1 ULB চাৰা এশ সাতাইশ বছৰ কাল জীয়াই আছিল। এয়ে আছিল চাৰাৰ জীৱনৰ আয়ুসৰ কাল। BSB BSB: Now Sarah lived to be 127 years old.
2 ULB কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে। BSB BSB: She died in Kiriath-arba (that is, Hebron) in the land of Canaan, and Abraham went out to mourn and to weep for her.
3 ULB পাছত অব্রাহামে তেওঁৰ মৃত ভার্য্যাৰ ওচৰৰ পৰা উঠি গৈ সেই ঠাইৰ হেতৰ সন্তানসকলক ক’লে, BSB BSB: Then Abraham got up from beside his dead wife and said to the Hittites,
4 ULB “মই আপোনালোকৰ মাজত এজন বিদেশী হিচাবে বাস কৰিছোঁ। সেয়ে, দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক যাতে মই মোৰ মৃতকক কবৰ দিব পাৰো।” BSB BSB: “I am a foreigner and an outsider among you. Give me a burial site among you so that I can bury my dead.”
5 ULB তেতিয়া হেতৰ সন্তানসকলে অব্ৰাহামক উত্তৰ দি ক’লে, BSB BSB: The Hittites replied to Abraham,
6 ULB “হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ কবৰবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক কবৰ দিয়ক। আপোনাৰ মৃতকক কবৰ দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ কবৰস্থান এৰি দিবলৈ আপত্তি নকৰিব।” BSB BSB: “Listen to us, sir. You are God’s chosen one among us. Bury your dead in the finest of our tombs. None of us will withhold his tomb for burying your dead.”
7 ULB তেতিয়া অব্ৰাহামে উঠি সেই দেশৰ লোকসকলৰ অর্থাৎ হেতৰ বাসিন্দাসকলৰ আগত নতশিৰে প্ৰণিপাত কৰিলে। BSB BSB: Then Abraham rose and bowed down before the people of the land, the Hittites.
8 ULB তেওঁলোকৰ সৈতে কথা-বতৰা হৈ ক’লে, “মোৰ মৃতকৰ মৈদাম দিবলৈ তোমালোক যে সন্মত হৈছা এই কাৰণে মোৰ কথা শুনা মোৰ হৈ চোহৰৰ পুত্র ইফ্রোণৰ সৈতে আলোচনা কৰা। BSB BSB: “If you are willing for me to bury my dead,” he said to them, “listen to me, and approach Ephron son of Zohar on my behalf
9 ULB পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছো তাৰ সাক্ষী আপোনালোক হ’ব।” BSB BSB: to sell me the cave of Machpelah that belongs to him; it is at the end of his field. Let him sell it to me in your presence for full price, so that I may have a burial site.”
10 ULB তেতিয়া হেতৰ সন্তানসকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তানসকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে, BSB BSB: Now Ephron was sitting among the sons of Heth. So in the presence of all the Hittites who had come to the gate of his city, Ephron the Hittite answered Abraham,
11 ULB “নহয়, মোৰ প্ৰভু, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।” BSB BSB: “No, my lord. Listen to me. I give you the field, and I give you the cave that is in it. I give it to you in the presence of my people. Bury your dead.”
12 ULB তাতে অব্ৰাহামে সেই বাসিন্দাসকলৰ আগত নতশিৰে প্রণিপাত কৰিলে। BSB BSB: Again Abraham bowed down before the people of the land
13 ULB আৰু বাসিন্দাসকলে শুনাকৈ ইফ্ৰোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।” BSB BSB: and said to Ephron in their presence, “If you will please listen to me, I will pay you the price of the field. Accept it from me, so that I may bury my dead there.”
14 ULB তেতিয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে, BSB BSB: Ephron answered Abraham,
15 ULB “হে মোৰ প্ৰভু, মোৰ কথা শুনক, চাৰিশ চেকল ৰূপৰ মাটি; আপোনাৰ আৰু মোৰ মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ।” BSB BSB: “Listen to me, my lord. The land is worth four hundred shekels of silver, but what is that between you and me? Bury your dead.”
16 ULB পাছত অব্ৰাহামে ইফ্ৰোণৰ কথাত মান্তি হৈ, হেতৰ সন্তানসকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে। BSB BSB: Abraham agreed to Ephron’s terms and weighed out for him the price he had named in the hearing of the Hittites: four hundred shekels of silver, according to the standard of the merchants.
17 ULB মম্ৰিৰ সন্মুখত মকপেলাত ইফ্ৰোণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে, BSB BSB: So Ephron’s field at Machpelah near Mamre, the cave that was in it, and all the trees within the boundaries of the field were deeded over
18 ULB হেতৰ সন্তানসকল, তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৰে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ’ল। BSB BSB: to Abraham’s possession in the presence of all the Hittites who had come to the gate of his city.
19 ULB পাছে অব্ৰাহামে কনান দেশৰ মম্ৰিৰ অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্য্যা চাৰাক মৈদাম দিলে। BSB BSB: After this, Abraham buried his wife Sarah in the cave of the field at Machpelah near Mamre (that is, Hebron) in the land of Canaan.
20 ULB এই দৰে মৈদামৰ ঠাই অধিকাৰৰ অৰ্থে, সেই পথাৰ আৰু তাত থকা গুহাত, হেতৰ সন্তানসকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ’ল। BSB BSB: So the field and its cave were deeded by the Hittites to Abraham as a burial site.