1 ULB ইফ্ৰয়িমে বায়ু আহাৰ কৰে, আৰু পূবৰ বতাহক খেদি যায়; তেওঁ অনবৰত মিছা কথা আৰু অত্যাচাৰ বঢ়ায়; তেওঁবিলাকে অচূৰে সৈতে নিয়ম বান্ধে, আৰু মিচৰলৈ তেল পঠাই দিয়ে। BSB BSB: Ephraim feeds on the wind and pursues the east wind all day long; he multiplies lies and violence; he makes a covenant with Assyria and sends olive oil to Egypt.
2 ULB যিহূদাৰ ওপৰতো যিহোৱাৰ গোচৰ আছে; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব, তেওঁৰ কাৰ্য্য অনুসাৰে তেওঁক প্ৰতিফল দিব। BSB BSB: The LORD has a charge to bring against Judah. He will punish Jacob according to his ways and repay him according to his deeds.
3 ULB গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোৱাত ধৰিছিল, আৰু নিজ শক্তিৰে ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল। BSB BSB: In the womb he grasped his brother’s heel, and in his vigor he wrestled with God.
4 ULB এনে কি, তেওঁ দূতজনাৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ সেই জনাৰ ওচৰত কান্দিলে আৰু মিনতি কৰিলে; যিহোৱাই তেওঁক বৈৎ-এলত পালে; সেই ঠাইত যিহোৱাই আমাৰে সৈতে কথা-বাৰ্ত্তা হল। BSB BSB: Yes, he struggled with the angel and prevailed; he wept and sought His favor; he found Him at Bethel and spoke with Him there—
5 ULB তেওঁ যিহোৱা, বাহিনীবিলাকৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম। BSB BSB: the LORD God of Hosts, the LORD is His name of renown.
6 ULB এই হেতুকে তুমি তোমাৰ ঈশ্বৰলৈ ঘূৰা; দয়া আৰু ন্যায় বিচাৰ পালন কৰা, আৰু অনবৰত তোমাৰ ঈশ্বৰলৈ অপেক্ষা কৰা। BSB BSB: But you must return to your God; maintain love and justice, and always wait on your God.
7 ULB ইফ্ৰয়িম এজন বেপাৰী, তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়। BSB BSB: A merchant loves to defraud with dishonest scales in his hands.
8 ULB আৰু ইফ্ৰয়িমে কৈছে, নিশ্চয়ে মই চহকী হলোঁ, নিজৰ নিমিত্তে মই ধন সম্পত্তি পালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে পাপ বুলিব পৰা মোৰ কোনো অপৰাধ নাপাব। BSB BSB: And Ephraim boasts: “How rich I have become! I have found wealth for myself. In all my labors, they can find in me no iniquity that is sinful.”
9 ULB কিন্তু মিচৰ দেশৰ পৰাই মই তোমাৰ ঈশ্বৰ যিহোৱা; মই পৰ্ব্ব-দিনৰ নিচিনাকৈ পুনৰায় তোমাক তম্বুত বাস কৰাম। BSB BSB: But I am the LORD your God ever since the land of Egypt. I will again make you dwell in tents, as in the days of the appointed feast.
10 ULB আৰু মই ভাববাদীবিলাকৰ আগত কথা কলোঁ, অনেক দৰ্শন দেখুৱালোঁ; আৰু ভাববাদীবিলাকৰ দ্বাৰাই দৃষ্টান্ত-কথা ব্যৱহাৰ কৰিলোঁ। BSB BSB: I spoke through the prophets and multiplied their visions; I gave parables through the prophets.
11 ULB গিলিয়দ অপৰাধী নহয়নে? তেওঁবিলাক সম্পূৰ্ণ অসাৰ; গিলগলত লোকবিলাকে ভতৰা বলিদান কৰে, এনে কি, তেওঁবিলাকৰ যজ্ঞ-বেদিবোৰ পথাৰৰ সীৰলুত থকা শিলৰ দ’মৰ নিচিনা। BSB BSB: Is there iniquity in Gilead? They will surely come to nothing. Do they sacrifice bulls in Gilgal? Indeed, their altars will be heaps of stones in the furrows of the field.
12 ULB যাকোব অৰাম দেশলৈ পলাই গৈছিল; ইস্ৰায়েলে এজনী ভাৰ্য্যাৰ নিমিত্তে খাটনি খাটিছিল, এজনী ভাৰ্য্যাৰ নিমিত্তে ভেড়া ৰখিছিল। BSB BSB: Jacob fled to the land of Aram and Israel worked for a wife—for a wife he tended sheep.
13 ULB যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাববাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল। BSB BSB: But by a prophet the LORD brought Israel out of Egypt, and by a prophet he was preserved.
14 ULB ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; এই হেতুকে তেওঁ কৰা ৰক্তপাতৰ দোষ তেওঁ তেওঁৰ গাতে পেলাই দিব, আৰু তেওঁ দিয়া ধিক্কাৰৰ প্ৰতিফল তেওঁৰ প্ৰভুৱে তেওঁক দিব। BSB BSB: Ephraim has provoked bitter anger, so his Lord will leave his bloodguilt upon him and repay him for his contempt.