1 ULB লেয়াৰ গৰ্ভত দীনা নামেৰে যাকোবৰ যিগৰাকী ছোৱালীৰ জন্ম হৈছিল, তাই এদিন সেই ঠাইৰ ছোৱালীবোৰৰ লগত দেখা কৰিবলৈ ওলাই গৈছিল। BSB BSB: Now Dinah, the daughter Leah had borne to Jacob, went out to visit the daughters of the land.
2 ULB তেতিয়া চিখিম নামৰ সেই দেশৰ ৰজা হিব্বীয়া হমোৰৰ পুতেকে তাইক দেখা পালে। চিখিমে দীনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে। BSB BSB: When Shechem son of Hamor the Hivite, the prince of the region, saw her, he took her and lay with her by force.
3 ULB চিখিম যাকোবৰ জীয়েক দীনাৰ প্রেমত পৰি আকৰ্ষিত হৈছিল; তেওঁ দীনাক ভাল পাইছিল আৰু তাইৰ লগত মৰমেৰে কথা পাতিছিল। BSB BSB: And his soul was drawn to Dinah, the daughter of Jacob. He loved the young girl and spoke to her tenderly.
4 ULB চিখিমে নিজৰ বাপেক হমোৰক ক’লে, “আপুনি এই ছোৱালীগৰাকীক মোক বিয়া কৰাই দিয়ক।” BSB BSB: So Shechem told his father Hamor, “Get me this girl as a wife.”
5 ULB জীয়েক দীনাক যে সেই ল’ৰাজনে বেয়া ব্যৱহাৰ কৰিলে, যাকোবৰ কাণত পৰিল। সেই সময়ত যাকোবৰ পুত্ৰসকল পথাৰত পশুধন চৰাবলৈ গৈছিল; সেয়ে তেওঁলোক আহি নোপোৱালৈকে যাকোব মনে মনে থাকিল। BSB BSB: Jacob heard that Shechem had defiled his daughter Dinah, but since his sons were with his livestock in the field, he remained silent about it until they returned.
6 ULB চিখিমৰ বাপেক হমোৰ যাকোবৰে সৈতে কথা-বতৰা হ’বলৈ ওলাই আহিল। BSB BSB: Meanwhile, Shechem’s father Hamor came to speak with Jacob.
7 ULB এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, সিমান বেছিকৈ খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকৰ প্রতি বেয়া ব্যৱহাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল। BSB BSB: When Jacob’s sons heard what had happened, they returned from the field. They were filled with grief and fury, because Shechem had committed an outrage in Israel by lying with Jacob’s daughter—a thing that should not be done.
8 ULB হমোৰে তেওঁলোক সকলোকে ক’লে, “মোৰ পুত্র চিখিমে আপোনালোকৰ ছোৱালীক ভাল পায়। অনুগ্রহ কৰি তাইক আপোনালোকে মোৰ পুত্ৰলৈ বিয়া দিয়ক। BSB BSB: But Hamor said to them, “My son Shechem longs for your daughter. Please give her to him as his wife.
9 ULB ইয়াৰ দ্বাৰা আপোনালোকৰ সৈতে আমাৰ বিবাহৰ এক ব্যৱস্থা হ’ব। আপোনালোকৰ জীয়ৰী আমালৈ দিয়ক আৰু আমাৰ জীয়ৰীকো আপোনালোকে বিয়া কৰি গ্ৰহণ কৰিব পাৰিব। BSB BSB: Intermarry with us; give us your daughters and take our daughters for yourselves.
10 ULB আপোনালোকে আমাৰ মাজতে বাস কৰক। আপোনালোকৰ কাৰণে এই দেশ মুকলি হৈ আছে; ইয়াতেই থাকি বেহা বেপাৰ কৰি ঐশ্বৰ্য্যৱন্ত হওঁক।” BSB BSB: You may settle among us, and the land will be open to you. Live here, move about freely, and acquire your own property.”
11 ULB চিখিমেও দীনাৰ বাপেক আৰু ভায়েক ককায়েকসকলক ক’লে, “আপোনালোকে মোলৈ এই অনুগ্ৰহ দান কৰক; আপোনালোকে মোক যিহকে কব, মই তাকে কৰিম। BSB BSB: Then Shechem said to Dinah’s father and brothers, “Grant me this favor, and I will give you whatever you ask.
12 ULB বিয়াৰ ধন আৰু উপহাৰ হিচাবে আপোনালোকে যিহকে দাবী কৰিব, মই সেই সকলো আপোনালোকক দিম; আপোনালোকে মাথোন ছোৱালীজনীক মোৰ লগত বিয়া দিয়ক।” BSB BSB: Demand a high dowry and an expensive gift, and I will give you whatever you ask. Only give me the girl as my wife!”
13 ULB যিহেতু চিখিমে তেওঁলোকৰ ভনীয়েক দীনাক ভ্রষ্ট কৰিলে, সেয়ে যাকোবৰ পুত্রসকলে চিখিম আৰু তেওঁৰ বাপেক হমোৰক ছলনাৰে উত্তৰ দিলে। BSB BSB: But because Shechem had defiled their sister Dinah, Jacob’s sons answered him and his father Hamor deceitfully.
14 ULB তেওঁলোকে ক’লে, “আমি এনে কাম কৰিব নোৱাৰোঁ; যাৰ চুন্নৎ কৰা হোৱা নাই, এনে কাৰো লগত আমাৰ ভনীক বিয়া দিয়াটো আমাৰ বাবে অসন্মানৰ বিষয়। BSB BSB: “We cannot do such a thing,” they said. “To give our sister to an uncircumcised man would be a disgrace to us.
