1 ULB প্ৰতিজন ইহুদী মহা-পুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে। BSB BSB: Every high priest is appointed from among men to represent them in matters relating to God, to offer gifts and sacrifices for sins.
2 ULB মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহা-পুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হ’ব পাৰে, যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত। BSB BSB: He is able to deal gently with those who are ignorant and misguided, since he himself is subject to weakness.
3 ULB যেনেকৈ আন লোক সকলৰ পাপৰ কাৰণে তেওঁ বলি উৎসর্গ কৰে, তেনেকৈ নিজে দুর্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসর্গ কৰা আৱশ্যক। BSB BSB: That is why he is obligated to offer sacrifices for his own sins, as well as for the sins of the people.
4 ULB মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে ল’ব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল। BSB BSB: No one takes this honor upon himself; he must be called by God, just as Aaron was.
5 ULB সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা ল’বলৈ নিজকে মনোনীত নকৰিলে। কিন্তু ঈশ্বৰেই তেওঁক ক’লে: “তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ’লো।” BSB BSB: So also Christ did not take upon Himself the glory of becoming a high priest, but He was called by the One who said to Him: “You are My Son; today I have become Your Father.”
6 ULB সেইদৰে আন এঠাইত কৈছে: “তুমি চিৰকালৰ কাৰণে মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত।” BSB BSB: And in another passage God says: “You are a priest forever in the order of Melchizedek.”
7 ULB যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে, সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ঈশ্বৰীয় ভয়ৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে। BSB BSB: During the days of Jesus’ earthly life, He offered up prayers and petitions with loud cries and tears to the One who could save Him from death, and He was heard because of His reverence.
8 ULB যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল, আৰু তাৰ মাজেদিয়েই তেওঁ বাধ্যতাৰ শিক্ষা পালে; BSB BSB: Although He was a Son, He learned obedience from what He suffered.
9 ULB এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্ৰাণৰ উৎস হ’ল; BSB BSB: And having been made perfect, He became the source of eternal salvation to all who obey Him
10 ULB আৰু মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা মহা-পুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ’ল। BSB BSB: and was designated by God as high priest in the order of Melchizedek.
11 ULB যীচুৰ বিষয়ে আমাৰ অনেক কথা ক’বলৈ আছে; কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান। BSB BSB: We have much to say about this, but it is hard to explain, because you are dull of hearing.
12 ULB ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে। BSB BSB: Although by this time you ought to be teachers, you need someone to reteach you the basic principles of God’s word. You need milk, not solid food!
13 ULB কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই। BSB BSB: For everyone who lives on milk is still an infant, inexperienced in the message of righteousness.
14 ULB কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে। BSB BSB: But solid food is for the mature, who by constant use have trained their senses to distinguish good from evil.
Select verses for actions: Enter goes to them and Escape comes back.