1 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Then the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য্য তাইক বুজুউৱা। BSB BSB: “As for you, son of man, will you judge her? Will you pass judgment on the city of bloodshed? Then confront her with all her abominations
3 ULB আৰু তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, ই কেনেকুৱা নগৰী, যে, নিজৰ সময় আহিবৰ নিমিত্তে নিজৰ মাজত ৰক্তপাত কৰে, আৰু নিজকে অশুচি কৰিবলৈ নিজৰ নিমিত্তে মুৰ্ত্তি নিৰ্ম্মান কৰে। BSB BSB: and tell her that this is what the Lord GOD says: ‘O city who brings her own doom by shedding blood within her walls and making idols to defile herself,
4 ULB হে নগৰী তুমি কৰা ৰক্তপাতত তুমি দোষী হ’লা, আৰু তুমি নিৰ্ম্মান কৰা তোমাৰ মুৰ্ত্তি -বোৰৰ দ্বাৰাই তুমি অশুচি হ’লা; আৰু তুমি কাল ওচৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈ আহিছা। এই হেতুকে মই জাতিবিলাকৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্ৰোপৰ বিষয় কৰিম। BSB BSB: you are guilty of the blood you have shed, and you are defiled by the idols you have made. You have brought your days to a close and have come to the end of your years. Therefore I have made you a reproach to the nations and a mockery to all the lands.
5 ULB হে বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নিলগত থকা সকলোৱে তোমাক বিদ্ৰূপ কৰিব। BSB BSB: Those near and far will mock you, O infamous city, full of turmoil.
6 ULB চোৱা, ইস্ৰায়েলৰ অধ্যক্ষবিলাকে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে। BSB BSB: See how every prince of Israel within you has used his power to shed blood.
7 ULB তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে; তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে। BSB BSB: Father and mother are treated with contempt. Within your walls the foreign resident is exploited, the fatherless and the widow are oppressed.
8 ULB তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা, আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা। BSB BSB: You have despised My holy things and profaned My Sabbaths.
9 ULB ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে, তোমাৰ মাজত ব্যভিচাৰ কৰে, BSB BSB: Among you are slanderous men bent on bloodshed; within you are those who eat on the mountain shrines and commit acts of indecency.
10 ULB তোমাৰ মাজত পিতৃবিলাকৰ উলঙ্গতা প্ৰকাশ কৰে, তোমাৰৰ মাজত ঋতু-স্নান হোৱা তিৰোতাক বলৎকাৰ কৰে। BSB BSB: In you they have uncovered the nakedness of their fathers; in you they violate women during their menstrual impurity.
11 ULB কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ তিৰোতাৰে সৈতে ঘিণলগীয়া কাৰ্য্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কু-কৰ্ম্মৰে অশুচি কৰে, আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলৎকাৰ কৰে। BSB BSB: One man commits an abomination with his neighbor’s wife; another wickedly defiles his daughter-in-law; and yet another violates his sister, his own father’s daughter.
12 ULB ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়; তুমি সুত আৰু বাঢ়ি লওঁতা, আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা, ইয়াক প্ৰভূ যিহোৱাই কৈছে। BSB BSB: In you they take bribes to shed blood. You engage in usury, take excess interest, and extort your neighbors. But Me you have forgotten, declares the Lord GOD.
13 ULB এই হেতুকে চোৱা, তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি কৰা ৰক্তপাতত মই হাত তালি দিছোঁ। BSB BSB: Now look, I strike My hands together against your unjust gain and against the blood you have shed in your midst.
14 ULB মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম। BSB BSB: Will your courage endure or your hands be strong in the day I deal with you? I, the LORD, have spoken, and I will act.
15 ULB মই জাতিবিলাকৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ অশৌচ দূৰ কৰিম। BSB BSB: I will disperse you among the nations and scatter you throughout the lands; I will purge your uncleanness.
16 ULB আৰু তোমাক জাতিবিলাকৰ সাক্ষাতে অপবিত্ৰ কৰা হ’ব; আৰু মই যে যিহোৱা, তাক তুমি জানিবা। BSB BSB: And when you have defiled yourself in the eyes of the nations, then you will know that I am the LORD.’”
17 ULB পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Then the word of the LORD came to me, saying,
18 ULB হে মনুষ্য সন্তান, ইস্ৰায়ল বংশ মোৰ দৃষ্টিত ভাঁজস্বৰূপ হ’ল; তেওঁবিলাক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁবিলাক ৰূপৰ ভাঁজস্বৰূপ। BSB BSB: “Son of man, the house of Israel has become dross to Me. All of them are copper, tin, iron, and lead inside the furnace; they are but the dross of silver.
