2 ULB ভাববাদীবিলাকে তেওঁবিলাকক যিমানে মাতিছিল, সিমানে তেওঁবিলাক তেওঁবিলাকৰ পৰা আঁতৰি গৈছিল; তেওঁবিলাকে বাল দেৱতাবোৰৰ উদ্দেশে বলিদান কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ নিমিত্তে ধূপ জ্বলাইছিল। BSB BSB: But the more I called Israel, the farther they departed from Me. They sacrificed to the Baals and burned incense to carved images.
3 ULB তথাপি মই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালো, তেওঁবিলাকক মোৰ কোলাত ললোঁ; কিন্তু মই যে তেওঁবিলাকক সুস্থ কৰিলোঁ তাক তেওঁবিলাকে নুবুজিলে। BSB BSB: It was I who taught Ephraim to walk, taking them by the arms, but they never realized that it was I who healed them.
4 ULB মই মানুহৰ যোগ্য ৰছীৰে, প্ৰেমজৰীৰে তেওঁবিলাকক টানি আনিলোঁ; আৰু মই তেওঁবিলাকলৈ, ডিঙিৰ পৰা যুৱলিখন ডাঙি গুচুউৱা মানুহ যেন হলোঁ আৰু মই মৰম কৰি তেওঁবিলাকক আহাৰ দিলোঁ। BSB BSB: I led them with cords of kindness, with ropes of love; I lifted the yoke from their necks and bent down to feed them.
5 ULB তেওঁ মিচৰ দেশলৈ উলটি নাযাব; কিন্তু অচূৰীয়া লোক তাৰ ৰজা হব, কিয়নো তেওঁবিলাক উলটি আহিবলৈ অসন্মত হল। BSB BSB: Will they not return to the land of Egypt and be ruled by Assyria because they refused to repent?
6 ULB আৰু তেওঁবিলাকৰ নগৰবোৰৰ ওপৰত তৰোৱাল পৰিব; সেয়ে তেওঁবিলাকৰ ডাংবোৰ নষ্ট কৰিব, আৰু তেওঁবিলাকৰ আলচৰ কাৰণে তেওঁবিলাকক গ্ৰাস কৰিব। BSB BSB: A sword will flash through their cities; it will destroy the bars of their gates and consume them in their own plans.
7 ULB আৰু মোৰ প্ৰজাবিলাকে মোৰ পৰা অবাটে যাবলৈ মুখ কৰে; তেওঁবিলাকক ওপৰত থকা জনাৰ ফাললৈ মাতিলেও কোনেও উধাবলৈ চেষ্টা নকৰে। BSB BSB: My people are bent on turning from Me. Though they call to the Most High, He will by no means exalt them.
9 ULB মোৰ প্ৰচণ্ড ক্ৰোধ মই সিদ্ধ নকৰিম, মই ইফ্ৰয়িমক আকৌ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ, মই তোমাৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম। BSB BSB: I will not execute the full fury of My anger; I will not destroy Ephraim again. For I am God and not man—the Holy One among you—and I will not come in wrath.
10 ULB তেওঁবিলাকে যিহোৱাৰেই পাছত চলিব; তেওঁ সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰিব; হয়, তেওঁ গৰ্জ্জন কৰিলে পশ্চিম ফালৰ পৰা সন্তানবিলাক কঁপি কঁপি আহিব। BSB BSB: They will walk after the LORD; He will roar like a lion. When He roars, His children will come trembling from the west.
11 ULB তেওঁবিলাকে কঁপি কঁপি, মিচৰ দেশৰ পৰা পক্ষীৰ নিচিনাকৈ, আৰু অচূৰ দেশৰ পৰা কপৌৰ নিচিনাকৈ আহিব; যিহোৱাই কৈছে, মই তেওঁবিলাকক নিজ নিজ ঘৰত বাস কৰাম। BSB BSB: They will come trembling like birds from Egypt and like doves from the land of Assyria. Then I will settle them in their homes, declares the LORD.
12 ULB ইফ্ৰয়িমে মিছা কথাৰে, আৰু ইস্ৰায়েল বংশই প্ৰবঞ্চনাৰে মোক বেৰিছে; আৰু যিহূদা এতিয়াও ঈশ্বৰৰ আগত, বিশ্বাসী পবিত্ৰ জনাৰেই আগত অস্থিৰ। BSB BSB: Ephraim surrounds Me with lies, the house of Israel with deceit; but Judah still walks with God and is faithful to the Holy One.