1 ULB হে ইস্ৰায়েল, জাতিবিলাকৰ নিচিনাকৈ তুমি উল্লাসেৰে আনন্দ নকৰিবা; কিয়নো তুমি নিজ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম্ম কৰিছা, আৰু মৰণা মৰা প্ৰত্যেক খলাত, তাৰ বেচ ভাল পাইছা। BSB BSB: Do not rejoice, O Israel, with exultation like the nations, for you have played the harlot against your God; you have made love for hire on every threshing floor.
2 ULB মৰণা মৰা খলাই আৰু দ্ৰাক্ষাকুণ্ডই তেওঁবিলাকৰ পেট নভৰাব, আৰু নতুন দ্ৰক্ষাৰসে তেওঁবিলাকক বঞ্চিত কৰিব। BSB BSB: The threshing floor and winepress will not feed them, and the new wine will fail them.
3 ULB তেওঁবিলাকে যিহোৱাৰ দেশত বাস নকৰিব; কিন্তু ইফ্ৰয়িম মিচৰলৈ উলটি যাব, আৰু তেওঁবিলাকে অচূৰত অশুচি আহাৰ খাব। BSB BSB: They will not remain in the land of the LORD; Ephraim will return to Egypt and eat unclean food in Assyria.
4 ULB তেওঁবিলাকে যিহোৱাৰ উদ্দেশে দ্ৰাক্ষাৰস ঢালিবলৈ নাপাব, আৰু তেওঁবিলাকৰ বলিদানবোৰ তেওঁৰ সন্তোষজনক নহব; সেইবোৰ তেওঁবিলাকলৈ শোক কৰোঁতাবোৰৰ আহাৰস্বৰূপ; সেইবোৰ খোৱা আটাইবিলাক অশুচি হব। কিয়নো তেওঁবিলাকৰ আহাৰ, তেওঁবিলাকৰ ভোক গুচাবৰ নিমিত্তেহে হব; সেয়ে যিহোৱাৰ গৃহলৈ নাহিব। BSB BSB: They will not pour out wine offerings to the LORD, and their sacrifices will not please Him, but will be to them like the bread of mourners; all who eat will be defiled. For their bread will be for themselves; it will not enter the house of the LORD.
5 ULB তোমালোকে পৰ্ব্বৰ দিনা, যিহোৱাৰ উৎসৱৰ দিনা কি কৰিবা? BSB BSB: What will you do on the appointed day, on the day of the LORD’s feast?
6 ULB কিয়নো চোৱা, তেওঁবিলাকে তেওঁবিলাকৰ উচ্ছন্ন হোৱা দেশ এৰি গুচি গল; কিন্তু মিচৰে তেওঁবিলাকক পৰলোকলৈ গোটাব, মোফে তেওঁবিলাকক মৈদাম দিব; তেওঁবিলাকৰ ৰূপৰ মনোহৰ বস্তুবোৰ হলে চোৰাত গছে অধিকাৰ কৰিব, তেওঁবিলাকৰ তম্বুবোৰত কাঁইট গছ গজিব। BSB BSB: For even if they flee destruction, Egypt will gather them and Memphis will bury them. Their precious silver will be taken over by thistles, and thorns will overrun their tents.
7 ULB দণ্ড দিবৰ দিন উপস্থিত, প্ৰতিফলৰ দিন উপস্থিত, ইয়াক ইস্ৰায়েলে জানিব; তোমাৰ অপৰাধৰ বাহুল্যৰ কাৰণে, আৰু শত্ৰুতা অধিক হোৱাৰ নিমিত্তে ভাববাদী মূৰ্খ হল, আত্মা থকা লোক পাগল হল। BSB BSB: The days of punishment have come; the days of retribution have arrived—let Israel know it. The prophet is called a fool, and the inspired man insane, because of the greatness of your iniquity and hostility.
8 ULB মোৰ ঈশ্বৰৰ দ্বাৰাই নিযুক্ত ইফ্ৰয়িমৰ প্ৰহৰী যি ভাববাদী, তেওঁৰ সকলো পথত হলে ব্যাধৰ ফান্দ থাকে; আৰু তেওঁৰ ঈশ্বৰৰ গৃহত শত্ৰুতা আছে। BSB BSB: The prophet is Ephraim’s watchman, along with my God, yet the snare of the fowler lies on all his paths. Hostility is in the house of his God!
