্ধীয় পাপৰ ভাৰ ববা; তাতে, মই যে প্ৰভূ যিহোৱা, তাক তোমালোকে জানিবা। BSB BSB: They will repay you for your indecency, and you will bear the consequences of your sins of idolatry. Then you will know that I am the Lord GOD.’”
Select verses for actions: Enter goes to them and Escape comes back.