1 ULB তাৰপাছত যাকোবে দেখিলে যে, এচৌৱে চাৰিশ মানুহ লগত লৈ আগুৱাই আহি আছে। তেওঁ তেতিয়া লেয়া, ৰাহেল, আৰু দুজনী দাসীৰ মাজত সন্তানসকলক ভাগ কৰি দিলে। BSB BSB: Now Jacob looked up and saw Esau coming toward him with four hundred men. So he divided the children among Leah, Rachel, and the two maidservants.
2 ULB দুয়োজনী দাসী আৰু তেওঁলোকৰ সন্তানসকলক তেওঁ প্রথমতে ৰাখিলে, তাৰ পাছত ৰাখিলে লেয়া আৰু তেওঁৰ সন্তানসকলক। অৱশেষত ৰাহেল আৰু যোচেফক ৰাখিলে। BSB BSB: He put the maidservants and their children in front, Leah and her children next, and Rachel and Joseph at the rear.
3 ULB তেওঁ নিজে সকলোৰে আগে আগে গ’ল। ককায়েকৰ ওচৰ নোপোৱালৈকে তেওঁ মাটিত উবুৰি হৈ সাতবাৰ প্ৰণিপাত কৰিলে। BSB BSB: But Jacob himself went on ahead and bowed to the ground seven times as he approached his brother.
4 ULB তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰপাছত দুয়োৱে কান্দিবলৈ ধৰিলে। BSB BSB: Esau, however, ran to him and embraced him, threw his arms around his neck, and kissed him. And they both wept.
5 ULB পাছত এচৌৱে চকু তুলি মহিলা আৰু সন্তানসকলক দেখি সুধিলে, “তোমাৰ লগত এওঁলোক কোন?” যকোবে ক’লে “ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ দাসক এই সকলো সন্তান দিলে।” BSB BSB: When Esau looked up and saw the women and children, he asked, “Who are these with you?” Jacob answered, “These are the children God has graciously given your servant.”
6 ULB তেতিয়া দাসী দুজনীয়ে নিজৰ সন্তানসকলৰ সৈতে আগবাঢ়ি গৈ প্ৰণিপাত কৰিলে। BSB BSB: Then the maidservants and their children approached and bowed down.
7 ULB তাৰপাছত লেয়াই তেওঁৰ সন্তানসকলক লৈ আগবাঢ়ি আহি প্ৰণিপাত কৰিলে; শেষত যোচেফ আৰু ৰাহেলেও আগুৱাই গৈ প্ৰণিপাত কৰিলে। BSB BSB: Leah and her children also approached and bowed down, and then Joseph and Rachel approached and bowed down.
8 ULB এচৌৱে ক’লে, “মই যি দলবোৰক লগ পালো, সেই সকলো কিহৰ বাবে?” যাকোবে ক’লে, “সেইবোৰ মোৰ প্ৰভুৰ দৃষ্টিত অনুগ্ৰহ পাবৰ বাবে।” BSB BSB: “What do you mean by sending this whole company to meet me?” asked Esau. “To find favor in your sight, my lord,” Jacob answered.
9 ULB তেতিয়া এচৌৱে ক’লে, “ভাই, মোৰ যথেষ্ট আছে; তোমাৰ যি আছে, সেয়া তোমালৈকে থাকক।” BSB BSB: “I already have plenty, my brother,” Esau replied. “Keep what belongs to you.”
10 ULB যাকোবে ক’লে, “নহয় নহয়, মই মিনতি কৰি কৈছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছোঁ, তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক। কিয়নো, আপুনি মোক গ্রহণ কৰিছে আৰু অৱশ্যেই মোৰ বাবে অপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে। BSB BSB: But Jacob insisted, “No, please! If I have found favor in your sight, then receive this gift from my hand. For indeed, I have seen your face, and it is like seeing the face of God, since you have received me favorably.
11 ULB বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে। BSB BSB: Please accept my gift that was brought to you, because God has been gracious to me and I have all I need.” So Jacob pressed him until he accepted.
12 ULB পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম। BSB BSB: Then Esau said, “Let us be on our way, and I will go ahead of you.”
13 ULB যাকোবে তেওঁক ক’লে, “মোৰ প্রভুৱেতো জানেই যে এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা ভেড়া-গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালীও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব। BSB BSB: But Jacob replied, “My lord knows that the children are frail, and I must care for sheep and cattle that are nursing their young. If they are driven hard for even a day, all the animals will die.
14 ULB তাতোকৈ বৰং মোৰ প্রভুৱে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।” BSB BSB: Please let my lord go ahead of his servant. I will continue on slowly, at a comfortable pace for the livestock and children, until I come to my lord at Seir.”
15 ULB এচৌৱে ক’লে, “তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ।” কিন্তু যাকোবে ক’লে, “তাৰ কি প্রয়োজন? মোৰ প্রভুৰ পৰা মই যি দয়া পাইছো, সেয়ে মোলৈ যথেষ্ট।” BSB BSB: “Let me leave some of my people with you,” Esau said. But Jacob replied, “Why do that? Let me find favor in the sight of my lord.”
16 ULB পাছত এচৌৱে সেই দিনাই চেয়ীৰৰ ফাললৈ নিজ বাটেদি উভটি গ’ল; BSB BSB: So that day Esau started on his way back to Seir,
17 ULB যাকোবে যাত্রা কৰি চুক্কোতলৈ গ’ল। তেওঁ নিজৰ কাৰণে তাত এটা ঘৰ সাজিলে আৰু তেওঁৰ পশুবোৰৰ কাৰণে আশ্রয়ৰ চালিঘৰ সাজিলে; এই নিমিত্তে সেই ঠাইৰ নাম চুক্কোৎ চালিঘৰ হ’ল। BSB BSB: but Jacob went on to Succoth, where he built a house for himself and shelters for his livestock; that is why the place was called Succoth.
18 ULB পদ্দন-অৰামৰ পৰা যাকোবে কুশলে আহি কনান দেশৰ চিখম নগৰ পালে। তাত তেওঁ নগৰৰ ওচৰত নিজৰ তম্বু তৰিলে। BSB BSB: After Jacob had come from Paddan-aram, he arrived safely at the city of Shechem in the land of Canaan, and he camped just outside the city.
19 ULB পাছত তেওঁ নিজৰ তম্বু তৰা মাতি ডোখৰ চিখিমৰ বাপেক হমোৰৰ সন্তানসকলৰ পৰা কিনি ললে। BSB BSB: And the plot of ground where he pitched his tent, he purchased from the sons of Hamor, Shechem’s father, for a hundred pieces of silver.
20 ULB সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ ৰাখিলে। BSB BSB: There he set up an altar and called it El-Elohe-Israel.