1 ULB তাৰপাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যি জনাই তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।” BSB BSB: Then God said to Jacob, “Arise, go up to Bethel, and settle there. Build an altar there to the God who appeared to you when you fled from your brother Esau.”
2 ULB তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা। BSB BSB: So Jacob told his household and all who were with him, “Get rid of the foreign gods that are among you. Purify yourselves and change your garments.
3 ULB তাৰপাছত, ব’লা আমি বৈৎএললৈ যাওঁহঁক; তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদি নির্ম্মাণ কৰিম, যি জনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল। BSB BSB: Then let us arise and go to Bethel. I will build an altar there to God, who answered me in my day of distress. He has been with me wherever I have gone.”
4 ULB তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে। BSB BSB: So they gave Jacob all their foreign gods and all their earrings, and Jacob buried them under the oak near Shechem.
5 ULB পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল। BSB BSB: As they set out, a terror from God fell over the surrounding cities, so that they did not pursue Jacob’s sons.
6 ULB এইদৰে যাকোব আৰু তেওঁৰ লগত থকা আনসকলো কনান দেশৰ লুজ নগৰ অৰ্থাৎ বৈৎএল গৈ পালে। BSB BSB: So Jacob and everyone with him arrived in Luz (that is, Bethel) in the land of Canaan.
7 ULB তেওঁ তাত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল-বৈৎএল বৈৎএলৰ ঈশ্বৰ ৰাখিলে, কিয়নো, তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত, ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল। BSB BSB: There Jacob built an altar, and he called that place El-bethel, because it was there that God had revealed Himself to Jacob as he fled from his brother.
8 ULB ইতিমধ্যে ৰিবেকাৰ ধাত্রী দবোৰাৰ মৃত্যু হ’ল। তেওঁক বৈৎএলৰ ওচৰত থকা এজোপা ওক গছৰ তলত কবৰ দিয়া হ’ল; সেই কাৰণে সেই ঠাইৰ নাম অল্লোন-বাখুৎ ক্ৰন্দনৰ ওক গছ হ’ল। BSB BSB: Now Deborah, Rebekah’s nurse, died and was buried under the oak below Bethel. So Jacob named it Allon-bacuth.
9 ULB পদ্দন-অৰামৰ পৰা যাকোব উভটি অহাৰ পাছত, ঈশ্বৰে তেওঁক পুনৰায় দৰ্শন দি আশীৰ্ব্বাদ কৰিলে। BSB BSB: After Jacob had returned from Paddan-aram, God appeared to him again and blessed him.
10 ULB ঈশ্বৰে তেওঁক ক’লে, “তোমাৰ নাম হৈছে যাকোব, কিন্তু তোমাক আৰু যাকোব বুলি মতা নহ’ব; তোমাৰ নাম হ’ব ইস্ৰায়েল।” এইদৰে ঈশ্বৰে তেওঁৰ নাম ইস্ৰায়েল ৰাখিলে। BSB BSB: And God said to him, “Though your name is Jacob, you will no longer be called Jacob. Instead, your name will be Israel.” So God named him Israel.
11 ULB ঈশ্বৰে তেওঁক আৰু ক’লে, “ময়েই সৰ্ব্বশক্তিমান ঈশ্বৰ; তুমি বহুবংশ হৈ বাঢ়ি বাঢ়ি যোৱা; তোমাৰ পৰা এক জাতি, এনে কি, জাতিসমূহৰ এক সমাজ গঠন হ’ব; তোমাৰ বংশত অনেক ৰজাসকলৰ জন্ম হ’ব। BSB BSB: And God told him, “I am God Almighty. Be fruitful and multiply. A nation—even a company of nations—shall come from you, and kings shall descend from you.
12 ULB মই অব্ৰাহাম আৰু ইচহাকক দিয়া দেশ তোমাক আৰু তোমাৰ পাছত তোমাৰ ভাবী-বংশকো দিম।” BSB BSB: The land that I gave to Abraham and Isaac I will give to you, and I will give this land to your descendants after you.”
13 ULB ঈশ্বৰে তেওঁৰে সৈতে কথা বতৰা হোৱা ঠাইতে তেওঁক এৰি ওপৰলৈ উঠি গ’ল। BSB BSB: Then God went up from the place where He had spoken with him.
14 ULB যাকোবে তেওঁৰে সৈতে কথা বতৰা হোৱা সেই ঠাইতে এটা শিলৰ স্তম্ভ স্থাপন কৰিলে আৰু তাৰ ওপৰত পেয় নৈবেদ্য উৎসর্গ কৰিলে। তেওঁ তাৰ ওপৰত তেলও ঢালি দিলে। BSB BSB: So Jacob set up a pillar in the place where God had spoken with him—a stone marker—and he poured out a drink offering on it and anointed it with oil.
