1 ULB এনেদৰে আকাশ-মণ্ডল আৰু পৃথিবী নির্ম্মাণ কৰা হ’ল; সেই উভয়কে সকলো প্রাণীৰে পৰিপূর্ণ কৰা হ’ল। BSB BSB: Thus the heavens and the earth were completed in all their vast array.
2 ULB ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমল আৰু সেইদিনা সকলো কাৰ্য্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে। BSB BSB: And by the seventh day God had finished the work He had been doing; so on that day He rested from all His work.
3 ULB ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্য্যৰ পৰা বিশ্ৰাম ল’লে। BSB BSB: Then God blessed the seventh day and sanctified it, because on that day He rested from all the work of creation that He had accomplished.
5 ULB তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল। BSB BSB: Now no shrub of the field had yet appeared on the earth, nor had any plant of the field sprouted, for the LORD God had not yet sent rain upon the earth, and there was no man to cultivate the ground.
6 ULB কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে। BSB BSB: But springs welled up from the earth and watered the whole surface of the ground.
8 ULB ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে। BSB BSB: And the LORD God planted a garden in Eden, in the east, where He placed the man He had formed.
9 ULB সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে। BSB BSB: Out of the ground the LORD God gave growth to every tree that is pleasing to the eye and good for food. And in the middle of the garden were the tree of life and the tree of the knowledge of good and evil.
10 ULB সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল। BSB BSB: Now a river flowed out of Eden to water the garden, and from there it branched into four headwaters:
11 ULB প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়। BSB BSB: The name of the first river is the Pishon; it winds through the whole land of Havilah, where there is gold.
12 ULB সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰও পোৱা যায়। BSB BSB: And the gold of that land is pure, and bdellium and onyx are found there.
13 ULB দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে। BSB BSB: The name of the second river is the Gihon; it winds through the whole land of Cush.
14 ULB তৃতীয় নৈখনৰ নাম হিদ্দেকেল (টাইগ্রীচ)। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ (ইউফ্রেটিচ)। BSB BSB: The name of the third river is the Tigris; it runs along the east side of Assyria. And the fourth river is the Euphrates.
15 ULB ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়। BSB BSB: Then the LORD God took the man and placed him in the Garden of Eden to cultivate and keep it.
17 ULB কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।” BSB BSB: but you must not eat from the tree of the knowledge of good and evil; for in the day that you eat of it, you will surely die.”
20 ULB মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে। BSB BSB: The man gave names to all the livestock, to the birds of the air, and to every beast of the field. But for Adam no suitable helper was found.
21 ULB সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে। BSB BSB: So the LORD God caused the man to fall into a deep sleep, and while he slept, He took one of the man’s ribs and closed up the area with flesh.
22 ULB ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। BSB BSB: And from the rib that the LORD God had taken from the man, He made a woman and brought her to him.
23 ULB তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে। BSB BSB: And the man said: “This is now bone of my bones and flesh of my flesh; she shall be called ‘woman,’ for out of man she was taken.”
25 ULB সেই সময়ত সেই মানুহ আৰু তেওঁৰ স্ত্রী দুয়োজন বিবস্ত্ৰ আছিল; কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল। BSB BSB: And the man and his wife were both naked, and they were not ashamed.