19 ULB এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোক সকলোৱেই ভাঁজস্বৰূপ হোৱাৰ বাবে নিমিত্তে চোৱা, মই তোমালোকক যিৰূচালেমৰ মাজত গোটাম। BSB BSB: Therefore this is what the Lord GOD says: ‘Because all of you have become dross, behold, I will gather you into Jerusalem.
20 ULB মানুহে ৰূপ, পিতল, লোহা, সীহ আৰু বগীতাম গলাবৰ নিমিত্তে, তাৰ ওপৰত জুই ফুঁৱাবলৈ মূহীৰ মাজত তাক গোটাই দিয়াৰ নিচিনাকৈ মই তোমালোকক মোৰ ক্ৰোধত আৰু কোপত গোটাম, আৰু তোমালোকক তাত পেলাই গলাম। BSB BSB: Just as one gathers silver, copper, iron, lead, and tin into the furnace to melt with a fiery blast, so I will gather you in My anger and wrath, leave you there, and melt you.
21 ULB এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা। BSB BSB: Yes, I will gather you together and blow on you with the fire of My wrath, and you will be melted within the city.
22 ULB মূহীৰ মাজত ৰূপ গলা নিচিনাকৈ তাৰ মাজত তোমালোক গলিবা; তাতে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা। BSB BSB: As silver is melted in a furnace, so you will be melted within the city. Then you will know that I, the LORD, have poured out My wrath upon you.’”
23 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: And the word of the LORD came to me, saying,
24 ULB হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ। BSB BSB: “Son of man, say to her, ‘In the day of indignation, you are a land that has not been cleansed, upon which no rain has fallen.’
25 ULB তাৰ মাজত তাৰ ভাববাদীবোৰে চক্ৰান্ত কৰিছে; সিহঁতে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; সিহঁতে মনুষ্যক গ্ৰাস কৰে; সিহঁতে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; সিহঁতে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে। BSB BSB: The conspiracy of the princes in her midst is like a roaring lion tearing its prey. They devour the people, seize the treasures and precious things, and multiply the widows within her.
26 ULB তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; সিহঁতে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; সিহঁতে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা সিহঁতৰ চকু ঢাকে, আৰু মই সিহঁতৰ মাজত অপবিত্ৰীকৃত হ’লোঁ। BSB BSB: Her priests do violence to My law and profane My holy things. They make no distinction between the holy and the common, and they fail to distinguish between the clean and the unclean. They disregard My Sabbaths, so that I am profaned among them.
27 ULB অন্যায় লাভ কৰিবৰ নিমিত্তে ৰক্তপাত কৰিবলৈ, আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যবিলাক চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ। BSB BSB: Her officials within her are like wolves tearing their prey, shedding blood, and destroying lives for dishonest gain.
28 ULB যিহোৱাই নোকোৱাকৈয়ে প্ৰভূ যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীবোৰে কৈ, অনৰ্থক দৰ্শন দেখি, আৰু তেওঁবিলাকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁবিলাকৰ নিমিত্তে চূণেৰে লিপে। BSB BSB: Her prophets whitewash these deeds by false visions and lying divinations, saying, ‘This is what the Lord GOD says,’ when the LORD has not spoken.
29 ULB দেশৰ প্ৰজাবিলাকে উপদ্ৰপ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে, আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে। BSB BSB: The people of the land have practiced extortion and committed robbery. They have oppressed the poor and needy and have exploited the foreign resident without justice.
30 ULB আৰু মই দেশ নষ্ট নকৰিবৰ নিমিত্তে, চাৰিওফালে গড় নিৰ্ম্মান কৰিব পৰা, আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁবিলাকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ। BSB BSB: I searched for a man among them to repair the wall and stand in the gap before Me on behalf of the land, so that I should not destroy it. But I found no one.
31 ULB এই হেতুকে মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁবিলাকক সংহাৰ কৰিম; প্ৰভূ যিহোৱাই কৈছে, মই তেওঁবিলাকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁবিলাকৰ মূৰত ফলিওৱাম। BSB BSB: So I have poured out My indignation upon them and consumed them with the fire of My fury. I have brought their ways down upon their own heads, declares the Lord GOD.”
Select verses for actions: Enter goes to them and Escape comes back.