15 ULB কেৱল এটা কাৰ্য্য কৰিলে আমি আপোনালোকৰ কথাত মান্তি হ’ব পাৰো; সেয়া হৈছে আপোনালোকৰ প্রত্যেকজন পুৰুষে আমাৰ নিচিনাকৈ চুন্নৎ হ’ব লাগিব। BSB BSB: We will consent to this on one condition, that you become circumcised like us—every one of your males.
16 ULB তেতিয়া আমি আপোনালোকলৈ আমাৰ ছোৱালী দিম; আপোনালোকৰ ছোৱালীবোৰকো আমি গ্ৰহণ কৰিম আৰু আমি আপোনালোকৰ সৈতে নিবাস কৰি এক জাতি হ’ম। BSB BSB: Then we will give you our daughters and take your daughters for ourselves. We will dwell among you and become one people.
17 ULB কিন্তু যদি আপোনালোকে আমাৰ কথা নুশুনে আৰু চুন্নৎ হবলৈ মান্তি নহয়, তেনেহলে আমাৰ ছোৱালীক লৈ আমি ইয়াৰ পৰা গুচি যাম।” BSB BSB: But if you will not agree to be circumcised, then we will take our sister and go.”
18 ULB তেওঁলোকৰ কথাত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে সন্তোষ পালে। BSB BSB: Their offer seemed good to Hamor and his son Shechem.
19 ULB পৰিয়ালৰ সকলোতকৈ সন্মানীত ব্যক্তি যুবক চিখিমে পলম নকৰি তেওঁলোকে কোৱা কথাত সন্মতি জনালে; কাৰণ তেওঁ যাকোবৰ জীয়েকক বৰ ভাল পাইছিল। BSB BSB: The young man, who was the most respected of all his father’s household, did not hesitate to fulfill this request, because he was delighted with Jacob’s daughter.
20 ULB পাছত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে তেওঁলোকৰ নগৰৰ দুৱাৰ মুখলৈ গৈ নগৰৰ লোকসমূহৰে সৈতে কথোপকথন কৰিলে। BSB BSB: So Hamor and his son Shechem went to the gate of their city and addressed the men of their city:
21 ULB তেওঁলোকে ক’লে, “এই লোকসকল আমাৰ সৈতে মিলেৰে আছে; তেওঁলোক থাকিবৰ কাৰণে আমাৰ দেশত যথেষ্ট এক বৃস্তিত ঠাই আছে। তেওঁলোক ইয়াতেই থাকক আৰু বেহা-বেপাৰ কৰক। আমি তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাই আনিম আৰু আমাৰ ছোৱালীকো তেওঁলোকলৈ দিম। BSB BSB: “These men are at peace with us. Let them live and trade in our land; indeed, it is large enough for them. Let us take their daughters in marriage and give our daughters to them.
22 ULB কিন্তু মাথোন এটা কথাহে আছে, তেওঁলোক যেনেকৈ চুন্নৎ হোৱা লোক, আমি প্ৰত্যেক পুৰুষেও তেনেকৈ চুন্নৎ হলেহে তেওঁলোক আমাৰ কথাত আমাৰ মাজত নিবাস কৰি এক জাতি হ’বলৈ মান্তি হ’ব। BSB BSB: But only on this condition will the men agree to dwell with us and be one people: if all our men are circumcised as they are.
23 ULB তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি- অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব। BSB BSB: Will not their livestock, their possessions, and all their animals become ours? Only let us consent to them, and they will dwell among us.”
24 ULB তেতিয়া নগৰৰ সকলো মানুহে হমোৰ আৰু তেওঁৰ পুতেক চিখিমৰ কথাত মান্তি হ’ল আৰু প্ৰত্যেক পুৰুষৰ চুন্নৎ কৰা হ’ল। BSB BSB: All the men who went out of the city gate listened to Hamor and his son Shechem, and every male of the city was circumcised.
25 ULB তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে। BSB BSB: Three days later, while they were still in pain, two of Jacob’s sons (Dinah’s brothers Simeon and Levi) took their swords, went into the unsuspecting city, and slaughtered every male.
26 ULB তেওঁলোকে হমোৰ আৰু চিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰিলে আৰু চিখিমৰ ঘৰৰ পৰা দীনাক উলিয়াই আনিলে। BSB BSB: They killed Hamor and his son Shechem with their swords, took Dinah out of Shechem’s house, and went away.
27 ULB ভনীয়েকক ভ্ৰষ্ট কৰাৰ কাৰণে যাকোবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে। BSB BSB: Jacob’s other sons came upon the slaughter and looted the city, because their sister had been defiled.
28 ULB নগৰৰ ভিতৰত আৰু পথাৰত চৰি থকা তেওঁলোকৰ যিমান ভেড়া, ছাগলী, গৰু, গাধ আদি আছিল, সেই সকলো তেওঁলোকে লৈ গ’ল। BSB BSB: They took their flocks and herds and donkeys, and everything else in the city or in the field.
29 ULB তেওঁলোকে লোকসকলৰ ধন-সম্পদ, ভার্য্যা আৰু তেওঁলোকৰ শিশুসকলক বন্দী কৰি নিলে; এনেকি ঘৰত থকা বস্তুবোৰো তেওঁলোকে লুট কৰি নিলে। BSB BSB: They carried off all their possessions and women and children, and they plundered everything in their houses.
30 ULB যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰীজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।” BSB BSB: Then Jacob said to Simeon and Levi, “You have brought trouble upon me by making me a stench to the Canaanites and Perizzites, the people of this land. We are few in number; if they unite against me and attack me, I and my household will be destroyed.”
31 ULB তাতে চিমিয়োন আৰু লেবীয়ে ক’লে, “চিখিমে আমাৰ ভনীক জানো বেশ্যাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল?” BSB BSB: But they replied, “Should he have treated our sister like a prostitute?”