1 ULB আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছে এখন তৰ্জ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা। BSB BSB: “As for you, son of man, take a sharp sword, use it as a barber’s razor, and shave your head and beard. Then take a set of scales and divide the hair.
2 ULB নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা, আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম। BSB BSB: When the days of the siege have ended, you are to burn up a third of the hair inside the city; you are also to take a third and slash it with the sword all around the city; and you are to scatter a third to the wind. For I will unleash a sword behind them.
3 ULB আৰু তুমি তাৰে অলপ লৈ, তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা। BSB BSB: But you are to take a few strands of hair and secure them in the folds of your garment.
4 ULB পাছে তুমি তাৰে অলপ লৈ, জুইৰ মাজত পেলাই জুইত পুৰিবা; তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব। BSB BSB: Again, take a few of these, throw them into the fire, and burn them. From there a fire will spread to the whole house of Israel.
5 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, এয়ে যিৰূচালেম; মই ইয়াক জাতিবিলাকৰ মাজত স্থাপন কৰিলোঁ, আৰু ইয়াৰ চাৰিওফালে দেশবোৰ আছে। BSB BSB: This is what the Lord GOD says: ‘This is Jerusalem, which I have set in the center of the nations, with countries all around her.
6 ULB আৰু ই জাতিবিলাকতকৈয়ো অধিক দুষ্কৰ্ম্ম কৰি মোৰ শাসন-প্ৰণালীবোৰৰ বিৰুদ্ধে, আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকবিলাকতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো ইবিলাকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে হ’লে ইবিলাকে সেইবোৰত নচলিলে। BSB BSB: But she has rebelled against My ordinances more wickedly than the nations, and against My statutes worse than the countries around her. For her people have rejected My ordinances and have not walked in My statutes.’
7 ULB এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য্য নকৰিলা। BSB BSB: Therefore this is what the Lord GOD says: ‘You have been more insubordinate than the nations around you; you have not walked in My statutes or kept My ordinances, nor have you even conformed to the ordinances of the nations around you.’
8 ULB এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ময়েই তোমাৰ বিপক্ষ; আৰু মই জাতিবিলাকৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম। BSB BSB: Therefore this is what the Lord GOD says: ‘Behold, I Myself am against you, Jerusalem, and I will execute judgments among you in the sight of the nations.
9 ULB যিহক মই কেতিয়াও কৰা নাই, আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যবোৰৰ নিমিত্তে তাকেই তোমাৰ মাজত কৰিম। BSB BSB: Because of all your abominations, I will do to you what I have never done before and will never do again.
10 ULB এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব, আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম, আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম। BSB BSB: As a result, fathers among you will eat their sons, and sons will eat their fathers. I will execute judgments against you and scatter all your remnant to every wind.’
11 ULB এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে, আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্য্যেৰে তুমি মোৰ পবিত্ৰস্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম, আৰু তোমাক দয়াও নকৰিম। BSB BSB: Therefore as surely as I live, declares the Lord GOD, because you have defiled My sanctuary with all your detestable idols and abominations, I Myself will withdraw My favor; I will not look upon you with pity, nor will I spare you.
12 ULB তোমাৰ তিনি ভাগৰ এভাগলোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম, আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম। BSB BSB: A third of your people will die by plague or be consumed by famine within you, a third will fall by the sword outside your walls, and a third I will scatter to every wind and unleash a sword behind them.
13 ULB এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব, আৰু মই তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁবিলাকে জানিব, যে, মই যিহোৱাই মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ। BSB BSB: And when My anger is spent and I have vented My wrath against them, I will be appeased. And when I have spent My wrath on them, they will know that I, the LORD, in My zeal have spoken.
14 ULB ইয়াৰ বাহিৰে, আটাই পথিকবিলাকৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবিলাকৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম। BSB BSB: I will make you a ruin and a disgrace among the nations around you, in the sight of all who pass by.
15 ULB তাতে, মই ক্ৰোধত, কোপত, আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলে, তোমাৰ চাৰিওফালে থকা সেই জাতিবিলাকৰ নিমিত্তে সেই নগৰ ধিক্কাৰ, বিদ্ৰোপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ। BSB BSB: So you will be a reproach and a taunt, a warning and a horror to the nations around you, when I execute judgments against you in anger, wrath, and raging fury. I, the LORD, have spoken.
16 ULB মই সেই সময়ত তেওঁবিলাকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম, আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম। BSB BSB: When I shower you with the deadly arrows of famine and destruction that I will send to destroy you, I will intensify the famine against you and cut off your supply of food.
17 ULB মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব, আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ। BSB BSB: I will send famine and wild beasts against you, and they will leave you childless. Plague and bloodshed will sweep through you, and I will bring a sword against you. I, the LORD, have spoken.”
Select verses for actions: Enter goes to them and Escape comes back.