15 ULB ঈশ্বৰে সৈতে কথা বতৰা হোৱা সেই ঠাইৰ নাম যাকোবে বৈৎএল ৰাখিলে। BSB BSB: Jacob called the place where God had spoken with him Bethel.
16 ULB তাৰ পাছত যাকোব আৰু তেওঁৰ লোকসকলে বৈৎএলৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ইফ্ৰাথ পাবলৈ কিছু বাট থাকোঁতেই ৰাহেলৰ প্ৰসৱ-বেদনা আৰম্ভ হ’ল আৰু তেওঁ বৰকৈ কষ্ট পাবলৈ ধৰিলে। BSB BSB: Later, they set out from Bethel, and while they were still some distance from Ephrath, Rachel began to give birth, and her labor was difficult.
17 ULB প্ৰসৱৰ কালত তেওঁৰ বেদনা যেতিয়া ভীষণ বাঢ়ি গ’ল, তেতিয়া ধাত্ৰীয়ে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ’ব।” BSB BSB: During her severe labor, the midwife said to her, “Do not be afraid, for you are having another son.”
18 ULB কিন্তু ৰাহেলৰ মৃত্যু হ’ল। প্ৰাণত্যাগ কৰাৰ সময়ত তেওঁ সেই পুত্ৰৰ নাম বিন-ওনী মোৰ কষ্টৰ পুত্ৰ ৰাখিলে; কিন্তু তাৰ বাপেকে হ’লে তাৰ নাম বিন্যামীন ৰাখিলে। BSB BSB: And with her last breath—for she was dying—she named him Ben-oni. But his father called him Benjamin.
19 ULB ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক কবৰ দিলে। BSB BSB: So Rachel died and was buried on the way to Ephrath (that is, Bethlehem).
20 ULB যাকোবে তেওঁৰ কবৰৰ ওপৰত এটা স্তম্ভ স্থাপন কৰিলে; সেয়া আজিও ৰাহেলৰ কবৰৰ চিহ্ন হিচাবে সেই ঠাইত আছে। BSB BSB: Jacob set up a pillar on her grave; it marks Rachel’s tomb to this day.
21 ULB তাৰ পাছত ইস্ৰায়েলে (যাকোব) তাৰ পৰা আকৌ যাত্ৰা কৰিলে। তেওঁ মিকদল-এদৰ নামৰ ঠাইখন এৰি আগবাঢ়ি গৈ তেওঁৰ তম্বু তৰিলে। BSB BSB: Israel again set out and pitched his tent beyond the Tower of Eder.
22 ULB ইস্ৰায়েলে সেই দেশত নিবাস কৰা সময়ত ৰূবেণে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগতে শয়ন কৰিলে; সেই কথা ইস্ৰায়েলৰ কাণত পৰিল। যাকোবৰ পুত্ৰ আছিল বাৰজন। BSB BSB: While Israel was living in that region, Reuben went in and slept with his father’s concubine Bilhah, and Israel heard about it. Jacob had twelve sons:
23 ULB লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবুলনৰ জন্ম হৈছিল। BSB BSB: The sons of Leah were Reuben the firstborn of Jacob, Simeon, Levi, Judah, Issachar, and Zebulun.
24 ULB ৰাহেলৰ গর্ভত তেওঁৰ পুত্র যোচেফ আৰু বিন্যামীন। BSB BSB: The sons of Rachel were Joseph and Benjamin.
25 ULB ৰাহেলৰ দাসী বিলহাৰ গর্ভত তেওঁৰ পুত্র দান আৰু নপ্তালী। BSB BSB: The sons of Rachel’s maidservant Bilhah were Dan and Naphtali.
26 ULB লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ। এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ। BSB BSB: And the sons of Leah’s maidservant Zilpah were Gad and Asher. These are the sons of Jacob, who were born to him in Paddan-aram.
27 ULB শেষত যাকোব কিৰিয়ৎ-অৰ্ব্বা অৰ্থাৎ হিব্ৰোণৰ ওচৰৰ মম্ৰি নগৰত তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্রাহাম আৰু ইচহাকে বাস কৰিছিল। BSB BSB: Jacob returned to his father Isaac at Mamre, near Kiriath-arba (that is, Hebron), where Abraham and Isaac had stayed.
28 ULB ইচহাক এশ আশী বছৰ জীয়াই আছিল। BSB BSB: And Isaac lived 180 years.
29 ULB ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক কবৰ দিলে। BSB BSB: Then he breathed his last and died and was gathered to his people, old and full of years. And his sons Esau and Jacob buried him.