9 ULB তেওঁবিলাকে গিবিয়াৰ দিনৰ নিচিনাকৈ নিজকে অতিশয় ভ্ৰষ্ট কৰিলে; তেওঁ তেওঁবিলাকৰ অপৰাধ সোঁৱৰণ কৰিব, তেওঁবিলাকৰ পাপৰ প্ৰতিকাৰ সাধিব। BSB BSB: They have deeply corrupted themselves as in the days of Gibeah; He will remember their guilt; He will punish their sins.
11 ULB ইফ্ৰয়িমৰ বিষয়ে হলে, তেওঁবিলাকৰ গৌৰৱ পক্ষীৰ নিচিনাকৈ উড়ি যাব; প্ৰসৱ, গৰ্ভ, কি গৰ্ভধাৰণ নহব। BSB BSB: Ephraim’s glory will fly away like a bird, with no birth, no pregnancy, and no conception.
12 ULB যদিও তেওঁবিলাকে সন্তান ডাঙৰ-দীঘল কৰে, তথাপি এটি মানুহো অৱশিষ্ট নথকাকৈ মই তেওঁবিলাকক সন্তানহীন কৰিম; কিয়নো মই তেওঁবিলাকৰ পৰা আঁতৰ হৈ যোৱা সময়ত তেওঁবিলাকৰ সন্তাপ হব। BSB BSB: Even if they raise their children, I will bereave them of each one. Yes, woe be to them when I turn away from them!
13 ULB মই তূৰক যেনেকুৱা দেখিলোঁ, তেনেকৈ ইফ্ৰয়িমো মনোহৰ ঠাইত স্থাপিত হল; কিন্তু ইফ্ৰয়িমে হত্যাকাৰীৰ ওচৰলৈ নিজৰ সন্তানবিলাকক উলিয়াই আনিব। BSB BSB: I have seen Ephraim, like Tyre, planted in a meadow. But Ephraim will bring out his children for slaughter.
14 ULB হে যিহোৱা, তেওঁবিলাকক দিয়া; তুমি তেওঁবিলাকক কি দিবা? তেওঁবিলাকক গৰ্ভস্ৰাবী উদৰ আৰু শুকান স্তন দিয়া। BSB BSB: Give them, O LORD—what will You give? Give them wombs that miscarry and breasts that dry up!
15 ULB গিলগলত তেওঁবিলাকৰ আটাই দুষ্টতা দেখা যায়; নিশ্চয়ে সেই ঠাইতই তেওঁবিলাকলৈ মোৰ ঘিণ লাগিল। তেওঁবিলাকৰ দুষ্কৰ্ম্মৰ দুষ্টতাৰ নিমিত্তে মই মোৰ গৃহৰ পৰা তেওঁবিলাকক খেদি দিম, তেওঁবিলাকক আৰু স্নেহ নকৰিম; তেওঁবিলাকৰ আটাই প্ৰধান লোক বিদ্ৰোহী। BSB BSB: All their evil appears at Gilgal, for there I hated them. I will drive them from My house for the wickedness of their deeds. I will no longer love them; all their leaders are rebellious.
16 ULB ইফ্ৰয়িমক প্ৰহাৰ কৰা হল, তেওঁবিলাকৰ শিপা শুকাল, তেওঁবিলাকত আৰু গুটি নালাগিব; এনে কি, যদিও তেওঁবিলাকে সন্তান জন্মায়, তথাপি মই তেওঁবিলাকৰ গৰ্ভৰ মৰমৰ ফল মাৰি পেলাম। BSB BSB: Ephraim is struck down; their root is withered; they cannot bear fruit. Even if they bear children, I will slay the darlings of their wombs.
17 ULB মোৰ ঈশ্বৰে তেওঁবিলাকক অগ্ৰাহ্য কৰিব; কিয়নো তেওঁবিলাকে তেওঁলৈ কাণ নিদিলে; আৰু তেওঁবিলাকে জাতিবিলাকৰ মাজত ভ্ৰমি ফুৰিব। BSB BSB: My God will reject them because they have not obeyed Him; and they shall be wanderers among the nations.