1 ULB এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা পাঁচনি আৰু সেই মহা-পুৰোহিত। BSB BSB: Therefore, holy brothers, who share in the heavenly calling, set your focus on Jesus, the apostle and high priest whom we confess.
2 ULB ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোক সকলৰ প্রতি মোচি যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীচু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্রতি বিশ্বাসী আছিল। BSB BSB: He was faithful to the One who appointed Him, just as Moses was faithful in all God’s house.
3 ULB কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে BSB BSB: For Jesus has been counted worthy of greater glory than Moses, just as the builder of a house has greater honor than the house itself.
4 ULB কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ। BSB BSB: And every house is built by someone, but God is the builder of everything.
5 ULB মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসযোগ্য আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল; BSB BSB: Now Moses was faithful as a servant in all God’s house, testifying to what would be spoken later.
6 ULB কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ বিশ্বাসযোগ্য। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহত আমি সকলোৱে বিশ্বাসী হওঁ। BSB BSB: But Christ is faithful as the Son over God’s house. And we are His house, if we hold firmly to our confidence and the hope of which we boast.
7 ULB এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে: “আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা, BSB BSB: Therefore, as the Holy Spirit says: “Today, if you hear His voice,
8 ULB তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা, যেনেকৈ ইস্রায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল, মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা। BSB BSB: do not harden your hearts, as you did in the rebellion, in the day of testing in the wilderness,
9 ULB তাত তোমালোকৰ ওপৰ-পুৰুষ সকলে চল্লিশ বছৰ ধৰি মোৰ কার্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্রোহ কৰিছিল, BSB BSB: where your fathers tested and tried Me, and for forty years saw My works.
10 ULB গতিকে, মই এই জাতিত বিৰক্ত হ’লো, মই ক’লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক; তেওঁলোকে মোৰ পথ নাজানিলে; BSB BSB: Therefore I was angry with that generation, and I said, ‘Their hearts are always going astray, and they have not known My ways.’
11 ULB তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ, “এওঁলোক মোৰ বিশ্ৰামত কেতিয়াও সোমাবলৈ নাপাব।” BSB BSB: So I swore on oath in My anger, ‘They shall never enter My rest.’”
12 ULB ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজন বিশ্বাসীৰে দুষ্ট হৃদয় নহয়। BSB BSB: See to it, brothers, that none of you has a wicked heart of unbelief that turns away from the living God.
13 ULB যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক। BSB BSB: But exhort one another daily, as long as it is called today, so that none of you may be hardened by sin’s deceitfulness.
14 ULB আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী; BSB BSB: We have come to share in Christ if we hold firmly to the end the assurance we had at first.
15 ULB এই বিষয়ে ইয়াকে কোৱা হৈছে, ‘আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্রায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল’। BSB BSB: As it has been said: “Today, if you hear His voice, do not harden your hearts, as you did in the rebellion.”
16 ULB কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল? তেওঁলোক সেই সকল লোকেই নহয় নে, যি সকলক মোচিয়ে মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল? BSB BSB: For who were the ones who heard and rebelled? Were they not all those Moses led out of Egypt?
17 ULB ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰত ক্রুদ্ধ আছিল, সেই লোক সকলৰ ওপৰতে নহয় নে, যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল? BSB BSB: And with whom was God angry for forty years? Was it not with those who sinned, whose bodies fell in the wilderness?
18 ULB ঈশ্বৰে কাৰ বিৰুদ্ধে শপত খাই কৈছিল, “এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব?” যি সকল অবাধ্য, তেওঁলোকৰ বিৰুদ্ধে নহয় নে? BSB BSB: And to whom did He swear that they would never enter His rest? Was it not to those who disobeyed?
19 ULB ইয়াতে আমি দেখো যে, বিশ্বাস নকৰা বাবেই তেওঁলোক সোমাব নোৱাৰিলে। BSB BSB: So we see that it was because of their unbelief that they were unable to enter.
Select verses for actions: Enter goes to them and Escape comes back.